লক্ষাধিক লোকৰ দোৱাৰে টান্টুপীৰৰ সাহেববাড়ি মাজাৰ শ্বৰিফত বাৰ্ষিক উৰুছ

Story by  atv | Posted by  [email protected] • 5 Months ago
লক্ষাধিক লোকৰ দোৱাৰে টান্টুপীৰৰ সাহেববাড়ি মাজাৰ শ্বৰিফত বাৰ্ষিক উৰুছ
লক্ষাধিক লোকৰ দোৱাৰে টান্টুপীৰৰ সাহেববাড়ি মাজাৰ শ্বৰিফত বাৰ্ষিক উৰুছ
 
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি

দক্ষিণ অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ টান্টুত থকা টান্টুপীৰৰ সাহেববাড়ি আধ্যাত্মিকতাৰ পীঠস্থান বুলি গণ্য কৰা হয়। এই ঐতিহাসিক স্থানত অকল উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, বাংলাদেশসহ বিশ্বৰ বিভিন্ন দেশৰ পৰা হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ লোক আহে। প্ৰতিবছৰে শীত কালত অনুষ্ঠিত হোৱা বাৰ্ষিক উৰুছত এইবাৰো লক্ষাধিক লোকে অংশগ্ৰহণ কৰা দেখা গৈছে। 
 
সাহেববাড়িত আছে মাজাৰ শ্বৰিফ। ইয়াত উৰুছ মজলিশৰ লগতে ইছালে চাৱালৰো আয়োজন কৰা হয়। টান্টুপীৰৰ এই সাহেববাড়িত কোনো ধৰ্মীয় বাধ্যবাধকতা নাই। সকলো ধৰ্মৰ মানুহ পীৰৰ ওচৰত আহে আৰু নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্রার্থনা কৰে। পীৰ সাহেব নিজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহক তেল, পানী আদিত ফুঁ দিয়ে আৰু সুতা দিয়ে। বৰাক উপত্যকাৰ বাহিৰৰ পৰাও দলে দলে মানুহ ইয়ালৈ আহে। 
 
প্ৰথম পীৰ সাহেব আছিল পীৰে তৰিকত, আশিকে ৰচুল, ওলিয়ে কামিল, ইছলামিক পণ্ডিত আল্লামা আব্দুল আজিজ চৌধুৰী। তেওঁ ১৯৮৪ চনত শেষ নিশ্বাস ত্যাগ কৰে। পিছত তেওঁৰ পুত্ৰ অলহাজ শাহ চুফী আতাউৰ ৰহমান চৌধুৰীয়ে সেই পৰম্পৰা ধৰি ৰাখে, কিন্তু তেওঁ ২০২০ চনত প্ৰয়াত হয় আৰু এতিয়া তেওঁৰ পুত্ৰ আব্দুল বাচিত চৌধুৰীয়ে পীৰৰ পৰম্পৰা বজাই ৰাখিছে। 
 
টান্টুপীৰ প্ৰয়াত আব্দুল আজিজ চৌধুৰী এজন দানশীল, উদাৰ আৰু জ্ঞানী ব্যক্তি আছিল আৰু তেওঁৰ নামত এলেকাত বহু শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে। টান্টু এলেকাৰ প্ৰতিষ্ঠানবোৰ হৈছে আব্দুল আজিজ চৌধুৰী অকাডেমি, পীৰ আব্দুল আজিজ চৌধুৰী হাফিজিয়া মাদ্ৰাছা, টান্টু আজুমুশশান ঈদগাহ আৰু আব্দুল আজিজ মুদাসচিৰ আহমেদ এংলো-আৰবিক চিনিয়ৰ মাদ্ৰাছা। সমগ্ৰ এলেকা উন্নয়নৰ ক্ষেত্ৰতো টান্টু পীৰৰ সাহেববাড়ি এটা উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। 
 
 
টান্টুপীৰ সাহেবৰ পিতৃ হাচন মিঞা  চৌধুৰী আৰু মাতৃ মিচিৰা বিবি খুব ধৰ্মপ্ৰাণ আৰু দানশীল-দয়াশীল মানুহ আছিল। পিতৃৰ পৰাই তেওঁ মকত্ব শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত নয়াগ্ৰাম আহমদিয়া মাদ্ৰাছাত পঢ়ি ১৯২২ চনত কলকাতাৰ টাইটেল মাদ্ৰাছাতগৈ শিক্ষা লয়। পিতৃৰ কথা শুনি তেওঁ ১৯৩০ চনত নিজৰ গাঁৱলৈ উভতি আহে আৰু সেৱামূলক কাম আৰম্ভ কৰে। 
 
সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ মনোভাৱেৰে তেওঁ দুখীয়া, অসহায় মানুহৰ সেৱা আৰম্ভ কৰে। তেতিয়াৰ পৰাই টান্টুপীৰ হিচাপে খ্যাতি লাভ কৰে আৰু সাহেব বাড়ি প্ৰতিষ্ঠা হয়। সকলো ঠাইৰ পৰা মানুহ আহিবলৈ আৰম্ভ কৰে। তেওঁৰ আদৰ্শৰে আজি টান্টুপীৰৰ চাহাব বাড়ি ঐতিহাসিক ধৰ্মীয় তথা আধ্যাত্মিক স্থান হিচাপে পৰিগণিত হৈছে, য'ত ৰোগ আৰু সমস্যাৰ পৰা মুক্ত হ'বলৈ মানুহ অজস্ৰ আহে।