ঘোষণা হ'ল UPSC পৰীক্ষাৰ ফলাফল; নৌশীন,বৰ্দা,জুফিছান সহ বহুত মুছলমান প্ৰাৰ্থীৰ সাফল্য

Story by  atv | Posted by  [email protected] • 13 d ago
ঘোষণা হ'ল UPSC পৰীক্ষাৰ ফলাফল
ঘোষণা হ'ল UPSC পৰীক্ষাৰ ফলাফল
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
২০২৩ চনৰ ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। মঙলবাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিছে এই ফলাফল। লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱে ইউ পি এছ চিৰ শীৰ্ষস্থান দখল কৰিছে। এইবাৰ জামিয়া মিলিয়া ইছলামিয়াৰ ৩১ গৰাকী পৰীক্ষাৰ্থীয়ে ইউ পি এছ চি পৰীক্ষাত সফলতা অৰ্জন কৰিছে। জামিয়া মিলিয়া ইছলামিয়াৰ পৰা নৱছিনে নৱম স্থান দখল কৰিছে। ইউ পি এছ চিৰ তথ্য অনুসৰি মুঠ ১০১৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সেৱাৰ বাবে পৰামৰ্শ দিয়া হৈছে।
 
 
ইউ পি এছ চিৰ শীৰ্ষ ১০ গৰাকী শীৰ্ষস্থানীয়ৰ তালিকাত স্থান দখল কৰিছে এগৰাকী মুছলমান প্ৰাৰ্থীয়ে। চূড়ান্ত তালিকাত স্থান লাভ কৰা মুঠ ১০১৬ জন প্ৰাৰ্থীৰ ভিতৰত কমেও ৫০ জন প্ৰাৰ্থী মুছলমান সম্প্ৰদায়ৰ। ইউ পি এছ চি চি এছ ই ২০২৩ৰ শীৰ্ষ তিনিটা স্থান দখল কৰিছে আদিত্য শ্ৰীবাস্তৱ, অনিমেশ প্ৰধান আৰু ডোনুৰু অনন্য ৰেড্ডীয়ে।
 
UPSC CSE 2023 পৰীক্ষাৰ  মুছলমান পৰীক্ষাৰ্থীৰ তালিকা:
 
নৌশীন (AIR: 9)
বৰ্দা খান (AIR: 18)
জুফিছান হক (AIR: 34)
ফাবি ৰছিদ (AIR:71)
আৰফা ওচমানী (AIR:111)
চৈয়দ আদীল মহছিন (AIR:157)
খান ছাইমা চেৰাজ আহমেদ (AIR: 165)
ছাইম ৰাজা (AIR:188)
ফাৰহিন জাহিদ (AIR:241)
আৰিবা সাঘীৰ (AIR: 253)
এহতেদা মুফাছিৰ (AIR:278)
নাজিছ উমৰ আনছাৰী (AIR: 311)
চৈয়দ মুস্তাফা হাছমী (AIR: 312)
ফাতিমা শিমনা পৰৱত (AIR: 317)
শ্বাহিদা বেগম এছ (AIR:323)
হামিদ নাভেদ (AIR:332)
আৰিবা নোমান (AIR:339)
মহম্মদ হৰিছ মিৰ (AIR:345)
মহম্মদ ফাৰহান ছেহ (AIR:369)
এম ডি তাবিছ হাছান (AIR:374)
গুলাম মায়া দীন (AIR: 388)
আলিফা খান (AIR:418)
ডেনিছ ৰাব্বানী খান (AIR:447)
জোহৰা বানো (AIR: 469)
এম ডি অসীম মুজতেবা (AIR:481)
আব্দুল ফাছাল পিভি (AIR:507)
মহম্মদ আফতাব আলম (AIR:512)
সীৰাট বাজী (AIR:516)
আফজাল আলী (AIR:574)
মহম্মদ ৰিছৱিন (AIR:659)
নাজিয়া পাৰবীন (AIR: 670)
চৈয়দ তালিব আহমেদ (AIR:677)
শ্বোয়াব (AIR:730)
আব্দুল্লা জাহিদ (AIR:744)
থাছলীম এম (AIR:745)
ছফিয়া ছিদ্দিকি (AIR: 758)
এম ডি শ্বেহেনশ্বাহ ছিদ্দিকী (AIR:762)
মহম্মদ আছফাক (AIR:770)
আতিফ ৱাকুৰ একৰাম আনছাৰী (AIR: 819)
এম ডি বুৰহান জামান (AIR: 822)
ঘাঞ্চি গাজালা মহম্মদ্ধনীফ (AIR: 825)
চৈয়দ ছাদিক (AIR:862)
নাজমা ই চালাম (AIR: 839)
ৰছিদলী এ (AIR:840)
জে আছিক হুছেইন (AIR:845)
INBA S (AIR:851)
আহৰাছ এ এন (AIR:852)
হামছা শ্ৰী এন এ (AIR:866)
এম ডি ৱাৰশ্বিদ খান (AIR:1012)
আজমল হুছেইন (AIR:1013)
 
