তামিল ছবিৰ অভিনেতা ডেনিয়েল বালাজীৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 3 Months ago
ডেনিয়েল বালাজী
ডেনিয়েল বালাজী
 
নতুন দিল্লী
 
তামিল ছবিৰ অভিনেতা ডেনিয়েল বালাজীৰ যোৱা নিশা চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্ৰত ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। বুকুৰ বিষৰ অভিযোগত যোৱাকালি অভিনেতাজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। 
 
৪৮ বছৰীয়া অভিনেতাজনৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছে তামিল চলচ্চিত্ৰ জগতৰ লগতে তেওঁৰ অনুৰাগীসকল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ তেওঁৰ পুৰছাইৱাক্কাম ঘৰলৈ লৈ যোৱা হৈছে। 
 
অভিনেতা বালাজীৰ খবৰ বিয়পি পৰাৰ কিছু সময়ৰ পিছতে ছ'চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰম্ভ কৰিছে।
ডেনিয়েল বালাজীয়ে কমল হাছানৰ অসমাপ্ত ছবি 'মৰুধুনায়াগম'ত ইউনিট প্ৰডাকচন মেনেজাৰ হিচাপে নিজৰ কেৰিয়াৰৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ৰাদিকা সাৰথকুমাৰৰ 'চিঠি' ছবিৰে টেলিভিছনলৈ আহিছিল, য’ত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল ডেনিয়েল - যাৰ ফলত তেওঁৰ পৰ্দাৰ নাম আছিল ডেনিয়েল বালাজী।  
 
২০০২ চনত তেওঁৰ চিনেমাৰ আত্মপ্ৰকাশ ঘটিছিল তামিল ছবি 'এপ্ৰিল মাধথিল'ৰ জৰিয়তে। তামিল ছবিৰ উপৰিও তেওঁ কেইবাখনো মালয়ালম, তেলেগু, কানাড়া চিনেমাত অভিনয় কৰিছিল।  
 
'কক্কা কক্কা' আৰু 'ভেট্টাইয়াডু বিলয়াডু'ত তেওঁ স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে। শেষবাৰৰ বাবে তেওঁক 'আৰিয়াবন'ত  দেখা গৈছিল।