USTMত আৰম্ভ 'ফ্ৰণ্টিয়াৰ্ছ ইন পিউৰ এণ্ড এপ্লাইড ফিজিক্স' শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন

Story by  atv | Posted by   Imtiaz Ahmed • 4 Months ago
সভাত এখনি গ্ৰন্থও উন্মোচন কৰা হয়
সভাত এখনি গ্ৰন্থও উন্মোচন কৰা হয়
গুৱাহাটী

মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে 'ফ্ৰণ্টিয়াৰ্ছ ইন পিউৰ এণ্ড এপ্লাইড ফিজিক্স' শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জাপানৰ কোৱানচেই গাকুইন বিশ্ববিদ্যালয়ৰ অধ্যাপক কাটছুনোৰী ৱাকাবায়াছি, বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা কাজী হানিয়াম মাৰিয়া, উত্তৰ-পূবৰ পদাৰ্থ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক অধ্যাপক কুশল কলিতা, পেনেৰ কাৰ্যবাহী সভাপতি অধ্যাপক অনুৰূপ গোহাঁই বৰুৱা তথা ইউ এছ টি এমৰ উপাচাৰ্য্য প্ৰফেছৰ জি ডি শৰ্মা , পৰামৰ্শদাতা ড০ আৰ কে শৰ্মা, প্ৰো উপাচাৰ্য্য ডo বি কে দাস আৰু ডo নিতু বৰগোহাঁই।

২৯ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ফিজিক্স একাডেমী অৱ নৰ্থ-ইষ্ট (পেনে) ৰ সহযোগত  ইউ এছ টি এমে আয়োজন কৰা এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ২৫০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । কিছুসংখ্যকে অনলাইন যোগে অংশগ্ৰহণ কৰে।  সভাত এখনি গ্ৰন্থও উন্মোচন কৰা হয়। 

সন্মিলনৰ মূল বক্তাসকলৰ ভিতৰত আছিল জাপানৰ কোৱানচেই গাকুইন বিশ্ববিদ্যালয়ৰ অধ্যাপক কাটছুনোৰী ৱাকাবায়াছি, বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা কাজী হানিয়াম মাৰিয়া, উত্তৰ-পূবৰ পদাৰ্থ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক অধ্যাপক কুশল কলিতা, পেনেৰ কাৰ্যবাহী সভাপতি অধ্যাপক অনুৰূপ গোহাঁই বৰুৱা, ব্ৰাজিলৰ ইউনিভাৰ্চিটি ফেডাৰেল ডি মেটো গ্ৰ’ছ’ৰ অধ্যাপক এ এফ ছান্টোছ (অনলাইন), তুৰস্কৰ ইষ্টাৰ্ণ মেডিটেৰেনিয়ান ইউনিভাৰ্চিটিৰ ড° আলী অভগুন (অনলাইন), ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান কলকাতাৰ পৰা ড° সন্তনু কে মাইতি আৰু আহমেদাবাদ বিশ্ববিদ্যালয় গুজৰাটৰ পৰা অধ্যাপক পংকজ এ যোশী (অনলাইন)। ভিইচিচি কলকাতাৰ জ্যেষ্ঠ বিজ্ঞানী ড০ দেৱাশীস বেনাৰ্জীও অন্যতম অংশগ্ৰহণকাৰী আছিল।