পাছমাণ্ডাৰ প্ৰতি বিজেপিৰ গুৰুত্বই অন্য ৰাজনৈতিক দলক মুছলমানৰ প্ৰতি দৃষ্টিভংগী সলনি কৰাত প্ৰভাৱিত কৰিবনে?

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
লক্ষ্ণৌৰ পাছমাণ্ডা বুদ্ধিজীৱী সন্মিলনৰ এটা দৃশ্য
লক্ষ্ণৌৰ পাছমাণ্ডা বুদ্ধিজীৱী সন্মিলনৰ এটা দৃশ্য
আব্দুল্লা মনছুৰ

পিছপৰা পাছমাণ্ডা মুছলমান সম্প্ৰদায়ৰ নিৰ্দিষ্ট উদ্বেগ আৰু সমস্যাসমূহৰ সমাধানৰ লক্ষ্যৰে বিজেপিয়ে সম্প্ৰদায়টোক তেওঁলোকৰ প্ৰচাৰ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। বিজেপিয়ে যদিও পৰ্যাপ্ত মুছলমান প্ৰতিনিধিৰ অভাৱৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে, তথাপিও ভাৰতৰ প্ৰায় ৭৫ শতাংশ মুছলমান জনসংখ্যাৰে গঠিত পাছমাণ্ডা শ্ৰেণীৰ মুছলমানৰ সৈতে জড়িত হ’বলৈ গেৰুৱা দলটোৱে এতিয়া কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দলটোৱে আয়োজন কৰা ‘পাছমাণ্ডা বুদ্ধিজীৱী সন্মিলন’ত বিজেপিয়ে তেওঁলোকক আকৰ্ষণ কৰিব বিচৰাৰ সময়তে বিশিষ্ট পাছমাণ্ডা কৰ্মীসকলে সমাজৰ আকাংক্ষাৰ বিষয়ে কয়। সন্মিলনখনে এই কথাৰ ইংগিত দিয়ে যে বিজেপিয়ে ক্ৰমাত সমন্বয়মুখী চিন্তাধাৰাৰ প্ৰতি অগ্ৰসৰ হৈছে। তেওঁলোকৰ লক্ষ্য হৈছে পূৰ্বৰ চৰকাৰসমূহে পাছমাণ্ডা মুছলমান সম্প্ৰদায়সমূহক দীৰ্ঘদিনীয়া অৱহেলাৰ ফলত সৃষ্টি হোৱা ব্যৱধান দূৰ কৰা।

মুছলমান ভোটদানৰ শেহতীয়া পৰিৱৰ্তনে পাছমাণ্ডা মুছলমানসকলৰ সামাজিক আৰু অৰ্থনৈতিক উদ্বেগসমূহৰ সমাধানৰ ক্ষেত্ৰত এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱ প্ৰতিফলিত কৰে। ভাৰতীয় মুছলমানসকলৰ সামাজিক শ্ৰেণীকৰণে তেওঁলোকক তিনিটা মূল গোটত চিহ্নিত কৰিছেঃ উচ্চ জাতি হিচাপে চিনাক্ত কৰা জনসংখ্যাৰ প্ৰায় ১৫% লোকক সামৰি লোৱা ‘আশ্ৰফ’; নিম্নবৰ্ণৰ ধৰ্মান্তৰিতসকলক বুজায় ‘আজলাফ’; আৰু অস্পৃশ্যসকলক প্ৰতিনিধিত্ব কৰা ‘আৰ্জাল’।

পিছপৰা ‘পাছমাণ্ডা’ সম্প্ৰদায়ে ‘আজলাফ’ আৰু ‘আৰ্জাল’ দুয়োটা পটভূমিৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে বঞ্চিত ব্যক্তিসকলক সামৰি লৈছে। "পাছমাণ্ডা" শব্দটোৱে সেইসকলক বুজায় যিসকলে পিছ পৰি আছে, আৰু ভাৰতীয় মুছলমানসকলৰ মাজত প্ৰান্তীয় আৰু নিপীড়িত হৈছে।

