আনক সহায় কৰাটো ইছলামৰ অন্যতম মৌলিক কৰ্তব্য

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইমান সাকিনা
 
আৰ্তজনক সহায় আৰু সমৰ্থন কৰাটো এনে এটা গুণ, যিটোক ইছলামে সদায়ে উৎসাহিত কৰি আহিছে। যাক প্ৰকৃত ভাতৃত্ববোধ আৰু শালীনতাৰ প্ৰভাৱ বুলি উল্লেখ কৰা হৈছে। বিশেষকৈ আৰ্তজন বা দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰাৰ ক্ষেত্ৰত নবী (ছঃ)ৰ জীৱন আৰু আচাৰ-ব্যৱহাৰে আমাৰ জীৱনৰ প্ৰতিটো দিশৰ বাবে সৰ্বোত্তম আদৰ্শ দাঙি ধৰি আহিছে। ঐশ্বৰিক বাৰ্তা লাভ কৰাৰ আগতেই নবী এই মহান বৈশিষ্ট্যৰ বাবে পৰিচিত আছিল।  
 
 
Friday Musings
 
 
আল্লাহে কৈছে, "আৰু তেওঁ ক’লে, আপুনি নিজৰ ভিতৰত থকা প্ৰেমৰ বাবে এই পৃথিৱীত আল্লাহৰ বাহিৰে অন্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰি লৈছে। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু ইজনে  আনজনক দোষাৰোপ কৰিবা। তোমালোকৰ বাসস্থান হ’ব অগ্নি আৰু তাত তোমালোকৰ বাবে কোনো সহায়ক নাথাকিব।" (চুৰা আল-আনকাবুট ২৯:২৫) 
 
মুছলমানসকলৰ প্ৰাথমিক লক্ষ্য হৈছে ঈশ্বৰৰ উপাসনা কৰা, কিন্তু এই কাম কেৱল নামাজ আৰু ৰোজাৰ দৰে আচাৰ-ব্যৱহাৰৰ জৰিয়তে নহয়, আনক কৰা সহায়ৰ জৰিয়তেও হয়। আল্লাহে কৈছে: "আৰু আত্মীয়, আৰ্তজনক আৰু যাত্ৰীসকলক তেওঁলোকৰ প্ৰাপ্য দিয়ক আৰু অপচয় কৰি খৰচ নকৰিব।" (চুৰা আল-ইছৰা ১৭:২৬) 
 
কোৰাণত আনক সহায় কৰাৰ সন্দৰ্ভত বহু আদেশ দিয়া হৈছে। ছুৰা আল-বাকাৰাহ (২:১৯৫)ত মুমিনসকলক আল্লাহৰ পথত খৰচ কৰাৰ আৰু নিজকে ধ্বংসৰ দিশৰ পৰা আঁতৰাই ৰাখিব পৰা গুণবোৰৰ কথা সোঁৱৰাই দিয়া হৈছে। এই ক্ষেত্ৰত আৰ্থিক সাহায্য, আৱেগিক সহায় আৰু শাৰীৰিক সহায়কে ধৰি বিভিন্ন ধৰণৰ সাহায্য অন্তৰ্ভুক্ত কৰা হৈছে। 
 
প্ৰতিনিধিত্বমুলক ছবি
 
তদুপৰি ছুৰা আল-মাইদা (৫:২) ত পবিত্ৰ আৰু ধৰ্মপৰায়ণতাৰ মাজত সহযোগিতাৰ ধাৰণাটোৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে, মুছলমানসকলক ভাল আৰু দয়াৰ কামত সহযোগিতা কৰিবলৈ উৎসাহিত কৰা হৈছে। এই আয়াতটোৱে বিশ্বাসস্থাপনকাৰীসকলৰ ধাৰ্মিকতাৰ দিশত ইজনে সিজনক সহায় কৰাৰ সামূহিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।   
 
