বহুবিবাহ-বাল্যবিবাহ বন্ধ কৰিলে মিঞাই খিলঞ্জীয়াৰ স্বীকৃতি দাবী কৰিব পাৰে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ চৰ্ত

Story by  atv | Posted by  [email protected] • 4 Months ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘মিঞা’ নামেৰে পৰিচিত বাংলাভাষী বাংলাদেশী মুছলমানসকলক ৰাজ্যখনৰ খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত দুটা চৰ্ত জাৰি কৰিছে। চলিত মাহৰ আৰম্ভণিতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছতে তেওঁৰ এই মন্তব্য গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে অসমত মিঞা জনগোষ্ঠীয়ে স্বীকৃতি পাবলৈ হ’লে সম্প্ৰদায়টোৰ লোকসকলে কিছুমান সাংস্কৃতিক প্ৰথা আৰু নীতি-নিয়ম মানি চলিব লাগিব। ইয়াৰে অন্যতম গুৰুত্বপূৰ্ণ নিয়মসমূহ হ'ব-পৰিয়ালৰ আকাৰ দুটা সন্তানলৈ সীমিত কৰা, বহুবিবাহ আৰু বাল্যবিবাহ বন্ধ কৰা।
 
"'মিঞা (বাংলাভাষী মুছলমান) খিলঞ্জীয়া হয় নে নহয় সেয়া বেলেগ কথা। আমি যি কৈছো সেয়া হ'ল যদি তেওঁলোকে 'খিলঞ্জীয়া' হ'বলৈ চেষ্টা কৰে, তেন্তে আমাৰ কোনো সমস্যা নাই। কিন্তু তাৰ বাবে তেওঁলোকে বাল্যবিবাহ আৰু বহুবিবাহ ত্যাগ কৰিব লাগিব। একেদৰে, তেওঁলোকে মহিলা শিক্ষাক উৎসাহিত কৰিব লাগিব।"-শনিবাৰে বঙাইগাওঁত এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
তেওঁ অসমীয়া সাংস্কৃতিক মূল্যবোধক সন্মান জনোৱাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি সত্ৰৰ মাটিত কিছুমান গোটৰ বেদখলক লৈ উদ্বেগ প্ৰকাশ কৰে। "মই তেওঁলোকক সদায় কওঁ, 'মিঞা' খিলঞ্জীয়া হোৱাত কোনো সমস্যা নাই। কিন্তু তেওঁলোকৰ দুই-তিনিজনী পত্নী থাকিব নোৱাৰে। সেয়া অসমীয়া সংস্কৃতিৰ অংশ নহয়। কেনেকৈ তেওঁলোকে 'সত্ৰ'ৰ মাটি বেদখল কৰি খিলঞ্জীয়া হ'ব পাৰিব?"-মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে।
 
তদুপৰি মুখ্যমন্ত্ৰীয়ে শৈক্ষিক অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিঞা জনগোষ্ঠীক মাদ্ৰাছা পৰিহাৰ কৰিবলৈ আহ্বান জনায় আৰু ইয়াৰ পৰিৱৰ্তে চিকিৎসা আৰু অভিযান্ত্ৰিকৰ দৰে ক্ষেত্ৰসমূহত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই কন্যা শিশুৰ পঢ়া-শুনা আৰু পিতৃ-মাতৃৰ সম্পত্তিৰ ওপৰত তেওঁলোকৰ অধিকাৰ প্ৰদানৰ গুৰুত্ব আলোকপাত কৰে।
 
উল্লেখ্য যে, অসমৰ হিমন্ত শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমত ২০২৩ চনত দুটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান  চলাইছিল। এই বহুতো বৃদ্ধ পুৰুষে একাধিকবাৰ বিবাহপাশত আবদ্ধ হৈছিল, আৰু তেওঁলোকৰ পত্নীসকল বেছিভাগেই আছিল দৰিদ্ৰ পৰিয়ালৰ সৰু ছোৱালী। 
 
এই অভিযানৰ অংশ হিচাপে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম পৰ্যায়ত ৩,৪৮৩ জন লোকক গ্ৰেপ্তাৰ কৰি ৪,৫১৫ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে অক্টোবৰ মাহত ৯১৫ জন লোক ধৰা পৰিছিল আৰু দ্বিতীয় পৰ্যায়ত ৭১০ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল।
 
বিগত বৰ্ষৰ অক্টোবৰ মাহত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বহুবিবাহ, বাল্যবিবাহ আদি প্ৰথা ত্যাগ কৰি নিজকে সংস্কাৰ নকৰালৈকে বিজেপিক অহা ১০ বছৰলৈ মিঞাৰ ভোটৰ কোনো প্ৰয়োজন নাই।
 
সেই সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল যে, "নিৰ্বাচন আহিলে মই নিজেই তেওঁলোকক অনুৰোধ কৰিম যে আমাক ভোট নিদিব। আপুনি যদি পৰিয়াল পৰিকল্পনা অনুসৰণ কৰে, বাল্য বিবাহ বন্ধ কৰে আৰু মৌলবাদ ত্যাগ কৰে তেন্তে আমাক ভোট দিয়ক।"
মন কৰিবলগীয়া যে, মূলতঃ বাংলাদেশৰ (১৯৭১ চনৰ আগতে পূব পাকিস্তান নামেৰে জনাজাত) বঙালীভাষী মুছলমানসকলে অসমৰ কেইবাটাও অঞ্চলত বিয়পি পৰিছে। তেওঁলোকৰ শক্তি এনেকুৱা যে তেওঁলোকে এতিয়া অসমৰ প্ৰায় ৩০টা বিধানসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। কিন্তু উত্তৰ-পূবৰ ৰাজ্য অসমত বাংলাভাষী অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ হিন্দু আৰু মুছলমান উভয়কে বসতিপ্ৰধান হিচাপে দেখা যায়।
 
বিজেপিয়ে অসমীয়া মুছলমানক আকৰ্ষণ কৰাৰ বিপৰীতে বাংলাদেশী মিঞা মুছলমানৰ পৰা নিজকে আঁতৰাই ৰাখিছে। ২০২২ চনত ৰাজ্যৰ কেবিনেটে প্ৰায় ৪০ লাখ অসমীয়া ভাষী মুছলমানক "খিলঞ্জীয়া অসমীয়া মুছলমান" বুলি আনুষ্ঠানিকভাৱে স্বীকৃতি দিছিল। ইয়াৰ জৰিয়তে চৰকাৰে অসমীয়া ভাষী মুছলমানসকলক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা পৃথক কৰাৰ চেষ্টা কৰিছিল। 
 
এক তথ্য অনুসৰি অসমৰ মুঠ মুছলমান জনসংখ্যাৰ ৩৭ শতাংশ অসমীয়া ভাষী খিলঞ্জীয়া মুছলমান আৰু বাকী ৬৩ শতাংশ হৈছে মিঞা।