১৯৯০ চনৰ মণ্ডল আয়োগৰ আন্দোলন (Mandal Commission movement)ৰ পিছত ‘নিম্ন জাতি’ৰ মুছলমানসকলে সন্মুখীন হোৱা বৈষম্যৰ ফলত পাছমাণ্ডা আন্দোলনৰ উত্থান ঘটিছিল। বিজেপিৰ গুৰুত্বপূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে পাছমাণ্ডাসকলে বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা শোষণ আৰু নিপীড়নৰ কথা স্বীকাৰ কৰি তেওঁৰ দলৰ নেতা আৰু কাৰ্যকৰ্তাসকলক এই সংখ্যালঘু জনগোষ্ঠীটোৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যাৰ বুজ ল'বলৈ আহ্বান জনাইছিল। 

অতি শেহতীয়াকৈ ভূপালত বুথ পৰ্যায়ৰ বিজেপি কৰ্মীসকলক সম্বোধন কৰি মোদীয়ে এই বিষয়ত আলোচনাৰ প্ৰয়োজনীয়তাৰ কথা কয়। তেওঁ মোচি, ভঠিয়াৰা মাদাৰী, জুলহা, লোহাৰ, তেজা, লাহেৰী, হালদাৰ আদি বিভিন্ন পাছমাণ্ডা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা বৈষম্যৰ ওপৰত আলোকপাত কৰি কয় যে এই জনগোষ্ঠীসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অন্যায় আৰু পক্ষপাতিত্বৰ সন্মুখীন হৈ আছে।
 

প্ৰথম পাচমাণ্ডা নেতা মৌলানা অসীম বিহাৰীৰ কবৰ, বিহাৰত
 
অল ইণ্ডিয়া পাছমাণ্ডা মুছলিম মহাজ (All India Pasmanda Muslim Mahaz)ৰ মুখ্য কাৰ্যবাহী বিষয়া মহম্মদ ইউনুছে পাছমাণ্ডা মুছলমানৰ কল্যাণৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ কথা স্বীকাৰ কৰি ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰে। বিজেপিয়ে তেওঁলোকক নিৰ্বাচনী কৌশলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বিৰোধীয়ে ইয়াক বিভাজনকাৰী পৰিকল্পনা হিচাপে গণ্য কৰে। 

মুছলমান জনসংখ্যাৰ ২০% হোৱাৰ পিছতো প্ৰায় ৮০% পাছমাণ্ডা মুছলমান এতিয়াও পিছপৰা শ্ৰেণীত পৰে। বিজেপিয়ে গণতন্ত্ৰত তেওঁলোকৰ প্ৰতিনিধিত্বৰ বাবে যুক্তি আগবঢ়ায়, আনহাতে সৰ্বভাৰতীয় পাছমাণ্ডা মুছলিম মহাজে প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক সমৰ্থন কৰে আৰু সম্প্ৰদায়টোৰ বাবে সৰ্বাংগীন নীতি বিচাৰিছে।

দিল্লী স্কুল অৱ ইকনমিক্সৰ ড° আজিমে বিজেপিৰ প্ৰচাৰ অনুষ্ঠানক ইতিবাচকভাৱে গ্ৰহণ কৰি কয় যে বিজেপিয়ে নিৰ্বাচনী ৰণনীতিত পাছমাণ্ডা  মুছলমানক অন্তৰ্ভুক্ত কৰাটো সম্প্ৰদায়টোৰ বাবে ইতিবাচক দিশ। তথাপিও পাছমাণ্ডা মুছলমানসকলে বিজেপিৰ ‘মেৰুকৰণ’ ৰাজনীতিৰ বাবে ভোটদানৰ ক্ষেত্ৰত কিছু সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে, দলটোৰ আউটৰিচ আৰু কল্যাণমূলক আঁচনিৰ বাবে পাছমাণ্ডাৰ ভোটৰ পৰিৱৰ্তন হ’ব পাৰে। 

এইদৰে, বিজেপি মুছলমান সম্প্ৰদায়ৰ মাজত সামাজিক ন্যায়ৰ প্ৰতি গুৰুত্ব দিয়া দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত হৈছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উত্তৰ প্ৰদেশত পাছমাণ্ডা মুছলমানসকলৰ বাবে ব্যাপক প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই পদক্ষেপে সম্প্ৰদায়টোৰ মাজত প্ৰভাৱ পেলাইছে, কিয়নো স্থানীয় নিৰ্বাচনত বিজেপিৰ প্ৰায় ৮০% প্ৰাৰ্থী আছিল পিছপৰা মুছলমান সম্প্ৰদায়ৰ।

তেলেংগানাৰ ৰাজ্যিক সভাপতি আদনান কামাৰে পাছমাণ্ডাৰ সমস্যাসমূহক বছৰ বছৰ ধৰি অৱহেলা কৰি থকাৰ বাবে ধৰ্মনিৰপেক্ষ দলসমূহক সমালোচনা কৰে। বিজেপিয়ে পাছমাণ্ডা সম্প্ৰদায়ৰ ব্যক্তিক গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াৰ ই সম্পূৰ্ণ বিপৰীত। 

উল্লেখ্য যে, ২০২৩ চনৰ উত্তৰ প্ৰদেশৰ নগৰীয়া স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপিয়ে ৩৯৫ জন মুছলমান প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিল, যিয়ে পাছমাণ্ডা মুছলমানৰ সৈতে তেওঁলোকৰ সংযোগৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে।

এই পৰিৱৰ্তনে আন ৰাজনৈতিক দলসমূহৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বিপৰীতে এই উপ-গোটটোৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
 

উত্তৰ প্ৰদেশ কেবিনেটত পাচমাণ্ডাৰ প্ৰতিনিধি মন্ত্ৰী দানিশ আজাদ আনছাৰী
 
এই ঐতিহাসিক বিতৰ্ক আৰম্ভ কৰি সামাজিক ন্যায় আৰু অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ধৰ্মনিৰপেক্ষ দলৰ আখ্যানক প্ৰত্যাহ্বান জনোৱাৰ বাবে সৰ্বভাৰতীয় পাছমাণ্ডা মুছলিম মহাজৰ সভাপতি পাৰভেজ হানিফে শলাগ লৈছে। এই পৰিৱৰ্তনে কেৱল বাক্যবাণ আৰু ধৰ্মীয় ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাহিৰেও পাছমাণ্ডা সম্প্ৰদায়ৰ উদ্বেগক সম্বোধন কৰাৰ দিশত এক ব্যাপক আন্দোলনৰ ইংগিত দিয়ে।

প্ৰশাসনিক পদক্ষেপৰ জৰিয়তে বিজেপিয়ে পাছমাণ্ডা মুছলমানসকলৰ উদ্বেগ মোকাবিলা কৰিবলৈ হাতত লোৱা প্ৰচেষ্টাই এই জনগাঁথনিয়ে সন্মুখীন হোৱা আৰ্থ-সামাজিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

স্তম্ভলেখক আমানা বেগম আনছাৰীয়ে ঐতিহাসিক অৱহেলাৰ পৰা ইয়াৰ বিচ্যুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাছমাণ্ডা মুছলমানসকলৰ বাবে ৰাজনৈতিক স্বীকৃতিৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে। এগৰাকী পাছমাণ্ডা মুছলমান মহিলা হিচাপে কোনো ৰাজনৈতিক দলে উল্লেখযোগ্য ভোটদান গোট হিচাপে সম্বোধন কৰাটোৱে গভীৰ প্ৰভাৱ কঢ়িয়াই আনে। এই স্বীকৃতিয়ে স্বাধীন ভাৰতৰ ৰাজনৈতিক পৰিৱেশত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সূচনা কৰিছে।