হজৰত মহম্মদ (ছঃ) ইছলামিক শিক্ষা দয়া আৰু নিস্বাৰ্থতাৰ প্ৰতীক হিচাপে কাম কৰে। তেওঁৰ জীৱনটো এনে উদাহৰণেৰে ভৰি আছে, য’ত তেওঁ আনৰ পটভূমি বা বিশ্বাস যিয়েই নহওক কিয়, তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। 
 
আবু হুৰাইৰাই বর্ণনা কৰা এক বিখ্যাত হাদীছত কোৱা হৈছে: "যিয়ে কোনো মুমিনৰ পাৰ্থিৱ দুখ দূৰ কৰে, আল্লাহে তেওঁৰ বাবে কিয়ামতৰ এটা দুখ দূৰ কৰিব। যিয়ে কোনো আৰ্তজনক সকাহ দিব, আল্লাহে এই দুনিয়াত আৰু পৰৱৰ্তী সময়ত তেওঁৰো দুখ-কষ্ট হ্ৰাস কৰিব।" এই হাদীছত বিপদত পৰা লোকক সহায় কৰাৰ সৈতে জড়িত গভীৰ আধ্যাত্মিক পুৰস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। 
 
ইছলামত দান-বৰঙণি কেৱল সদিচ্ছাৰ কামে নহয়। এইটো এটা বাধ্যতামূলক উপাসনা, যাক জাকাত বুলি জনা যায়। মুছলমানসকলে নিজৰ ধনৰ এটা অংশ আৰ্তজনক দিব লাগিব, যাৰ ফলত সমাজৰ ভিতৰত সম্পদৰ ন্যায্য বিতৰণ নিশ্চিত হ’ব। ইয়াৰ উপৰিও চাদকাহ (স্বেচ্ছামূলক দান)ক অতিশয় উৎসাহিত কৰা হৈছে, যাৰ ফলত উদাৰতা আৰু দানশীলতাৰ সংস্কৃতিৰ প্ৰসাৰ ঘটে। 
 
প্ৰতিনিধিত্বমুলক ছবি
 
তদুপৰি ইছলামে সমাজ কল্যাণৰ গুৰুত্ব আৰু অনাথ, বিধৱা আৰু দুখীয়াৰ দৰে প্ৰান্তীয় গোটৰ মংগলৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সমাজৰ এই দুৰ্বল শ্ৰেণীৰ বাবে ব্যৱস্থা কৰাটো কেৱল এক বিকল্পই নহয়, এয়া প্ৰতিজন মুছলমানৰ পবিত্ৰ কৰ্তব্য হয়। 
 
ইছলামৰ শিক্ষাৰ কেন্দ্ৰীয় বিষয় হৈছে আনৰ প্ৰতি দয়াৰ গুণ থকাটো। মুছলমানসকলক মানৱ, জীৱ-জন্তু আৰু পৰিৱেশৰ সৈতে হোৱা আদান-প্ৰদানত দয়া আৰু সহানুভূতি প্ৰদৰ্শন কৰিবলৈও উৎসাহিত কৰা হয়। ইয়াৰ ভিতৰত ৰোগীক সাক্ষাৎ কৰা, ভোকাতুৰক খাদ্য যোগান ধৰা আৰু ন্যায় আৰু সমতাৰ পোষকতা কৰা আদি কামো অন্তৰ্ভুক্ত হৈ আছে।    
 
শেষত ক’ব পাৰি যে আনক সহায় কৰাটো কেৱল ইছলামৰ এটা প্ৰান্তীয় দিশ নহয়, ই বিশ্বাসৰ মূলত নিহিত হৈ আছে। মমতা, উদাৰতা আৰু সংহতিৰ মূল্যবোধ গ্ৰহণ কৰি মুছলমানসকলে আল্লাহৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰে আৰু সমাজৰ উন্নতিত অৰিহণা যোগায় আহিছে। বিসঙ্গতি আৰু বৈষম্যই জুৰুলা কৰা পৃথিৱীখনত ইছলামৰ কালজয়ী শিক্ষাই আশাৰ ৰেঙনি হিচাপে কাম কৰে, বিশ্বাসস্থাপনকাৰীসকলক অধিক দয়ালু আৰু ন্যায়পৰায়ণ পৃথিৱীৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰা হয়।