নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত পশ্চিম বংগ আৰু মণিপুৰত

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
বৰ্তমান ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। নিৰ্বাচনৰ সময়ত পশ্চিম বংগ আৰু মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতো ভোটাৰৰ ভোটদান হাৰ বৃদ্ধি পাইছে। 
 
শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপি সমৰ্থকসকলে কোচবিহাৰ জিলাৰ সীতালকুছিত বিশৃংখলতা সৃষ্টি কৰি নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে, আনকি ভোটাৰসকলকো ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ইফালে থামানপকপিৰ এটা ভোটকেন্দ্ৰৰ সমীপত অচিনাকি দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰিছে। হিংসাত্মক পৰিস্থিতিৰ মাজতো মণিপুৰত (২৭.৭৪%) আৰু বংগ (৩৩.৫৬%)ত ভোটাৰৰ ভোটদানৰ হাৰ সৰ্বাধিক আছিল।  
 
বিজেপি নেতৃত্বাধীন এন ডি এয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনত একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বিচাৰিছে, আনহাতে বিৰোধীয়ে INDI ব্লকৰ অধীনত চৰকাৰ গঠনৰ আশা কৰিছে। 
 
২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়ালৈকে ভোটাৰৰ ভোটদানৰ হাৰ দ্ৰুতগতিত বৃদ্ধি হৈছে। হিংসাত্মক পৰিস্থিতিত বিধ্বস্ত হৈ পৰাৰ পাছতো বংগত পুৱা ১১ বজালৈকে সৰ্বাধিক ভোটদানৰ হাৰ ৩৩.৫৬% হয়। আনহাতে ভোটদানৰ হাৰ মেঘালয়ত ৩১.৬৫%, মধ্যপ্ৰদেশত ৩০.৪৬%, ছত্তীশগড়ত ২৮.১২%, আৰু মণিপুৰত ২৭.৭৪% হয়।  
 
আজি নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছে প্ৰমানিকক কেন্দ্ৰীয় বাহিনী নিয়ন্ত্ৰণ কৰা, ঘৰতে অস্ত্ৰ-শস্ত্ৰ মজুত কৰা আৰু দুষ্কৃতিকাৰীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰে। 
 
প্ৰথম পৰ্যায়ত তামিলনাডু (৩৯), উত্তৰাখণ্ড (৫), অৰুণাচল প্ৰদেশ (২), মেঘালয় (২), আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (১), মিজোৰাম (১), নাগালেণ্ড ( ১), পুডুচেৰী (১), ছিকিম (১) আৰু লক্ষদ্বীপ (১)। ইয়াৰ উপৰিও ৰাজস্থানৰ ১২খন, উত্তৰ প্ৰদেশৰ ৮খন, মধ্যপ্ৰদেশৰ ৬খন, অসম আৰু মহাৰাষ্ট্ৰৰ ৫খনকৈ, বিহাৰৰ ৪খন, পশ্চিমবংগৰ ৩খন, মণিপুৰৰ ২খন, আৰু জম্মু আৰু কাশ্মীৰ, ছত্তীশগড় আৰু ত্ৰিপুৰাত এখনকৈ আসনত ভোটদান চলি আছে। সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ ৬০খন আৰু ছিকিমৰ ৩২খন আসনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ জৰিয়তে নাগৰিকসকলক "অভিলেখ সংখ্যা"ত ভোট দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে, "মই বিশেষভাৱে যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদাতাসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছো। আটাইবোৰ কথাৰ পাছতো প্ৰতিটো ভোটৰ গুৰুত্ব আৰু প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ।"   
 
সামগ্ৰিকভাৱে নিৰ্বাচন আয়োগে ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনত ১.৮৭ লাখ ভোটকেন্দ্ৰত ১৮ লাখৰো অধিক ভোটগ্ৰহণ কৰ্মী নিয়োগ কৰিছে। অহা ৪ জুনত সমাপ্ত হ’ব ৭ পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল।