প্ৰথমে নামাজ পঢ়কঃ হায়দৰাবাদৰ দাৱাত-ই-ৰমজানত মোহময়ী টেনিছ সুন্দৰী ছানিয়া মিৰ্জা

Story by  atv | Posted by  [email protected] • 3 Months ago
হায়দৰাবাদৰ দাৱাত-ই-ৰমজানত মোহময়ী টেনিছ সুন্দৰী ছানিয়া মিৰ্জা
হায়দৰাবাদৰ দাৱাত-ই-ৰমজানত মোহময়ী টেনিছ সুন্দৰী ছানিয়া মিৰ্জা
 
হায়দৰাবাদ

শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত বহু চৰ্চিত ৰমজান এক্সপ’ ‘দাৱাত-ই-ৰমজান’ত ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাক দেখিবলৈ পোৱা যায়। ছানিয়াৰ ভগ্নী অনম মিৰ্জাই এই অনুষ্ঠানৰ আয়োজন কৰিছিল। ভাৰতৰ অন্যতম সফল টেনিছ খেলুৱৈগৰাকীৰ উপস্থিতিয়ে দাৱাত ই ৰমজানৰ অনুষ্ঠানৰ সৌস্তৱ কৰে। 

অনুষ্ঠানত ছানিয়াই অনুৰাগীসকলৰ সৈতে মত-বিনিময় কৰি কয় যে এক্সপ’ ভ্ৰমণ কৰাৰ পূৰ্বে সকলোৱে নামাজক অগ্ৰাধিকাৰ দিয়া উচিত।
 
ইনষ্টাগ্ৰামত প্ৰচাৰিত এটা ভাইৰেল ভিডিঅ’ত ছানিয়া মিৰ্জাই অনুৰাগীসকলক দিয়া বাৰ্তা শুনিবলৈ পোৱা গৈছে, য’ত তেওঁ নামাজৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, “ইবাদাতো কৰক, তাৰাৱী নামাজলৈও যাওক। তাৰাৱী নপঢ়াকৈ ইয়ালৈ নাহিব। আমাৰ ইয়াত নিশাৰ তাহাজ্জুদ নামাজ পঢ়িবলৈও সুকীয়া স্থান আছে।"
 
২০২২ৰ দাৱাত-ই-ৰমজানতো অংশ লৈছিল ছানিয়া মিৰ্জাই
 
দৰ্শকে ৰমজানৰ আধ্যাত্মিকতাৰ মাজত নিজকে বিলীন কৰাৰ লগতে ৰন্ধন প্ৰকৰণৰ যাত্ৰাতো অংশ ল'ব পাৰে। কাৰণ, ইয়াত হালিম, কাবাব, বিৰিয়ানী, মিঠাইৰ দৰে সুস্বাদু খাদ্যৰ সোৱাদ লোৱাৰ সু-ব্যৱস্থা আছে। 
 
উল্লেখ্য যে, হায়দৰাবাদৰ গুডিমলকাপুৰৰ কিংছ পেলেচত সম্প্ৰতি দাৱাত-ই-ৰমজান এক্সপ’ চলি আছে। ২৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ১০ এপ্ৰিললৈকে চলিব। বিভিন্ন ধৰণৰ অনুষ্ঠান সম্পন্ন হোৱা এক্সপত খাদ্য, কাপোৰ, গহনাকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়।