পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৰ কনভয়ক বাধা তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ

Story by  atv | Posted by  Munni Begum • 5 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
সোমবাৰে সন্দেছখালি অভিমুখী পথত পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৰ কনভয়ক তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আধবাটতে ৰখায়। তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন বংগ চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ মাজত দীৰ্ঘদিনীয়া অচলাৱস্থাৰ কেন্দ্ৰ হৈ পৰা কেন্দ্ৰীয় চৰকাৰে পুঁজি মুকলি নকৰা বিষয়টোৰ বিৰুদ্ধে সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।
 
ভিজুৱেলত দেখা গৈছে যে বহু হুলস্থুলৰ মাজতে বংগৰ ৰাজ্যপালৰ কনভয়ত গাড়ীৰ কাষত থিয় হৈ থকা লোকসকলে কনভয়ৰ চাৰিওফালে গোট খাই পোষ্টাৰ দেখুৱাইছে। সংবাদ মাধ্যমক সন্দেছখালি ভ্ৰমণৰ পৰাও বাধা প্ৰদান কৰে আৰক্ষীয়ে।
 
সন্দেছখালি ভ্ৰমণৰ বাবে দেওবাৰে বসুৱে কেৰালা ভ্ৰমণৰ সময় সলনি কৰে। বৃহৎ সমাৱেশ নিষিদ্ধ তথা ১৪৪ ধাৰা জাৰি কৰা গাঁওখনলৈ আজি বংগৰ বিজেপি বিধায়কসকলো উপস্থিত হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ স্থানীয় মহিলাসকলে পলায়ন কৰা তৃণমূল কংগ্ৰেছৰ নেতা শ্বেখ শ্বাহজাহান আৰু তেওঁৰ সহায়কসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছিল।
 
বাওঁপন্থী দলসমূহে আজি সন্দেছখালিত ধৰ্মঘটৰ আহ্বান জনাইছে। উত্তৰ ২৪ পৰগনা জিলাত অৱস্থিত সন্দেছখালি ৰাজ্যখনৰ ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰিছে আৰু শ্বেখ শ্বাহজাহানৰ যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আনহাতে, দেওবাৰে পুৱা চি পি আই (এম)ৰ নেত্ৰী তথা প্ৰাক্তন বিধায়ক নিৰপদা চৰ্দাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাওঁপন্থী দলসমূহে ধৰ্মঘটৰ আহ্বান জনাইছে। উল্লেখ্য যে অঞ্চলটোৰ অধিকাংশ দোকান-পোহাৰ, বজাৰ পূর্বে বন্ধ হৈ পৰিছিল৷ 
 
সোমবাৰে পুৱা চিভি আনন্দ বসুৱে কলকাতা নেতাজী সুভাষ চন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি সন্দেছখালি অভিমুখে যাত্ৰা আৰম্ভ কৰে। তেওঁ কয় যে, "মই কেৰালাত আছিলো। সন্দেছখালিৰ চাঞ্চল্যকৰ কাহিনী শুনি মই মোৰ নিৰ্ধাৰিত ভ্ৰমণৰ পৰিকল্পনা সলনি কৰিছিলো যাতে সন্দেছখালিত থকা স্থানীয় লোকসকলৰ বিষয়ে জানিব পাৰো।"
 
ইফালে, পশ্চিম বংগ মহিলা আয়োগৰ এটা দলে দিনটোৰ পূৰ্বে সন্দেছখালিৰ “অশান্ত স্থান” পৰিদৰ্শন কৰে আৰু শ্বেখ শ্বাহজাহান আৰু তেওঁৰ সহায়কসকলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা অঞ্চলটোৰ কেইবাগৰাকীও মহিলাৰ সৈতে কথা পাতিছিল।