নাগৰিকত্বৰ বাবে যুঁজ দিয়াৰ সময়তো মোৰ দেশপ্ৰেম কমি যোৱা নাছিলঃ সেনাবাহিনীৰ প্ৰাক্তন বিষয়া মহম্মদ ছানাউল্লা

Story by  atv | Posted by  [email protected] • 5 Months ago
সেনাবাহিনীৰ প্ৰাক্তন বিষয়া মহম্মদ ছানাউল্লা
সেনাবাহিনীৰ প্ৰাক্তন বিষয়া মহম্মদ ছানাউল্লা
 
দৌলত ৰহমান / গুৱাহাটী

পাঁচ বছৰ পূৰ্বে অসমৰ অবৈধ নাগৰিক বুলি ঘোষিত হৈ ডিটেনচন কেম্পত আবদ্ধ হ'বলগীয়া হৈছিল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া মহম্মদ ছানাউল্লা। অৱশ্যে, এতিয়া তেওঁ পৃথিৱীৰ অন্যতম সুখী ব্যক্তি। কাৰণ, ছানাউল্লাহক বিদেশী বাংলাদেশী বুলি ঘোষণা কৰা ২০১৯ চনৰ বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশক গৌহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰি তেওঁৰ ভাৰতীয় নাগৰিকত্বত অনুমোদন জনাইছে।

ইয়াৰ বাবে আদালতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মহম্মদ ছানাউল্লাই কয় যে আদালতত তেওঁৰ জয়ৰ কাৰণ হৈছে ভাৰতীয় সেনাৰ পৰা লাভ কৰা কঠোৰ প্ৰশিক্ষণ, নীতি-আদৰ্শ, মূল্যবোধ, আৰু কঠিন পেছাদাৰী জীৱন। এইবোৰৰ বাবেই তেওঁ দীৰ্ঘদিনীয়া আইনী যুঁজখন আগবঢ়াই নিব পাৰিছিল।

‘৩০ বছৰ ধৰি সেনাবাহিনীত সেৱা আগবঢ়োৱাটোৱে মোৰ দেশপ্ৰেমৰ প্ৰতি বিশ্বাস আৰু অধিক বৃদ্ধি কৰিছে। আনকি মোৰ জন্মভূমিত মোক অবৈধ নাগৰিক বা বিদেশী বুলি ঘোষণা কৰাৰ সময়তো ভাৰতীয় ব্যৱস্থাৰ ওপৰত মই কেতিয়াও আশা হেৰুওৱা নাছিলো। মোৰ দেশপ্ৰেম কেতিয়াও নোহোৱা হোৱা নাছিল। ভাৰতীয় সেনাবাহিনীত সকলোকে সমান ব্যৱহাৰ কৰা হয়। সেনাবাহিনীত মই নিজৰ আৰু মোৰ ধৰ্মীয় বিশ্বাসৰ আগতেই দেশৰ সেৱা শিকিছিলোঁ। সেনাবাহিনীত নথকাহেঁতেন মই উচ্চ ন্যায়ালয়ৰ সন্মুখত নাগৰিকত্ব প্ৰমাণ কৰাৰ ইচ্ছা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলোহেঁতেন।’-১৯৯১ চনৰ কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰা মহম্মদ ছানাউল্লাই আৱাজ-দ্য ভইচক এইদৰে কয়।
 
আদালতত হাজিৰ হোৱাৰ সময়ত মহম্মদ ছানাউল্লাহ
 
ছানাউল্লাহৰ মতে, সেনাই তেওঁক জীৱনৰ যিকোনো পৰিস্থিতিত কেতিয়াও হাৰ নমনা মানসিকতা আৰু মূল্যবোধৰ শিক্ষা দিছে, আৰু সেইবোৰে এতিয়া কঠিন পৰিস্থিতিৰ মাজেৰে আগবঢ়াৰ সাহস দিছে। ভাৰতীয় নাগৰিক বুলি প্ৰমাণৰ বাবে কঠোৰ আইনী যুঁজখন চলি থকাৰ সময়তে তেওঁৰ দৃঢ় মনোভাৱে তেওঁৰ আশাক জীয়াই ৰাখিছিল বুলিও ছানাউল্লাহে কয়।

মহম্মদ ছানাউল্লাই ভাৰতীয় সেনাৰ পৰা জুনিয়ৰ কমিছনড অফিচাৰ (জেচিঅ’) হিচাপে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ২০১৯ চনৰ ২৩ মে’ত হঠাতে এদিন এটা অভিযোগৰ ভিত্তিত অসমৰ অবৈধ নাগৰিকৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাত তেওঁ স্তম্ভিত হৈ পৰে।

