আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা; পৰীক্ষাত অৱতীৰ্ণ ২,৮০,২১৬ গৰাকী শিক্ষাৰ্থী

Story by  atv | Posted by  Munni Begum • 5 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী

ৰাজ্যৰ মুঠ ৮৭৬ টা কেন্দ্রত আজিৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত অৱতীর্ণ হ'ব মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী। পৰীক্ষাটোত ছাত্ৰৰ সংখ্যা ১,৩৭,৪৮৬ আৰু ছাত্ৰীৰ সংখ্যা ১,৪২,৭৩২। 
 
আজিৰ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰীক্ষা কেন্দ্রসমূহত পৰীক্ষাত অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল। তথ্য অনুসৰি কলা শাখাত অৱতীর্ণ হ'ব ২,০৬,৩০৫ গৰাকী, বিজ্ঞান শাখাত ৫৩,৪৭০ গৰাকী, বাণিজ্য শাখাত ১৯,৫৬২ আৰু বৃত্তিমূলক শাখাত অৱতীর্ণ হ'ব ৮৭৯ গৰাকী পৰীক্ষাৰ্থী। 
 
ইপিনে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ ৰাজ্যৰ শিক্ষা বিভাগে বিশেষ নির্দেশনা জাৰি কৰিছে। পৰীক্ষাৰ দায়িত্বত নথকা শিক্ষক আৰু কৰ্মচাৰীয়ে পৰীক্ষা শেষ নোহোৱাপর্যন্ত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অধীনত থাকিব। বিদ্যালয়সমূহৰ পৰিদৰ্শকে দায়িত্ব দিয়া কর্ম সম্পাদন কৰিব লাগিব শিক্ষক-কর্মচাৰীসকলে। 
 
শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে স্বাক্ষৰ কৰা নির্দেশনাখনত কোৱা হৈছে যে পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক-কর্মচাৰীসকলক বিদ্যালয়সমূহৰ পৰিদর্শকে শৈক্ষিক ভিন্ন কামৰ দায়িত্ব দিব। আনকি বিদ্যালয়সমূহৰ পৰিদর্শকে এইসকল শিক্ষক-কর্মচাৰীৰ কাম-কাজসমূহ নিৰীক্ষণ কৰিব আৰু উপস্থিতি পর্যবেক্ষণ কৰিব। আনহাতে পৰীক্ষা কেন্দ্রসমূহৰ সৈতে সংলগ্ন হৈ থকা 'ফিডাৰ স্কুল'সমূহৰ শিক্ষকসকলকো প্রয়োজনত বিদ্যালয় পৰিদর্শকে কামত নিয়োগ কৰিব পাৰিব।