কিন্তু ৰাজ্যসভাৰ প্রাক্তন সাংসদ আলী আনোৱাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰি কয় যে পাছমাণ্ডা মুছলমানসকলৰ প্রতি বিজেপি আৰু মোদীৰ উদ্বিগ্নতাক মাঁথো ৰাজনৈতিক নাটক বুলি উল্লেখ কৰে। বিৰোধী দলসমূহেও “পাছমাণ্ডা” শব্দটো ব্যৱহাৰ কৰি বিজেপিক প্ৰত্যুত্তৰ দিয়া উচিত বুলি আনোৱাৰে আহ্বান জনায়।

তেওঁ গণ প্ৰহাৰ আৰু পাছমাণ্ডা সম্প্ৰদায়ক অসমতাপূৰ্ণভাৱে প্ৰভাৱিত কৰা চৰকাৰী কাৰ্য্যৰ দৰে বিষয়ৰ বিষয়ে কয়। এই সমালোচনাই এক ব্যাপক ধাৰাক প্ৰতিফলিত কৰে, য’ত ধৰ্মনিৰপেক্ষ উদাৰবাদী ৰাজনৈতিক দলসমূহে ঐতিহাসিকভাৱে নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দি পিছপৰা শ্ৰেণীৰ পাছমাণ্ডা জনসংখ্যাৰ সমৰ্থন আদায় কৰিছে।

পাছমাণ্ডা সমাজকৰ্মী ড° ফৈয়াজ আহমদ ফিজিয়ে সাম্প্ৰদায়িক মেৰুকৰণৰ শোষণত শাসকীয় দলসমূহৰ ভূমিকা স্বীকাৰ কৰে, যাৰ বোজা দুৰ্বল সম্প্ৰদায়সমূহে বহন কৰে। পাছমাণ্ডা বৈষম্যৰ মোকাবিলাত বিজেপিৰ অনন্য স্থিতিৰ কথা উল্লেখ কৰি তেওঁ এনে ঘটনা প্ৰশমনৰ ক্ষেত্ৰত ৰাজনৈতিক সবলীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 

জম্মু-কাশ্মীৰৰ ৰাজ্যসভাৰ সদস্য গোলাম আলী খাতানা
 
পাছমাণ্ডা সম্প্ৰদায়ে ৰাজনৈতিক শক্তি লাভ কৰাৰ লগে লগে সাম্প্ৰদায়িক মেৰুকৰণৰ পৰিঘটনা হ্ৰাস পাব, যিয়ে ৰাজনৈতিক সবলীকৰণক অগ্ৰাধিকাৰ দিয়ে। এই দৃষ্টিভংগীসমূহৰ প্ৰেক্ষাপটত আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোটদান কৰিলে প্ৰায় ১৫ কোটি পাছমাণ্ডা মুছলমানৰ ভৱিষ্যতত যথেষ্ট প্ৰভাৱ পৰিব পাৰে।

যদিও পাছমাণ্ডা সম্প্ৰদায়ৰ প্ৰতি বিজেপিৰ আগ্ৰহ স্পষ্ট ৰূপত দেখা গৈছে, তথাপিও অসমৰ দৰে ৰাজ্যত দলটোৱে এতিয়াও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসমত বিজেপি চৰকাৰৰ কিছুমান কাৰ্যকলাপক মুছলমান বিৰোধী বুলি গণ্য কৰা হৈছে। অসমৰ পাছমাণ্ডা সমাজকৰ্মী ওহি উদ্দিন আহমেদে উল্লেখ কৰে যে ২০১৬ চনৰ পৰা অসমত শাসনলৈ অহা বিজেপি চৰকাৰক কিছুমান মুছলমান বিৰোধী বিতৰ্কই সাঙুৰি লৈছে। বিশেষকৈ চৰকাৰী পৰিচালিত মাদ্ৰাছা বন্ধ কৰা আৰু উচ্ছেদ অভিযানৰ দৰে কাৰ্যকলাপৰ বাবে বিজেপিৰ প্ৰতি মুছলমান সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই বিতৰ্কৰ মাজতো বিজেপি চৰকাৰৰ বহু আঁচনিয়ে প্ৰশংসা লাভ কৰিছে, আৰু যাৰ ফলত উদাৰ মুছলমান লোকসকলৰ মাজত চৰকাৰৰ প্ৰতি ইতিবাচক ধাৰণাৰ সৃষ্টি হৈছে। ওহি উদ্দিনে দোষাৰোপ কৰে যে অসম ৰাজ্যিক বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত পাছমাণ্ডা ভোটাৰৰ প্ৰতি কম আগ্ৰহ দেখুৱাইছে।

