আমি শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিমঃ ড্ৰেছিং ৰুমলৈ আহি মনোবল বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মহম্মদ ছামীৰ

Story by  atv | Posted by  [email protected] • 11 Months ago
টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত প্ৰধানমন্ত্ৰী মোদী
টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত প্ৰধানমন্ত্ৰী মোদী
 
আহমেদাবাদ

বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত অপ্ৰত্যাশিত পৰাজয়ৰ পিছত ভাৰতীয় দলৰ ড্ৰেছিং ৰুমলৈ আহি খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে।
 
ছ'চিয়েল মিডিয়া ছাইট টুইটাৰত আজি ছামীয়ে কয়, "দুৰ্ভাগ্যজনকভাৱে কালি আমাৰ দিন নাছিল। সমগ্ৰ প্ৰতিযোগিতাখনত আমাৰ দল আৰু মোক সমৰ্থন আগবঢ়োৱাৰ বাবে সকলো ভাৰতীয়কে ধন্যবাদ জনাইছো। বিশেষভাৱে ড্ৰেছিং ৰুমলৈ আহি আমাৰ মনোবল বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অশেষ ধন্যবাদ জনাইছো। আমি শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিম।"
বিশ্বকাপত সৰ্বাধিক উইকেট দখল কৰা তাৰকা বেগী বলাৰজনে টুইটাৰত শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ড্ৰেছিং ৰুমৰ ভিতৰত ছামীক সাৱতি ধৰি সান্ত্বনা দি আছে। 
 
টীম ইণ্ডিয়াৰ আন এগৰাকী তাৰকা ৰবীন্দ্ৰ জাদেজাইও প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই আজি টুইট কৰিছে। তেওঁ কয়, "যোৱা নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ড্ৰেছিং ৰুম ভ্ৰমণ অতি বিশেষ আৰু অতি প্ৰেৰণাদায়ক আছিল।"
উল্লেখ্য যে, ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত জয়লাভ কৰাকে ধৰি একেৰাহে ১০খন মেচত জয়েৰে বিশ্বজয়ৰ সপোন জগাই তুলিছিল। কিন্তু দলটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধিক্ষণত পৰাজয়ৰ সন্মুখীন হৈ কোটি কোটি ভাৰতীয়ক আশাহত কৰে। 
 
টীম ইণ্ডিয়াৰ পৰাজয়ে দেশবাসীৰ হৃদয় বিদ্ধ কৰাৰ ক্ষন্তেক পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰি টুইটাৰত কৈছিল, '"প্ৰিয় টীম ইণ্ডিয়া, বিশ্বকাপত আপোনালোকৰ প্ৰদৰ্শন আৰু দৃঢ়তা উল্লেখযোগ্য আছিল। আপোনালোকে প্ৰতিখন মেচতে উদ্যমেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। আমি সদায়ৰ দৰে আজিও আপোনালোকৰ সৈতে আছো।"
উল্লেখ্য যে, ভাৰতে এইবাৰ ১২ বছৰৰ মূৰত পুনৰ বিশ্বকাপৰ সোণালী কাপ হাতত তুলি ল'ব বুলি আশা কৰিছিল কোটি কোটি দেশবাসীয়ে। প্ৰতিযোগিতাখনত ১০খন খেলত অপৰাজিত হৈ থকা দলটোৱে অৱশেষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত দূৰ্বল হৈ পৰে। প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ২৪০ ৰান সংগ্ৰহ কৰাৰ পিছত অষ্ট্ৰেলিয়াই মাত্ৰ ৪টা উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়।