অসমৰ কামৰূপ জিলাৰ বকোত কাৰ্যকৰী হোৱা এফ টি (বিদেশী ন্যায়াধিকৰণ)ই ছানাউল্লাক বিদেশী বুলি ঘোষণা কৰিছিল। তেওঁ অসম চুক্তি অনুসৰি অসমত নাগৰিকত্ব লাভৰ বাবে অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰিত ১৯৮৫ চনৰ ২৪ মাৰ্চৰ পিছত অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল বুলি প্ৰকাশ কৰা হৈছিল। 

বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে তেওঁৰ আবেদন গৌহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ বাবে ছানাউল্লাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিব নোৱাৰিলে। ২০১৯ চনৰ আগষ্ট মাহত প্ৰকাশ পাইছিল এন আৰ চিৰ চূড়ান্ত তালিকা।

ইয়াৰ পিছত ছানাউল্লাহক সন্তানৰ সৈতে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হয়। বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা কোনো লোকে ইয়াৰ বিৰুদ্ধে আবেদন কৰাৰ কোনো ব্যৱস্থা আইনত নথকাৰ বাবে প্ৰাক্তন সেনা বিষয়াজনৰ এন আৰ চিৰ চূড়ান্ত তালিকাত স্থান পোৱাৰ কোনো সুযোগ নাছিল।

ছানাউল্লাহ সম্পৰ্কীয় খবৰে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক স্তম্ভিত কৰি তুলিছিল। মানুহে ভাবিছিল যে এজন ‘বিদেশীয়ে’ কেনেকৈ দীঘলীয়া ৩০ বছৰ ধৰি ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াব পাৰে। কিন্তু মহম্মদ ছানাউল্লাই আশা হেৰুওৱা নাছিল আৰু নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আৰু আত্মবিশ্বাসীৰে আইনী যুঁজত নামে। 

‘মই ভাৰতীয় সেনাক সেৱা আগবঢ়াইছিলোঁ, আৰু ভাৰতীয় সেনাই কেতিয়াও কাকো পুংখানুপুংখ তদন্তৰ পূৰ্বে নিযুক্তি নিদিয়ে। ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে মোক ২০১৭ চনত ৰাষ্ট্ৰপতিৰ প্ৰশংসা পদক প্ৰদান কৰিছিল। এই স্বীকৃতিৰ বাবেই মোক চুবেদাৰ হিচাপে পদোন্নতি দিয়া হৈছিল। গতিকে, গৌহাটী উচ্চ ন্যায়ালয়ত বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে মই আইনী যুঁজ অব্যাহত ৰাখিলোঁ।’-ছানাউল্লাই কয়।
 
পত্নীৰ সৈতে প্ৰাক্তন সেনা বিষয়াজন
 
আইনী যুঁজৰ অন্তত অৱশেষত তেওঁ ন্যায় লাভ কৰে আৰু গৌহাটী উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ এফ টিৰ নিৰ্দেশ নাকচ কৰি প্ৰাক্তন সেনা বিষয়াজনক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে। উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ মাৰ্চ মাহত এফ টিৰ নিৰ্দেশত বিসংগতি থকা বুলি উল্লেখ কৰি ছানাউল্লাহৰ পক্ষত ৰায়দান কৰে।

উল্লেখ্য যে, ১৯৮৭ চনত সেনাবাহিনীত যোগদান কৰা মহম্মদ ছানাউল্লাক জম্মু-কাশ্মীৰত নিযুক্তি দিয়া হৈছিল। সেই সময়ত সীমান্তৰ সীপাৰৰ পৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ কূটাঘাতমূলক কাৰ্যকলাপ চৰম শিখৰত উপনীত হৈছিল। কাশ্মীৰৰ উপৰিও ছানাউল্লাই ভূপাল, অমৃতসৰ, দিল্লী, যোধপুৰ, মণিপুৰ, হায়দৰাবাদ, আৰু গুৱাহাটীত সেনাবাহিনীৰ হৈ সেৱা আগবঢ়াইছিল।

সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ পাছত ২০১৮ চনত মহম্মদ ছানাউল্লাহে প্রয়োজনীয় পৰীক্ষাত উত্তীৰ্ণ হৈ কামৰূপ জিলাত অসম আৰক্ষীৰ সীমান্ত শাখাত উপ-পৰিদৰ্শক হিচাপে যোগদান কৰে। কিন্তু, চৰকাৰে অবৈধ নাগৰিক বুলি ঘোষণা কৰাৰ পিছত তেওঁক আৰক্ষীৰ চাকৰিৰ পৰা নিলম্বন কৰা হয়।

গৌহাটী উচ্চ ন্যায়ালয়ৰ অন্তিম ৰায়দানৰ পিছত ৰাজ্য চৰকাৰে দৰং জিলাৰ খাৰুপেটীয়াত থকা অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ-পৰিদৰ্শক হিচাপে তেওঁক পুনৰ নিযুক্তি দিছে।