কৰ্ণাটকৰ দৰে ৰাজ্যত সংৰক্ষণৰ কোটা প্ৰত্যাহাৰ কৰাৰ দৰে বাধাৰ মাজতো বিজেপিক পাছমাণ্ডা মুছলমানৰ উন্নয়নমূলক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম বুলি ধৰা হয়। জম্মু-কাশ্মীৰৰ গুজ্জাৰ মুছলমান নেতা গুলাম আলী খট্টানাক ৰাজ্যসভালৈ মনোনয়ন দিয়াটোৱে দলটোৰ প্ৰচাৰ প্ৰচেষ্টাত তাৎপৰ্য বৃদ্ধি কৰিছে, বিশেষকৈ আমেথি আৰু ৰাইবৰেলীৰ দৰে গুজ্জৰ্ মুছলমান জনসংখ্যাৰ যথেষ্ট পৰিমাণে থকা সমষ্টিসমূহত।

আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে পাছমাণ্ডা মুছলমানসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও কোনো ৰাজনৈতিক দলে তেওঁলোকৰ জীৱন-জীৱিকাৰ ওপৰত মনোযোগ দিয়া নাই। মাঁথো ধৰ্মীয় আৰু আৱেগিক বিষয়সমূহ ব্যৱহাৰ কৰি তেওঁলোকক ভোট লাভৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। 

ইফালে, বিৰোধীয়ে কেৱল "বিজেপি বা মোদীক পৰাস্ত কৰা" শ্লোগানে জনগোষ্ঠীটোক কেইবাটাও দিশত ক্ষতি কৰিছে। প্ৰথমতে, মূলসুঁতিৰ আলোচনাত তেওঁলোকৰ জীৱিকাৰ কথাটো উপেক্ষা কৰা হয়, যিদৰে ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ইস্তাহাৰত ইয়াক উপেক্ষা কৰে। এই সমস্যাবোৰক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে দলসমূহে ধৰ্মনিৰপেক্ষ-সাম্প্ৰদায়িক দিশলৈ আলোচনাবোৰ লৈ যোৱা দেখা যায়।

দ্বিতীয়তে, মুছলমান সম্প্ৰদায়ৰ ভিতৰৰ নেতৃত্বত আশ্ৰফ নেতাৰ আধিপত্য থকাৰ প্ৰৱণতা থাকে, যিয়ে আশ্ৰফ শ্ৰেণীৰ বিকাশক মুছলমানৰ বিকাশৰ সৈতে সমান কৰে।

