আজি JEE MAINSৰ ফলাফল; নিৰ্ণয় হ'ব ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীৰ ভাগ্য

Story by  atv | Posted by  [email protected] • 5 Months ago
আজি JEE MAINSৰ ফলাফল; নিৰ্ণয় হ'ব ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীৰ ভাগ্য
আজি JEE MAINSৰ ফলাফল; নিৰ্ণয় হ'ব ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীৰ ভাগ্য
 
গুৱাহাটী
 
আজি ঘোষণা হ’ব JEE MAINS পৰীক্ষাৰ ফলাফল। দেশৰ প্ৰায় ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থী বহা এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফলৰ বাবে ৱেবচাইট মুকলি কৰা হৈছে। নেচনেল টেন্সিং এজেঞ্চিয়ে ফলাফল চাবৰ বাবে মুকলি কৰা ৱেবচাইটো হৈছে- jeemain.nta.nic.in.
 
 
উল্লেখ কৰা প্ৰয়োজন যে,  ২০২৪বৰ্ষৰ জে ই ই মেইনচ পৰীক্ষাত মুঠ ১২লাখ ৩১হাজাৰ শিক্ষাৰ্থীয়ে আবেদন কৰিছিল যদিও পৰীক্ষাত বহিছিল ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীয়ে। মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ সৰহ সংখ্যক শিক্ষাৰ্থী বহিছিল এই কঠিন পৰীক্ষাটোত।
 
অসমৰো বহু সংখ্যক শিক্ষাৰ্থী বহিছিল এই পৰীক্ষাত। ১২ফেব্ৰুৱাৰীৰ দিনৰ ১২বজাৰ আগেয়েই শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব বুলি সদৰি কৰিছে নেচনেল টেন্সিং এজেঞ্চিয়ে।