ৰঙৰ উত্‍সৱৰ মাজতে গুৱাহাটীত মঙলবাৰে ভাৰত-আফগানিস্তানৰ মুখামুখি

Story by  atv | Posted by  [email protected] • 1 Months ago
অনুশীলনৰ সময়ত ভাৰতীয় ফুটবলৰ দলটো
অনুশীলনৰ সময়ত ভাৰতীয় ফুটবলৰ দলটো

 

গুৱাহাটী

সুদীৰ্ঘ চাৰে চাৰি বছৰৰ মূৰত গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল অনুষ্ঠিত হ'ব। ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক খেলখনক লৈ সৰুসজাই সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। একেদৰে আয়োজক অসম ফুটবল সন্থাও সম্পূর্ণ প্রস্তুত। ভাৰত আৰু আফগানিস্তান দল দুটা ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। ইয়াৰ লগে লগে সমগ্ৰ গুৱাহাটীত ফুটবল উন্মাদনা সৃষ্টি হোৱা দেখা গৈছে।

উল্লেখ্য যে, সামগ্ৰিকভাৱে সৰুসজাইৰ ষ্টেডিয়ামত ফুটবলৰ ছিনিয়ৰ পৰ্যায়ত এইখন পঞ্চমখন খেল। খেলখনত পূৰ্বতে ২২,৭৯৮গৰাকী দর্শক উপস্থিত থকাৰ অভিলেখ স্পর্শ কৰিবনে সেই লৈ এতিয়া চৰ্চা চলিছে। ভাৰতৰ তাৰকা ফুটবলাৰ আৰু অধিনায়ক সুনীল ছেত্রীয়ে ২৬ মার্চত ভাৰতীয় দলৰ হৈ ১৫০খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব। ইয়াৰ পৰিপ্ৰেক্ষিতত খেলখনৰ গুৰুত্ব বৃদ্ধি পাইছে।

ভাৰতীয় দলৰ প্ৰশিক্ষক ইগৰ ষ্টিমাকেও সুনীল ছেত্ৰীৰ বাবে স্মৰণীয় হৈ পৰিব লগা খেলখন ভাৰতৰ বাবেও স্মৰণীয় কৰি তোলাত গুৰুত্ব দিছে। ষ্টিমাকে কয়—‘আশা কৰিছোঁ দলনেতাই খেলখনক স্মৰণীয় কৰি ৰাখিব।’

উল্লেখ্য যে ২০১১ৰ ১৩ নৱেম্বৰত ভাৰত আৰু মালয়ছিয়াৰ মাজত সৰুসজাইত অনুশীলনৰ সময়ত ভাৰতৰ ফুটবল দলৰ খেলুৱৈ, দেওবাৰে৷ সৰুসজাইত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। খেলখন ১-১ গ'লত ড্র হৈছিল। ইয়াৰ পাছত ২০১৫ৰ ১২ মাৰ্চত ভাৰতে নেপালক ২-০ গ'লত আৰু ২০১৬ৰ ৭ জুনত লাওছক ৬-১ গ'লত পৰাস্ত কৰিছিল। অৱশ্যে ২০১৯ৰ ৫ ছেপ্টেম্বৰত অনুষ্ঠিত অন্তিমখন খেলত ভাৰতে ৮০ মিনিটলৈ যুঁজ দিয়াৰ পাছত ওমানৰ হাতত ২-১ গ'লত পৰাস্ত হৈছিল। এই খেলত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল ষ্টিমাক।

তেওঁ গুৱাহাটীৰ খেলখনত ওমানৰ হাতত পৰাজয়ক মুঠেই সহজভাৱে লোৱা নাই। এই পৰাজয়ৰ বেদনাক এইবাৰ ২৬ মাৰ্চত ষ্টিমাকে পাহৰিবলৈ বিচাৰিছে। তেওঁৰ একান্ত ইচ্ছা আফগানিস্তানক পৰাস্ত কৰিবই। সেই বাবেই খেলখনৰ গুৰুত্ব বৃদ্ধি পাইছে৷ আনহাতে, ভাৰতীয় দলৰ গ’লক্ষক গুৰুপ্ৰীত সিং সান্ধুৱো গুৱাহাটীত ফুটবলৰ পৰিৱেশ দেখি বিশেষকৈ ভাৰতীয় দলক লৈ অনুৰাগীৰ উচ্ছ্বাসত উৎফুল্লিত।

হোলীৰ আনন্দ-উল্লাসৰ মাজতে অনুষ্ঠিত হ'বলগীয়া খেলখনত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ পৰৱৰ্তী ৰাউণ্ডৰ দৌৰত নিজৰ স্থান সুৰক্ষিত কৰাৰ বাবে ভাৰতৰ বাবে জয় অপৰিহাৰ্য। খেলখন ২৬ মাৰ্চৰ সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।