মুছলমানসকলৰ এই প্ৰস্তাৱিত ঐক্যবদ্ধ স্থিতিয়ে পাছমাণ্ডা মুছলমানসকলে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহক উপেক্ষা কৰে আৰু মুছলমান সম্প্ৰদায়ৰ ভিতৰত সমতাৰ ভুৱা আখ্যানক জীয়াই ৰাখে। প্ৰয়াত সাংসদ আছফাক হুছেইন আনছাৰীয়ে ভাৰতীয় ৰাজনীতিত পাছমাণ্ডা মুছলমানসকলৰ অ-প্ৰতিনিধিত্বৰ ওপৰত আলোকপাত কৰে। প্ৰথমৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত ৭৫০০ প্ৰতিনিধিৰ ভিতৰত মাত্ৰ ৬০ জনহে পাছমাণ্ডা সম্প্ৰদায়ৰ প্ৰতিনিধি আছে বুলি তেওঁ তথ্য দাঙি ধৰে। ইয়াৰ বিপৰীতে ১৫% মুছলমান জনসংখ্যাৰে গঠিত আশ্ৰফ মুছলমানসকলৰ ৩৪০ জন প্ৰতিনিধি আছিল।

আছফাক হুছেইন আনছাৰীৰ বিশ্লেষণে সংখ্যালঘু ৰাজনীতিৰ হিতাধিকাৰীসকলৰ ওপৰত আলোকপাত কৰি ভাৰতীয় ৰাজনীতিত পাছমাণ্ডা মুছলমানসকলৰ অসমতাৰ ওপৰত আলোচনা কৰে। 

প্ৰধানমন্ত্ৰী মোদীয়ে পাছমাণ্ডা মুছলমানসকলৰ পিছপৰা স্থিতিক স্বীকাৰ কৰাটোৱে বিজেপিৰ সামাজিক দায়বদ্ধতাক আলোকিত কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীৰ "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস"ৰ জৰিয়তে প্ৰদৰ্শন কৰা সৰ্বাংগীন দৃষ্টিভংগীয়ে বিজেপিক কল্যাণমূলক আঁচনিৰ জৰিয়তে পিছপৰা মুছলমানসকলক উপকৃত কৰিবলৈ সক্ষম বুলি চিত্ৰিত কৰিছে।
 

পাচমাণ্ডাৰ কৰ্মী ফৈয়াজ আহমেদ ফাইজি হোলীত আৰক্ষীৰ সৈতে
 
অল্পসংখ্যক কল্যাণ আৰু ৱাকফ বিভাগৰ মন্ত্ৰী, উত্তৰ প্ৰদেশ অল্পসংখ্যক আয়োগৰ অধ্যক্ষ আদি পদত পাছমাণ্ডা মুছলমানসকলক মূল নিযুক্তিয়ে পাছমাণ্ডাৰ উদ্বেগক মোকাবিলা কৰাৰ প্ৰকৃত প্ৰচেষ্টাৰ ইংগিত দিয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ একিয়েল আখতাৰে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক পাছমাণ্ডা আউটৰিচ পদক্ষেপৰ বাবে প্ৰশংসা কৰে।

তেওঁ উল্লেখ কৰে যে বিজেপিৰ নীতিয়ে শিক্ষাৰ ক্ষেত্ৰত পাছমাণ্ডা মুছলমানকে ধৰি পিছপৰা সম্প্ৰদায়ৰ ওপৰত লাভজনক প্ৰভাৱ পেলাব। পাছমাণ্ডা মুছলমানৰ সৈতে বিজেপিৰ সংযোগে ভাৰতীয় মুছলমান ৰাজনীতিৰ পৰিৱৰ্তিত পৰিৱেশ প্ৰতিফলিত কৰে, ধৰ্মীয় পৰিচয়ৰ সমান্তৰালভাৱে আৰ্থ-সামাজিক চিন্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সুক্ষ্ম দৃষ্টিভংগীয়ে মুছলমান সম্প্ৰদায়ৰ ভিতৰৰ বৈচিত্ৰ্যক স্বীকাৰ কৰে, যিয়ে পৰম্পৰাগত ধৰ্মকেন্দ্ৰিক ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ সংকেত দিয়ে।

