দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত ২৯১ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক  ছবি
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ছবি
নতুন দিল্লী 
 
সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ২৯১ জন। বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা ৪,৪৬,৭১,৮৫৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা ৫,১২৩ লৈ হ্ৰাস পাইছে।  
 
মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩০,৬১৪ লৈ বৃদ্ধি পাইছে। মুঠ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মুঠ সক্ৰিয় ৰোগীৰ সংক্ৰমণৰ হাৰ ০.০১ শতাংশ। আনহাতে আৰোগ্যৰ হাৰ ৯৮.৮০ শতাংশলৈ বৃদ্ধি পাইছে আৰু মুঠ সুস্থ হোৱা লোকৰ সংখ্যা ৪,৪১,৩৬,১১৬ লৈ বৃদ্ধি পাইছে। 
মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি দেশজোৰা প্ৰতিষেধক অভিযানৰ অধীনত এতিয়ালৈ দেশত ২১৯.৯০ কোটি পালি ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে। দেশত ২০২০ চনৰ ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰিছে।
যোৱা বছৰৰ ৪ মে’ত ২ কোটি আৰু যোৱা ২৩ জুনত ৩ কোটি অতিক্ৰম কৰিছিল আৰু চলিত বৰ্ষৰ ২৫ জানুৱাৰীত ৪ কোটিৰ সীমা অতিক্ৰম কৰিছে।