মালিক আছঘৰ হাচমী/নতুন দিল্লী
চিপিআই(এম)ৰ পৰা বিজেপিলৈ যোৱা পশ্চিম বংগৰ মহিলা নেত্ৰী মাফুজা খাতুনক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। তেওঁ ৰাজ্যখনৰ অন্যতম তাৰকা প্ৰচাৰকৰ দায়িত্ব লাভৰ লগতে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্বও লাভ কৰিবলৈ সক্ষম হৈছে।
বিজেপিৰ পশ্চিম বংগ ইউনিটৰ উপ-সভাপতি খাতুনে নিৰ্বাচনৰ বাবে মমতা বেনাৰ্জী শাসিত পশ্চিম বংগৰ বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ৪০ জনীয়া তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকৱীৰ সৈতে মুছলমান প্ৰতিনিধি হিচাপে স্থান লাভ কৰিছে।
এইদৰে মেহফুজা খাতুনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ মূৰব্বী জগত প্ৰকাশ নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে আগশাৰীৰ ৰাজনৈতিক নেতাসকলৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, যিয়ে আগন্তুক নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ অভিযানত নামিব।
হজযাত্ৰীৰ সৈতে মেহফুজা খাতুন
উল্লেখ্য যে, ৰাজনীতিবিদ মাফুজা খাতুনে নিজৰ গৃহ এলেকা জংগীপুৰৰ চুবুৰীয়া দক্ষিণ দিনাজপুৰ জিলাৰ কুমাৰগঞ্জ আসনৰ পৰা দুবাৰকৈ চি পি আই (এম)ৰ সদস্য হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছে। ২০১৭ চনত বিজেপিত যোগদান কৰা নেত্ৰীগৰাকীৰ অভিজ্ঞতা আৰু দক্ষতাই তেওঁক বিজেপিৰ বাবে এক সম্পদ হিচাপে গঢ়ি তুলিছে। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াত তেঁও যথেষ্ট সক্ৰিয়।
আউটলুক মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ‘যেতিয়া মই চিপিআই (এম)ৰ সৈতে আছিলো তেতিয়া মোৰ ধাৰণা আছিল যে বিজেপি সংখ্যালঘু বিৰোধী। কিন্তু, মই যোগদান কৰাৰ পিছত বিজেপিত কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হোৱা নাই। বহু সভাত অংশ লৈছো, কিন্তু মুছলমান বিৰোধী কোনো কথা শুনা নাই।”
বিজেপিৰ ৰাষ্ট্ৰীয় সন্মিলনত মেহফুজা খাতুন
এতিয়ালৈকে প্ৰকাশ পোৱা তালিকা অনুসৰি বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা তেওঁ হৈছে দ্বিতীয়গৰাকী মুছলমান প্ৰাৰ্থী। আনজন প্ৰাৰ্থী হৈছে কেৰালাৰ।
ইফালে, মাহফুজা খাতুনে বংগৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হ’ব। ইতিমধ্যে ৪৭ বছৰীয়া মহিলা নেত্ৰীগৰাকীয়ে বহু কু-সংস্কাৰ ভংগ কৰিছে আৰু এতিয়া কিছু ৰাজনৈতিক বাধা ভংগ কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ দুৰ্গ মুৰ্ছিদাবাদত তেওঁ কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।
মুখতাৰ আব্বাছ নকভীৰ সৈতে মেহফুজা খাতুন
বিজেপিৰ তাৰকা প্ৰচাৰক আৰু প্ৰাৰ্থী হিচাপে মনোনয়ন সন্দৰ্ভত তেওঁ কয়, "মই বিজেপিক ভাল পাওঁ। মুছলমান ভোট বিচৰাত কোনো সমস্যা নাই।" জনপ্ৰিয়ভাৱে ‘মাফুজা-দী’ নামেৰে পৰিচিত খাতুনক তেওঁৰ সমষ্টিৰ ‘বিড়ী গাঁও’ত প্ৰায়ে দেখা যায়, য’ত বিড়ী কাৰখানাৰ অধিকাংশ শ্ৰমিক মুছলমান মহিলা। বিড়ী প্ৰস্তুতকাৰীসকলৰ সমস্যা সন্দৰ্ভত খাতুনৰ ইউটিউব ভিডিঅ'ত এক কোটিৰো অধিক ভিউ লাভ কৰিছে।
১৬ লাখ ভোটাৰৰ ভিতৰত ৬৮ শতাংশতকৈ অধিক মুছলমান ভোটাৰ থকা জাংগীপুৰৰ মুছলমান ভোটাৰসকলক বিজেপিক ভোট দিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিবলৈ খাতুনে চেষ্টা কৰি আছে।