ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই কেনেকৈ পুনৰুজ্জীৱিত কৰিলে কংগ্ৰেছক

Story by  atv | Posted by  Munni Begum • 1 Months ago
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ এক দৃশ্য
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ এক দৃশ্য
 
নতুন দিল্লী
 
দহ বছৰৰ নিৰন্তৰ পৰিশ্ৰমৰ অন্তত, সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নিজৰ ৰাজনৈতিক সম্ভাৱনা আৰু নিজৰ দলৰ ৰাজনৈতিক সম্ভাৱনাক পুনৰ পুনৰুজ্জীৱিত কৰি তুলিবলৈ সক্ষম হৈছে গান্ধীৰ বংশধৰ ৰাহুল গান্ধীয়ে।  
 
৩ লাখতকৈ অধিক ভোটৰ ব্যৱধানত ৰায় বৰেলী আৰু ৱায়ানাদ দুয়ো ঠাইৰ পৰাই চমকপ্ৰদ জয় লাভ কৰাই নহয়, তেওঁ উত্তৰ প্ৰদেশত মোডী-যোগী ডাবল ইঞ্জিনৰ শক্তিক বাধা দিবলৈও সক্ষম হয়, য’ত বিজেপিয়ে সৰ্বাধিক লোকচানৰ সন্মুখীন হ'বলগীয়া  হৈছে। 
 
নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত অখিলেশ যাদৱ, তেজস্বী আৰু তৃণমূল কংগ্ৰেছৰ সৈতে ৰাহুলৰ সমন্বিত ৰাজনৈতিক বাৰ্তাই বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিৰোধী খণ্ড তৈয়াৰ কৰাত সহায় কৰিছিল।
 
ভাৰত জোড়ো আন্দোলনৰ সময়ৰ এক দৃশ্য
 
ৰাজনৈতিক ক্ষেত্ৰত এটা দশক ধৰি থকাৰ অন্তত অৱশেষত কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ নেতৃত্ব আৰু কৰ্মীসকলৰ মাজত আশা আৰু আস্থাৰ ভাৱ জগাই তুলিবলৈ সক্ষম হৈছে। তেওঁ ভৱিষ্যতে দলটোক পুনৰুজ্জীৱিত কৰাৰ পথত আগবঢ়াই নিয়াত নেতৃত্ব দিব।  
 
মঙলবাৰে নিৰ্বাচনত আশা কৰাতকৈ ভাল প্ৰদৰ্শন কৰা স্বত্বেও, ই এতিয়াও এক দীঘলীয়া আৰু কষ্টকৰ পথ। বহু ৰাজনৈতিক যুঁজৰ সাক্ষী হৈ ৰোৱা এজন প্ৰবীণ নেতা মল্লিকাৰ্জুন খাৰ্গে গান্ধী বংশধৰৰ বাবে নিখুঁতভাৱে ৰণকৌশল ৰচনা কৰিছিল।   
 
'পাপ্পু'ৰ পৰা 'শ্বেহজাদা'লৈকে বছৰ বছৰ ধৰি বিজেপিৰ উপহাসৰ প্ৰধান লক্ষ্য হৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিগত দশকত প্ৰতিটো নিৰ্বাচনতে বিজেপি নেতাসকলৰ মূল বিৰোধী কংগ্ৰেছৰ ওপৰত মুখ্য আক্ৰমণৰ কৰি আহিছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্য নাথ
 
ৰাহুল গান্ধীয়ে দেশৰ  ইমূৰৰ পৰা সিমূৰলৈ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে নিজৰ অভিযান আৰম্ভ কৰিছিল। নিঃসন্দেহে তেওঁৰ এই অভিযানত হোৱা ৰাজহুৱা মত-বিনিময়ে তেওঁক টেলিভিছনৰ পৰ্দাৰ পৰা ৰাইজৰ ওচৰলৈ লৈ আহিছিল আৰু বিজেপিয়ে তেওঁৰ প্ৰতি সৃষ্টি কৰা ধাৰণাক নুই কৰিবলৈ সক্ষম হৈছিল।   
 
অভিযানৰ সময়ত ৰাহুল গান্ধীয়ে কুকুৰ পোৱালিক কোলাত লৈ থকা, সাধাৰন মানুহক সাৱটি ধৰা, ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ট্ৰাক চালক, মেকানিকলৈকে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ সৈতে কথা পতাৰ দৃশ্যই তেওঁৰ অন্য এটা দিশ প্ৰতিফলিত কৰিছিল যিটো দেশবাসীয়ে আগতে কেতিয়াও দেখা নাছিল। ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত ক্ষতিগ্ৰস্ত হোৱা আৰু এই নিৰ্বাচনত কংগ্ৰেছৰ উভতনি উৎসাহজনক আছিল।
 
দলটোৰ উৎসাহী প্ৰচাৰ অভিযান ক্ৰমে ইয়াৰ জনপ্ৰিয় ইস্তাহাৰৰ প্ৰতিশ্ৰুতি, এক আক্ৰমণাত্মক সামাজিক ন্যায়ৰ মঞ্চ আৰু ৪০০ তকৈ অধিক জনাদেশৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে সংবিধান সলনি কৰিব পাৰে আৰু সংৰক্ষণ ব্যৱস্থাক দুৰ্বল কৰিব পাৰে বুলি কৰা ৰাজনৈতিক ভাষণে বিজেপিৰ সংখ্যাক যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰাত সহায় কৰিছে। 
 
ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ এক দৃশ্য
 
কিছু পৰিমাণে কংগ্ৰেছে বিৰোধী মিত্ৰজোঁটৰ এটা দুৰ্বল সংযোগ হিচাপে নিজৰ ভাবমূৰ্তি দাঙি ধৰিছে। যিয়ে ভোটৰ অংশ ১৯.৬৭ শতাংশৰ পৰা ২১.৭৬ শতাংশলৈ বৃদ্ধি  কৰিছিল, য'ত সম্পূৰ্ণ ভোটৰ সংখ্যা ১১.৯৪ কোটিৰ পৰা ১৩.২ কোটিলৈ বৃদ্ধি পাইছিল।  
 
ফলাফলৰ পিছত এক সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে, এই নিৰ্বাচন সংবিধান ৰক্ষাৰ যুঁজ আছিল। যেতিয়া আমাৰ বেংক একাউণ্ট নিষিদ্ধ কৰা হৈছিল, মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল, দলবোৰ ভাঙি পেলোৱা হৈছিল, তেতিয়া মোৰ মনত আছিল যে, জনসাধাৰণে সংবিধানৰ বাবে যুঁজিব।"