হাৰ্দিক পাণ্ডিয়াক ৪.৩ কোটি টকাৰ প্ৰতাৰণা কৰা বৈভৱ পাণ্ডিয়া কোন ?

Story by  atv | Posted by  [email protected] • 18 d ago
হাৰ্দিক পাণ্ডিয়া
হাৰ্দিক পাণ্ডিয়া
 
মুম্বাই
 
ভাৰতৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক আৰু ক্ৰুনাল পাণ্ডিয়াৰ সতি ভাতৃ (Step Brother) বৈভৱ পাণ্ডিয়াক প্ৰায় ৪.৩ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে বৈভৱে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ পৰা প্ৰায় ৪.৩ কোটি টকা হৰলুকি কৰিছে, যাৰ ফলত হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ ভাতৃ ক্ৰুনাল পাণ্ডিয়া লোকচানৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে।
 
হাৰ্দিক, ক্ৰুনাল আৰু বৈভৱে ২০২১ চনত এটা ব্যৱসায় স্থাপন কৰিছিল, আৰু চুক্তি অনুসৰি ক্ৰিকেটাৰ দুগৰাকীয়ে লাভৰ পৰা ৪০ শতাংশকৈ ভাগ লোৱাৰ বিপৰীতে বৈভৱে লাভ কৰিব ২০ শতাংশ। কিন্তু বৈভৱ পাণ্ডিয়াই লাভৰ ভাগ বতৰা কৰাৰ পৰিৱৰ্তে এটা সুকীয়া কোম্পানী গঠন কৰি ব্যৱসায়ৰ পৰা ধনখিনি তালৈ ডাইভাৰ্ট কৰিছে।
মুম্বাই আৰক্ষীৰ ইকনমিক অফেন্সছ উইং (ই অ’ ডব্লিউ)ৰ বিষয়াসকলে জনোৱা মতে, বৈভৱৰ বিৰুদ্ধে প্ৰতাৰণা আৰু জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। ৩৭ বছৰীয়া হাৰ্দিকে অভিযোগ দাখিল কৰাৰ পিছতে বৈভৱক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, আইপিএলত ৰোহিত শৰ্মাৰ স্থানত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে নিযুক্তি লাভৰ পিছৰে পৰা হাৰ্দিক পাণ্ডিয়া অনুৰাগীৰ ৰোষত পৰিছে আৰু ষ্টেডিয়ামৰ বাহিৰে-ভিতৰে তেওঁ দৰ্শকৰ গ্লানিৰ সন্মুখীন হৈছে। মুম্বাইৰ অধিনায়ক পদৰ পৰা ৰোহিতক অপসাৰণ কৰাৰ সিদ্ধান্তক অনুৰাগীয়ে ইতিবাচকভাৱে লোৱা নাই।