কিন্তু বিজেপিৰ আউটৰিচ পদক্ষেপে সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিৰ দৰে দলসমূহক অস্থিৰ কৰি তুলিব পাৰে আৰু মুছলমানৰ ভোট বিচৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰম্পৰাগত দৃষ্টিভংগীক বিচলিত কৰিব পাৰে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ চালে মুছলমান ভোটদানৰ আচৰণৰ মেপিঙে এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে। ২০১২ চনত উত্তৰ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচনত মুছলমান ভোটাৰৰ সামান্য শতাংশই বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা প্ৰকাশ কৰিছিল। ২০১৭ চনলৈকে ১২.৬% সাধাৰণ মুছলমান আৰু ৮% পাছমাণ্ডা মুছলমানে বিজেপিক সমৰ্থন কৰিছিল।

আমোদজনক কথাটো হ’ল, ২০২২ চনৰ ৰাজ্যিক নিৰ্বাচনলৈকে সাধাৰণ মুছলমানৰ মাজত বিজেপিৰ সমৰ্থন ৯.৮%লৈ হ্ৰাস পোৱাৰ বিপৰীতে পাছমাণ্ডা মুছলমানৰ মাজত সমৰ্থন ৯.১% লৈ বৃদ্ধি পায়। যদিও বিধানসভা নিৰ্বাচনৰ ভোট বাছনি স্বয়ংক্ৰিয়ভাৱে লোকসভা নিৰ্বাচনত প্ৰতিফলিত নহয়, তথাপি ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে পাছমাণ্ডা সম্প্ৰদায়ক যিধৰণে তেওঁলোকৰ উন্নয়নৰ যাত্ৰাত সাঙুৰি ল'ব বিচাৰিছে, তেনে পৰিস্থিতিত বিজেপিৰ প্ৰতি পাছমাণ্ডাৰ সমৰ্থন বৃদ্ধি পোৱাটো সম্ভৱ।

পাছমাণ্ডা মুছলমানৰ সৈতে বিজেপিৰ সংযোগৰ বাবে নতুন দৃষ্টিভংগী আকোৱালি লোৱা আৰু মতাদৰ্শগত নীতি বজাই ৰখাৰ মাজত এক সুক্ষ্ম ভাৰসাম্যৰ প্ৰয়োজন। হিন্দুত্বক লৈ অত্যাধিক ৰাষ্ট্ৰীয়তাবাদৰ সময়ত পাছমাণ্ডাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰদায়টোৰ সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। এই সম্প্ৰদায়ৰ গোটসমূহৰ ভিতৰত সমসাময়িক বৈষম্য দূৰ কৰাটো সাংবিধানিক অধিকাৰ পুনৰুদ্ধাৰ আৰু জাতীয় প্ৰগতি আৰু ঐক্যক লাভান্বিত কৰাৰ বাবে অতি প্ৰয়োজনীয়।

বিজেপিৰ প্ৰচাৰে আলোচনা আৰু অন্তৰ্ভুক্তিৰ সুযোগ দাঙি ধৰে যদিও প্ৰকৃত প্ৰতিনিধিত্ব আৰু গ্ৰহণযোগ্যতা হৈছে তেওঁলোকৰ প্ৰকৃত প্ৰত্যাহ্বান। আন ৰাজনৈতিক দলসমূহৰ ওপৰত অনিশ্চিত প্ৰভাৱে ভাৰতীয় ৰাজনীতিত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

বিজেপিয়ে যদি পাছমাণ্ডা মুছলমানৰ সুৰক্ষা আৰু প্ৰতিনিধিত্বৰ সন্দৰ্ভত শক্তিশালী আশ্বাস দিয়ে, তেন্তে ই ভাৰতীয় মুছলমান ৰাজনীতিত আশ্ৰাফৰ আধিপত্য অন্ত পৰাৰ সংকেত হিচাপে চিহ্নিত হ'ব পাৰে।

(লেখক এগৰাকী পাছমাণ্ডা সমাজকৰ্মী। তেওঁ PASMANDA DEMOCRACY নামৰ এটা ইউটিউব চেনেল পৰিচালনা কৰে)