তাৰোপৰি ইউপিএছচিত অসমৰ পৰা বৰ্তমানলৈ ৬ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে সাফল্য লাভ কৰাৰ খবৰ আহিছে। ১৭২ সংখ্যক স্থান লাভ অসমৰ অভিজ্ঞান হাজৰিকাৰ, ৰিকি লহকৰ প্রধানে লাভ কৰিছে ২৩০ সংখ্যক স্থান, ৫৫২ সংখ্যক স্থান লাভ কৰিছে ভাস্বত শইকীয়া, ৯৯২ সংখ্যক স্থান লাভ কৰিছে কল্লোল হাজৰিকা আৰু ৩২০ নম্বৰ স্থান লাভ কৰিছে ইশ্বৰী ডেকাই, ঋতুৰাজ শৰ্মাৰ ৪৬২ নম্বৰ স্থান। 
 
ইউ পি এছ চিয়ে প্ৰতি বছৰে তিনিটা পৰ্যায়ত অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰে - ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বিদেশ সেৱা (আই এফ এছ) আৰু ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ বাবে নিৰ্বাচিত বিষয়াৰ বাবে প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ।
 
এই ইউ পি এছ চি পৰীক্ষাসমূহত ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ বাবে মুঠ ১৮০ গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছে। একে সময়তে ভাৰতীয় আৰক্ষী সেৱা অৰ্থাৎ আই পি এছৰ বাবে ২০০ গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ বাবে নিৰ্বাচিত হৈছে ৩৭ গৰাকী প্ৰাৰ্থী। এই পৰীক্ষাসমূহৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ক গ্ৰেড পদত ৬১৩ গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছে। খ শ্ৰেণীৰ পদৰ বাবে নিৰ্বাচিত হৈছে ১১৩ গৰাকী প্ৰাৰ্থী।
 
অসামৰিক সেৱাৰ বাবে ইউ পি এছ চি পৰীক্ষাত প্ৰিলিম, মেইনছ আৰু পাৰ্চনেলিটি টেষ্ট (সাক্ষাৎকাৰ) তিনিটা পৰ্যায় আছে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি ইউ পি এছ চিয়ে কয় যে এইবাৰ পৰীক্ষাৰ সাক্ষাৎকাৰ ২০২৪ চনৰ ৯ এপ্ৰিলত সমাপ্ত কৰা হৈছে। আই এ এছৰ বাবে সাক্ষাৎকাৰ ৪ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ৯ এপ্ৰিললৈকে চলিছিল।
 
ইউ পি এছ চিৰ তথ্য অনুসৰি বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত মুঠ ২৮০০ৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াৰ অন্তত অসামৰিক সেৱাত (আই এ এছ, আই এফ এছ, আই পি এছ আৰু অন্যান্য কেন্দ্ৰীয় পদত) নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নাম আৰু ৰোল নম্বৰ তেওঁলোকৰ ৰেংক অনুসৰি প্ৰকাশ কৰা হৈছে। আই এ এছ, আই এফ এছ, আই পি এছ আৰু অন্যান্য কেন্দ্ৰীয় সেৱাৰ গ্ৰুপ এ আৰু গ্ৰুপ বি ৰ ১১০৫টা পদত খালী পদ পূৰণৰ বাবে এইবাৰ ইউ পি এছ চিয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। যোৱা বছৰৰ ২৮ মে’ত অনুষ্ঠিত হৈছিল ইউ পি এছ চি চিভিল চাৰ্ভিচেছ প্ৰিলিমছ পৰীক্ষা। প্ৰিলিমছত সফল হোৱা পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী ৰাউণ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হয়। ২০২৩ চনৰ ১৫, ১৬, ১৭, ২৩ আৰু ২৪ ছেপ্টেম্বৰত ইউ পি এছ চিয়ে দুটা শ্বিফটত দ্বিতীয় ৰাউণ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰে।