আইপিএলত ৰানৰ প্লাৱন; এখন মেচত ৫২৩ ৰানৰ বিশ্ব অভিলেখ

Story by  atv | Posted by  [email protected] • 30 d ago
মুম্বাইৰ অধিয়ানক হাৰ্দিক পাণ্ডিয়া, কাষত ৰোহিত শৰ্মা
মুম্বাইৰ অধিয়ানক হাৰ্দিক পাণ্ডিয়া, কাষত ৰোহিত শৰ্মা

হায়দৰাবাদ

আইপিলত বুধবাৰে নিশা হোৱা ৰানৰ প্লাৱনে ক্ৰিকেট অনুৰাগীক উন্মাদিত কৰিছে। ২৭৭ ৰান সংগ্ৰহ কৰিও ছানৰাইজাৰ্ছ হায়দৰাবাদে  বিশাল জয় সাব্যস্ত কৰিব নোৱাৰিলে। পাহাৰসম এই ৰানৰ লক্ষ্যৰ পিছ লৈ তাৰকাসমৃদ্ধ মুম্বাই ইণ্ডিয়ানছে ২৪৬ ৰানত স্তব্ধ হয় আৰু  ৩১ ৰানত পৰাজয় স্বীকাৰ কৰে। হায়দৰাবাদত অনুষ্ঠিত মেচখনত সামগ্ৰিকভাৱে ৫২৩ ৰানৰ জোৱাৰ উঠে। আইপিএলৰ ইতিহাসত এই ধৰণৰ ৰানৰ পাহাৰ গঢ়ি উঠাৰ ঘটনা এয়াই প্ৰথম।

হাৰ্দিক পাণ্ডিয়াৰ আমন্ত্ৰণক্ৰমে প্ৰথমে বেটিং কৰি হায়দৰাবাদে হেনৰিক ক্লাছেনৰ বিস্ফোৰক ৮০ (অপঃ), অভিষেক শৰ্মাৰ ৬৩, ট্ৰেভিছ হেডৰ ৬২ আৰু এইডেন মাৰ্কৰামৰ ৪২ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটৰ বিনিময়ত ২৭৭ ৰানৰ সুবিশাল স্ক'ৰ থিয় কৰায়। ক্লাছেন আৰু অভিষেকে ৭টাকৈ ছিক্সাৰ কোৱাই দৰ্শকক অপৰিসীম আনন্দ দিয়ে।
প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে তিলক বাৰ্মা আৰু টিম ডেভিদৰ আক্ৰমণাত্মক বেটিঙৰ সহায়ত লক্ষ্যৰ কাষ চাপিবলৈ চেষ্টা চলায় যদিও ২৪৬ ৰানত থমকি ৰয়। তিলকে ৬৪ আৰু ডেভিদে ৪২ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। ৰোহিত শৰ্মাই ২৬ আৰু অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত দলটোৰ বাবে জয় টুকি পোৱাটো অসম্ভৱ হৈ পৰে। 
 
চলিত আইপিএলত মুম্বাইৰ এয়া ক্ৰমাগত দ্বিতীয়টো পৰাজয়।