ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত উজলি উঠিল অসমৰ ইয়াছমিনা খাতুন, ছাজিদা বেগম, আনোৱাৰ ছিকদাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত উজলি উঠা অসম দলটো
ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত উজলি উঠা অসম দলটো
 
আৱাজ দ্য ভইচ অসম ব্যুৰো

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে অসমে দুটা সোণসহ মুঠ পাঁচটা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সাধাৰণ সম্পাদক তথা আন্তৰ্জাতিক পৰ্যায়ৰ সাঁতোৰ প্ৰশিক্ষক ৰাজীৱ দেই জনোৱা মতে, তিনিদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোত অসমে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

অসমৰ ইয়াছমিনা খাতুনে প্ৰতিযোগিতাৰ প্ৰথম দিনা এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰে৷ ছাৱ-জুনিয়ৰ ছোৱালীৰ এছ-১০ শাখাত খেলা অসমৰ বৰপেটাৰ কিশোৰী ইয়েছমিনাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত সোণ লাভ কৰাৰ লগতে এশ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক অৰ্জন কৰি অসম দলক প্ৰত্যাশিত আৰম্ভনি দিয়ে৷ ইয়াছমিনাৰ এই সফলতাই উৎসাহিত কৰে অসমৰ অন্য পেৰা সাঁতোৰবিদসকলক৷

ইফালে, অসমক প্ৰথমদিনা দ্বিতীয়টো সোণৰ পদক দিয়ে কৃষ্ণ দাসে৷ জুনিয়ৰ ল’ৰাৰ এছ-১৪ শাখাত খেলা কামৰূপ মহানগৰ জিলাৰ সাঁতোৰবিদ কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইলত সোণ অৰ্জন কৰে৷
 
পদকৰ সৈতে ইয়াছমিনা খাতুন, ছাজিদা বেগম, আনোৱাৰ ছিকদাৰ
 
অসমৰ আন্তৰ্জাতিক পেৰা সাঁতোৰবিদ আনোৱাৰ ছিকদাৰৰ পৰাও সোণৰ পদক আশা কৰা হৈছিল যদিও প্ৰথমদিনা তেওঁ ৰূপৰ পদকতে সন্তুষ্ট থাকে। বৰপেটা জিলাৰ অভিজ্ঞ পেৰা সাঁতোৰগৰাকীয়ে পুৰুষৰ এছ বি-৮ শাখাত অংশ লৈ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত দ্বিতীয় স্থান দখল কৰে। 

ইফালে, প্ৰথমদিনা অসমৰ হৈ একমাত্ৰ ব্ৰঞ্জৰ পদকটো লাভ কৰে ছাজিদা বেগমে৷ মহিলাৰ এছ বি-৯ শাখাত খেলা বৰপেটাৰ ছাজিদাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিনিকী ভূঞা শৰ্মা, সভাপতি চন্দন বৰুৱা আৰু সাধাৰণ সম্পাদক  ৰাজীব দেৰ লগতে সন্থাৰ অন্যান্য বিষয়ববীয়াসকলে পদকজয়ী পেৰা সাঁতোৰবিদসকলক অভিনন্দন জনাইছে৷ 

উল্লেখ্য যে, প্ৰতিযোগিতাত অসমৰ ১৬ জনীয়া সদস্যৰ এটা দলে অংশগ্ৰহণ কৰিছে৷ দিব্যাংগ হোৱাৰ পাছতো অদম্য সাহস আৰু মানসিক দৃঢ়তাৰে সমাজৰ বাবে আদৰ্শ হৈ ৰাজ্যক প্ৰতিনিধিত্ব কৰা পেৰা সাঁতোৰবিদসকল হ’লঃ আনোৱাৰ ছিকদাৰ, কৃষ্ণ দাস, অন্যতম ৰাজকুমাৰ, শ্বাহাদত আলী ছিকদাৰ, আক্কাছ আলী, হুকেশ্বৰ ডেকা, কুতুপ আলী, দেবিলাল মিলি আৰু শ্বাহনেৱাজ আলম (পুৰুষ দল)৷ 

আনহাতে, মহিলা খেলুৱৈসকল হ’লঃ ধুনু টাঅ’, প্ৰীতি দাস, ৰেবতী নমসুদ্ৰ, ছাজিদা বেগম আৰু য়াছমিনা খাতুন৷ দলটোৰ মেনেজাৰ হ’ল খগেন চন্দ্ৰ কলিতা৷