কাইলৈ ৰাম নৱমী; কেনেদৰে উদযাপন কৰা হব ভাৰতত

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
প্ৰতি বছৰে চৈত্ৰ নৱৰাত্ৰীৰ নৱম দিনটো মহা নৱমী বা ৰাম নৱমী হিচাপে পালন কৰা হয়। চৈত্ৰ নৱৰাত্ৰী হৈছে দেৱী দুৰ্গা আৰু তেওঁৰ নটা ৰূপৰ প্ৰতি উৎসৰ্গিত দহদিনীয়া উৎসৱ। উৎসৱৰ প্ৰতিটো দিনতে মা দুৰ্গাৰ এটা ৰূপক পূজা কৰা হয়।  
 
মা শৈলপুত্ৰী, মা ব্ৰহ্মচাৰিনী, মা চন্দ্ৰঘন্টা, মা কুশমাণ্ডা, মা স্কন্দমাতা, মা কাত্যয়নী, মা কালৰাত্ৰী, মা মহাগৌৰী আৰু মা সিদ্ধিদাত্ৰী হৈছে মা দুৰ্গাৰ নটা ৰূপ। চৈত্ৰ নৱৰাত্ৰীৰ প্ৰতিটো দিনত এই নটা ৰূপকে পূজা কৰা হয়। উক্ত উৎসৱৰ নৱম দিনটো মা সিদ্ধিদাত্ৰীক উৎসৰ্গা কৰা হৈছে।  
 
প্ৰতিনিধিত্বমুলক ছবি
 
ৰাম নৱমী কণমানি ছোৱালীৰ পূজা-অৰ্চনাৰ বাবে উৎসৰ্গিত। কণমানি ছোৱালী দুৰ্গা দেৱীৰ ৰূপ বুলি বিশ্বাস কৰা হয়। ৰাম নৱমীৰ শুভ দিনত ন জনী ছোৱালী আৰু এজন ল'ৰাক (লাংগুৰ) পূজা কৰা হয়। হালোৱা পুৰি, বুট আৰু নাৰিকলৰ পৰম্পৰাগত ভোগ তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হয়। ইয়াক কঞ্জক বা কন্যা পূজা বুলিও কোৱা হয়।
 
কঞ্জক বা কন্যা পূজাৰ নীতি-নিয়ম: 

দুবছৰৰ পৰা দহ বছৰ বয়সৰ কণমানি ছোৱালীক কাপোৰৰ ওপৰত বহিবলৈ দিয়াৰ আগতে গা ধুৱাই দিয়া হয়। তাৰ পিছত তেওঁলোকৰ কপালত ফোট লগাই হাতত পূজাৰ সূতা বান্ধি দিয়া হয়, ইয়াৰ পিছত তেওঁলোকক পূজাৰ ভোগ আগবঢ়াই দিয়া হয়। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত ফুলকবি আলু বা ফুলকবি বিলাহী ভোগ হিচাপেও প্ৰস্তুত কৰা হয়। তাৰ পিছত টকা আৰু গহনা উপহাৰ হিচাপে আগবঢ়োৱা হয় আৰু তেওঁলোকৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰে। 
 
কন্যা পূজাৰ ভোগ
কঞ্জক বা কন্যা পূজাৰ তাৎপৰ্য্য:
 
কন্যা পূজা বছৰত দুবাৰ বা নৱৰাত্ৰিৰ অষ্টমী বা নৱমীত কৰা হয়। সৰু ল’ৰা-ছোৱালীক আত্মা আটাইতকৈ বিশুদ্ধ বুলি গণ্য কৰা হয় কাৰণ তেওঁলোকৰ অন্তৰত কোনো ধৰণৰ মলিনতা নাথাকে। সেয়েহে তেওঁলোকক পূজা কৰা হয়। ৯ গৰাকী কণমানি কন্যাক পূজা কৰাটোও মা দুৰ্গাৰ নটা ৰূপক পূজা কৰাৰ দৰেই বুলি বিশ্বাস কৰা হয়।   
 
কঞ্জক বা কন্যা পূজাৰ উদযাপন: 

দৃক পঞ্চাংৰ মতে ১৭ এপ্ৰিলত নৱমী উদযাপন কৰা হ’ব। ১৬ এপ্ৰিলৰ দিনৰ ১:২৩ বজাৰ পৰা আৰম্ভ হ’ব নৱমী তিথি আৰু ১৭ এপ্ৰিলত বিয়লি ৩:১৪ বজাত শেষ হ’ব। কঞ্জক সমগ্ৰ দেশতে বহু ভক্তি আৰু নিষ্ঠাৰে উদযাপন কৰা হয়।