মুম্বাই
বলিউডৰ মোহময়ী অভিনেত্ৰী সোনাক্ষী সিনহা বিবাহপাশত আবদ্ধ হ’ব। ২৩ জুনত মুম্বাইত অভিনেতা জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰী সোনাক্ষী। সোনাক্ষী আৰু জাহীৰে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছে যদিও কেতিয়াও ৰাজহুৱাভাৱে ইজনে সিজনৰ কথা কোৱা নাছিল।
অৱশ্যে তেওঁলোকৰ একেলগে দেখা দিয়া আৰু ছ’চিয়েল মিডিয়াত প’ষ্টে তেওঁলোকৰ সম্পৰ্কৰ প্ৰমাণ হিচাপে পৰিগণিত হৈছে। চলিত মাহৰ আৰম্ভণিতে জাহীৰে সোণাক্ষীক জন্মদিনৰ শুভেচ্ছা জনাছিল আৰু পোষ্টটোৰ কেপচনত লিখিছিল, “Happy Birthday Sonzzz.”
এক সুত্ৰই প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ বাহিৰেও হীৰামণ্ডীৰ সমগ্ৰ কাষ্টক বিয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
বিয়াৰ নিমন্ত্ৰণী পত্ৰখন আলোচনীৰ কভাৰৰ দৰে ডিজাইন কৰা হৈছে আৰু লিখা আছে -- 'উৰাবাতৰিবোৰ সঁচা'। অতিথিসকলক আনুষ্ঠানিকভাৱে আহিবলৈ কোৱা হৈছে আৰু মুম্বাইৰ বাষ্টিয়ানত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান।