বিশ্ব সুন্দৰী প্ৰতিযোগিতাত ৰুমী আল-কাতানিৰ অংশগ্ৰহণে ছৌদি আৰৱৰ আমূল পৰিৱৰ্তনক প্ৰতিফলিত কৰিব

Story by  atv | Posted by  [email protected] • 29 d ago
বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ বাবে সাজু ৰুমী আল-কাতানি
বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ বাবে সাজু ৰুমী আল-কাতানি
 
নতুন দিল্লী

চলিত বৰ্ষৰ শেষৰ ফালে মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৰিয়াদৰ মোহময়ী মডেল তথা ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ ৰুমী আল-কাতানিৰ (Rumy al-Qahtani) অংশগ্ৰহণে ছৌদি আৰৱৰ আমূল পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। 
 
যিখন দেশত কেইবছৰমান আগলৈকে এগৰাকী মহিলাই ‘মেহৰাম’ (Male custodian) অবিহনে ঘৰৰ পৰা ওলাই নোৱাৰিছিল, ৰাজপথত গাড়ী চলাব নোৱাৰিছিল বা মুখত আৱৰণ নোহোৱাকৈ বাহিৰলৈ ওলাব নোৱাৰিছিল, সেইখন দেশত কম কাপোৰ পিন্ধা এগৰাকী মহিলাক বিশ্বৰ আগশাৰীৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঠিওৱাটো সঁচাকৈয়ে এক যুগান্তকাৰী পৰিৱৰ্তন। 
 
২৭ বছৰীয়া ৰুমী ৰুমী আল-কাতানিৰ ইনষ্টাগ্ৰামত ঘোষণা কৰে যে তেওঁ এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণত দেশখনক প্ৰতিনিধিত্ব কৰিব। মিছ ছৌদি আৰৱিয়াৰ খিতাপৰ সৈতে এটা জিলিকি থকা ষ্ট্ৰেপলেছ গাউন পিন্ধি ৰুমীয়ে বিশ্ব সুন্দৰীৰ মঞ্চত ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰাৰ বাবে সাজু বুলি প্ৰকাশ কৰিছে।
 
 
ইনষ্টাগ্ৰামত ১০ লাখ ফল'ৱাৰ থকা সুন্দৰীগৰাকীয়ে কেপচনত লিখিছে, ‘মিছ ইউনিভাৰ্ছ ২০২৪ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰি মই সন্মানিত আৰু গৌৰৱবোধ কৰিছো। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত এয়া ছৌদি আৰৱৰ প্ৰথম অংশগ্ৰহণ।”
 
বিশ্ব সুন্দৰী প্ৰতিযোগিতাত ছৌদি আৰৱৰ ৰুমীয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ পোৱা বাতৰিয়ে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে, ৰুমী আল-কাতানিয়ে ইতিমধ্যে মিছ ছৌদি আৰব, মিছ মিডল ইষ্ট, মিছ আৰব ৱৰ্ল্ড পীচ ২০২১ আৰু মিছ উইমেন (চৌদি আৰব)ৰ দৰে  ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত খিতাপ জয় কৰিবলৈ সক্ষম হৈছে।
 
 
ইনষ্টাগ্ৰামত ১০ লাখ ফ’ল’ৱাৰৰ সৈতে তেওঁ এগৰাকী জনপ্ৰিয় ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰো। মিছ আৰু মিচেছ গ্ল’বেল এছিয়ান প্ৰতিযোগিতাত ৰুমী আল কাতানীৰ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অৱশ্যে মিচেছ গ্ল’বেল এছিয়ান ২০২৪ৰ খিতাপ দখল কৰিছিল ফিলিপাইনছৰ ডায়েন শ্বেন মেগ ইব’ই।
 
সৌন্দৰ্য প্ৰতিযোগিতাত চমক দেখুওৱা ৰুমীক ছৌদি আৰৱ চৰকাৰে দেশখনৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে। তেওঁৰ জৰিয়তে ছৌদি আৰৱে নিজৰ চহকী সংস্কৃতি আৰু ঐতিহ্য বিশ্বলৈ বিয়পাই দিয়াৰ সুযোগ লাভ কৰিছে।