আমি শিখসকলে তোমালোকৰ মা-ভনীক বচাইছিলো; কামৰণ আকমলক শিখ সম্প্ৰদায়ৰ ইতিহাস শিকালে হৰভজন সিঙে

Story by  atv | Posted by  [email protected] • 1 Months ago
হৰভজন সিং আৰু কামৰণ আকমল
হৰভজন সিং আৰু কামৰণ আকমল

নতুন দিল্লী
 
শিখ সম্প্ৰদায়ক অপমান কৰি বিপদত পৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ কামৰণ আকমল। নিউয়ৰ্কত যোৱা দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপৰ ৰোমাঞ্চকৰ মেচখনত আকমলে টীম ইণ্ডিয়াৰ উদীয়মান বেগী বলাৰ অৰ্শ্বদ্বীপ সিঙক লৈ অসন্মানজনক মন্তব্য কৰিছিল। ইয়াৰ পিছতে জাঙুৰ খাই উঠে শিখ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ভাৰতৰ একালৰ কিংবদন্তী অফস্পিনাৰ হৰভজন সিং। 
 
ভাৰত-পাকিস্তানৰ মেচৰ সময়ত পাকিস্তানৰ এটা নিউজ চেনেলত পাকিস্তানৰ প্ৰাক্তন উইকেটৰক্ষকগৰাকীয়ে ভাৰতৰ হৈ অন্তিমটো অভাৰ কৰিবলৈ অহা অৰ্শ্বদ্বীপ সিঙৰ ধৰ্মক লৈ টিপ্পনী কৰি কৈছিল যে, "ফলাফল যিকোনো হ'ব পাৰে। অৰ্শ্বদ্বীপে অন্তিম অভাৰ বল কৰিব আহিছে। এনেও আজি তেওঁৰ স্বাভাৱিক ছন্দ নাই। তাতে আকৌ ১২টা বাজিছে।" 
 
আকমলৰ এই মন্তব্যই ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে। ভাৰতৰ একালৰ তাৰকা হৰভজন সিঙো আকমলৰ মন্তব্য শুনি ক্ষোভিত হৈ পৰে।
“কামৰণ আকমল, তোমাক মই ধিক্কাৰ দিছো। তোমাৰ লেতেৰা মুখখন মেলাৰ আগতে শিখসকলৰ ইতিহাস জানি লোৱা উচিত আছিল। আমি শিখসকলে তোমালোকৰ মা-ভনীক বচাইছিলো, যেতিয়া তেওঁলোকক আক্ৰমণকাৰীয়ে অপহৰণ কৰিছিল। তেতিয়া সময় আছিল ১২টা। তোমাক লৈ লজ্জাবোধ কৰিছো। মানুহৰ প্ৰতি অলপ কৃতজ্ঞ হ'ব লাগে।” হৰভজনে এক্সত এইদৰে ক্ষোভ উজাৰে। 
 
ইফালে, হৰভজনে আকমলক চোকা সমালোচনা কৰাৰ কিছু সময়ৰ পাছতে পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে। তেওঁৰ মন্তব্য ‘অনুচিত আৰু অসন্মানজনক’ বুলিও আকমলে স্বীকাৰ কৰে।
 
“শেহতীয়া মন্তব্যৰ বাবে মই গভীৰভাৱে অনুশোচনা কৰিছো আৰু হৰভজন সিং তথা শিখ সমাজৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। মোৰ মন্তব্য অনুপযুক্ত আৰু অসন্মানজনক আছিল। সমগ্ৰ বিশ্বৰ শিখসকলৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে আৰু কেতিয়াও কাকো আঘাত দিয়াৰ উদ্দেশ্য নাছিল। মই সঁচাকৈয়ে দুখী।” এক্সত লিখিছে কামৰণ আকমলে।
উল্লেখ্য যে, ১২ বজাতহে শিখসকলৰ জ্ঞান আৰু শক্তি উভতি আহে বুলি এক অপমানজনক ধাৰণা (Sardarji Joke) বছৰ বছৰ ধৰি সমাজত চলি আহিছে। নাদিৰ শ্বাহৰ ভাৰত আক্ৰমণৰ পৰাই এই ধাৰণা সৃষ্টি হৈছিল। শ্বাহৰ সৈন্যই দিল্লী লুণ্ঠন কৰি লাখ লাখ হিন্দু আৰু মুছলমানক হত্যা কৰি, শ শ নাৰীক বন্দী কৰি লৈ পঞ্জাৱৰ মাজেৰে পাৰ হৈ গৈছিল।
 
তেতিয়া শিখসকলে নাদিৰ শ্বাহৰ শিবিৰত আক্ৰমণ কৰি বন্দী মহিলাসকলক মুক্ত কৰাৰ সিদ্ধান্ত লৈছিল। নাদিৰ শ্বাহৰ বিশাল সৈন্যবাহিনীক সন্মুখৰ পৰা আক্ৰমণ কৰাৰ তেওঁলোকৰ সামৰ্থ্য নাছিল। সেইবাবে শিখসকলে নাদিৰ শ্বাহৰ শিবিৰত মাজনিশা গেৰিলা অভিযান চলাই যিমান পাৰি সিমান বন্দী মহিলাক মুক্ত কৰি ঘৰলৈ ঘূৰাই পঠিয়াইছিল। 
 
তেতিয়াৰ পৰা ধেমালিতে বহুতে ক’বলৈ আৰম্ভ কৰে যে শিখসকল নিশাৰ ভাগতহে জ্ঞানত থাকে। পিছলৈ এই উপহাসমূলক কৌতুকৰ জৰিয়তে শিখসকলক তাচ্ছিল্য কৰা হয়।