ভাৰতীয় নৌসেনাৰ মুৰব্বী হিচাপে নিযুক্তি এডমিৰেল দীনেশ ত্ৰিপাঠীক

Story by  atv | Posted by  Munni Begum • 12 d ago
এডমিৰেল দীনেশ ত্ৰিপাঠী
এডমিৰেল দীনেশ ত্ৰিপাঠী
 
নতুন দিল্লী   
 
ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি দিছে এডমিৰেল দীনেশ ত্ৰিপাঠীক। প্ৰায় ৪০ বছৰীয়া কাৰ্যকালত একাধিক গুৰুত্বপূৰ্ণ কাম কৰাৰ পিছত বৰ্তমান নৌসেনাৰ উপ-মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ত্ৰিপাঠীয়ে ৩০ এপ্ৰিলত নতুন কাৰ্যালয় গ্ৰহণ কৰিব। 
 
নৌসেনাৰ উপ-মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে ত্ৰিপাঠীয়ে পশ্চিম নৌসেনাৰ কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ছৈনিক স্কুল ৰেৱা আৰু নেচনেল ডিফেন্স একাডেমী, খাডাকৱাছলাৰ প্ৰাক্তন ছাত্ৰ ত্ৰিপাঠীয়ে ১৯৮৫ চনৰ ১ জুলাইত ভাৰতীয় নৌসেনাত নিযুক্তি লাভ কৰিছিল। 
 
যোগাযোগ আৰু ইলেক্ট্ৰনিক যুদ্ধৰ বিশেষজ্ঞ ত্ৰিপাঠীয়ে নৌসেনাৰ ফ্ৰণ্টলাইন যুদ্ধ জাহাজত চিগনেল কমিউনিকেচন অফিচাৰ আৰু ইলেক্ট্ৰনিক ৱাৰফেয়াৰ অফিচাৰ হিচাপে কাম কৰিছিল। আৰু পিছলৈ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ আই এন এছ মুম্বাইৰ কাৰ্যবাহী বিষয়া আৰু প্ৰধান যুদ্ধ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 
 
তেওঁ ভাৰতীয় নৌসেনাৰ জাহাজ বিনাশ, কিৰ্চ আৰু ত্ৰিশুলৰ নেতৃত্ব দিছিল। ইয়াৰ উপৰিও তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু ষ্টাফ নিযুক্তি লাভ কৰিছে, য’ত মুম্বাইত পশ্চিম বহৰৰ ফ্লীট অপাৰেচন অফিচাৰ, নেভেল অপাৰেচনৰ সঞ্চালক, প্ৰধান সঞ্চালক নেটৱৰ্ক চেণ্ট্ৰিক অপাৰেচন আৰু নতুন দিল্লীত নৌ পৰিকল্পনাৰ প্ৰধান সঞ্চালক অন্যতম আছিল।  
 
ৰিয়াৰ এডমিৰেল পদবীলৈ উন্নীত হোৱাৰ পিছত তেওঁ নৌসেনাৰ মুখ্য কাৰ্যালয়ত নৌসেনাৰ সহকাৰী মুৰব্বী (নীতি আৰু পৰিকল্পনা) আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইষ্টাৰ্ণ ফ্লীট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 
 
২০১৯ চনৰ জুন মাহত ভাইচ এডমিৰেল পদবীলৈ উন্নীত হোৱাৰ পিছত ফ্লেগ অফিচাৰগৰাকীক কেৰালাৰ এঝিমালাত থকা প্ৰতিষ্ঠিত ভাৰতীয় নৌসেনা একাডেমীৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়। ২০২০ চনৰ জুলাইৰ পৰা ২০২১ চনৰ মে’ মাহলৈকে তেওঁ নৌসেনাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ ২০২১ চনৰ জুন মাহৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ফ্লেগ অফিচাৰগৰাকীয়ে মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
ত্ৰিপাঠী ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ত্ৰিপাঠীক থিমাইয়া পদক প্ৰদান কৰা হয়। ২০০৭-০৮ চনত ৰোড আইলেণ্ডৰ নিউপ’ৰ্টৰ ইউ এছ নেভাল ৱাৰ কলেজত নেভাল হাইয়াৰ কমাণ্ড কোৰ্চ আৰু নেভাল কমাণ্ড কলেজত অধ্যয়ন কৰি তেওঁ সন্মানীয় ৰবাৰ্ট ই বেটমেন আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
 
এডমিৰেল ত্ৰিপাঠী কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাৰ বাবে অতি বিশিষ্ট সেৱা পদক আৰু নৌসেনা পদকও লাভ কৰিছে। তেওঁ এজন আগ্ৰহী ক্ৰীড়াবিদ আৰু টেনিছ, বেডমিণ্টন, ক্ৰিকেট আদি আগ্ৰহেৰে অনুসৰণ কৰে। ফ্লেগ অফিচাৰগৰাকী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, সামৰিক ইতিহাস আৰু নেতৃত্বৰ কলা আৰু বিজ্ঞানৰ ছাত্ৰ।