প্ৰথম সন্তানৰ পিতৃ-মাতৃ হবলৈ গৈ আছে বলীউডৰ তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং

Story by  atv | Posted by  Munni Begum • 2 Months ago
বলীউডৰ তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং
বলীউডৰ তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং
 
মুম্বাই 
 
বলীউডৰ তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং প্ৰথম সন্তানৰ পিতৃ-মাতৃ হবলৈ গৈ আছে। বৃহস্পতিবাৰে দীপিকা আৰু ৰণবীৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোত লিখা আছিল, "ছেপ্টেম্বৰ ২০২৪।"  
 
 
২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল তাৰকা দম্পতীহালে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ প্ৰসৱৰ দিন ধাৰ্য কৰা হৈছে। সঞ্জয় লীলা ভাঞ্চালীৰ ‘ৰাম লীলা’ ছবিৰ চেটত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক লগ পাইছিল। 
 
দীপিকাক শেষবাৰৰ বাবে দেখা গৈছিল শ্বাহৰুখ খানৰ ছুপাৰহিট ছবি ‘জোৱান’ত। ইয়াৰ পিছত দেখা যাব ৰোহিত শ্বেট্টীৰ পৰিচালিত ছবি ‘ছিংহাম এগেইন’ত। তেওঁ ৰণবীৰ সিং, অজয় দেৱগন, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ আৰু কৰীনা কাপুৰ আদিৰ সৈতে অভিনয় কৰিব।