WPL 2024 ৰ প্ৰতিভাৱান মুছলমান মহিলা ক্ৰিকেটাৰসকল

Story by  atv | Posted by  [email protected] • 4 Months ago
WPL 2024 ৰ প্ৰতিভাৱান মুছলমান মহিলা ক্ৰিকেটাৰসকল
WPL 2024 ৰ প্ৰতিভাৱান মুছলমান মহিলা ক্ৰিকেটাৰসকল
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
মহিলা ক্ৰিকেটত জিলিকি থকা খেলুৱৈসকলে নতুন মঞ্চ লাভ কৰিছে। মহিলা প্ৰিমিয়াৰ লীগৰ ষ্টেডিয়ামত দৰ্শকৰ হাতচাপৰি, লীগ ক্ৰিকেটৰ বিশেষ সুৰ এতিয়া কেৱল ধোনী, কোহলী, ৰিংকু সিং, জাদেজাৰ দৰে ছুপাৰ ষ্টাৰৰ বাবেই বাজি নাথাকে, মহিলা ক্ৰিকেটাৰৰ বাবেও এতিয়া বৃদ্ধি পাইছে খেলপথাৰৰ উত্তেজনা। বিশেষ কথাটো হ’ল তেওঁলোকৰ মাজত বহু মুছলমান মহিলা ক্ৰিকেটাৰ আছে, যিয়ে বল আৰু বেটেৰে নিজৰ পাৰদৰ্শিতা দেখুৱাই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে। এই লেখাটোৰ জৰিয়তে আপুনি বিতংভাৱে জানিব পাৰিব মহিলা আই পি এল ২০২৪ ৰ মুছলমান খেলুৱৈসকলৰ বিষয়ে।
 
 
শ্বাবনিম ইছমাইল
 
শ্বাবনিম ইছমাইল (ইউ পি ৱাৰিয়ৰ্ছ)
 
শ্বাবনিম ইছমাইল দক্ষিণ আফ্ৰিকাৰ এগৰাকী ক্ৰিকেটাৰ। ১৯৮৮ চনৰ ৫ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত জন্মগ্ৰহণ কৰিছিল শ্বাবনিমৰ। তেওঁ বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া বেগী বলাৰ। ৩৫ বছৰীয়া শ্ববনম ইছমাইলে নিজৰ বিপজ্জনক বাউন্সাৰেৰে বেটছমেনৰ মাজত আতংকৰ সৃষ্টি কৰিছে। এগৰাকী উৎকৃষ্ট বেগী বলাৰ হোৱাৰ উপৰিও তেওঁ এজন উৎকৃষ্ট ফিল্ডাৰ। তেওঁৰ উপস্থিতিয়ে মুম্বাইৰ দলক অধিক শক্তিশালী কৰিছে। মহিলা আই পি এলৰ নিলামত শ্বাবনিমক ১.২ কোটি টকাত ক্ৰয় কৰিছিল মুম্বাইয়ে।
 
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত শ্বাবনামে নিজৰ গতিৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। সেই মেচত ঘণ্টাত ১২৮ কিলোমিটাৰ বেগেৰে বলিং কৰি মহিলা ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িছিল।
 
সোঁহতীয়া বেগী বলাৰ শ্ববনিম ইছমাইলে ১১৩ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১২৩ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে, য’ত ১২ ৰানত ৫ টা উইকেট তেওঁৰ শ্ৰেষ্ঠ বলিং হিচাপে পৰিগণিত হৈছে। ১২৭ খন এদিনীয়া খেলত শ্ববনামৰ নামত ১৯১ টা উইকেট আছে। ১০ ৰানত ৬ উইকেট দখল কৰি এদিনীয়াত তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং। আনহাতে টেষ্টৰ সৰ্বশ্ৰেষ্ঠ ৩ টা উইকেট। 
 
দক্ষিণ আফ্ৰিকাৰ এইগৰাকী মহিলা পেচাৰ টি-২০ত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে। এই ফৰ্মেটত অষ্ট্ৰেলিয়াৰ মেগান শ্বুটে সৰ্বাধিক ১৩০ উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয় স্থানত আছে পাকিস্তানৰ নিদা দাৰ। ১২৫টা উইকেট দখলেৰে তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ অনিশা মহম্মদ।
ফাতিমা জাফৰ
 
ফাতিমা জাফৰ(মুম্বাই ইণ্ডিয়ানছ)
 
 
মুম্বাইত জন্মগ্ৰহণ কৰা ফাতিমাৰ সম্পূৰ্ণ নাম ফাতিমা কালিম জাফেৰ। আৰমান জাফৰৰ ভগ্নীও। ফাতিমা এগৰাকী সোঁহতীয়া বেগী বলাৰ। ফাতিমা এগৰাকী উপযোগী বেটছমেনো। সৰুৰে পৰা ককায়েক আৰমানক খেলা দেখি তেওঁও ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হৈ পৰে। পিতৃ কালিমে তেওঁৰ এই খেলৰ প্ৰতি আগ্ৰহ দেখি তেওঁক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লয়। কালিমৰ মতে,  ফাতিমাই প্ৰথম বলিং কৰাৰ দিনাৰ পৰাই বলিং প্ৰতিভাৰ আবিৰ্ভাৱ হ’বলৈ আৰম্ভ কৰিছিল।
 
কালিমৰ মতে ফাতিমা অতি পৰিশ্ৰমী। “তেওঁ কেৱল ৰাইট আৰ্ম ছিমাৰ নহয়, বাওঁহাতেৰেও ভাল স্পিন বল কৰিব পাৰে। তেওঁ দৈনিক ছয় ঘণ্টাকৈ অনুশীলন কৰে। ৰিজভি স্প্ৰিংফিল্ড মেনেজমেণ্টে ফাতিমা জাফাৰক অধ্যয়ন আৰু ফ্ৰীশ্বিপৰ ক্ষেত্ৰত সহায় কৰিছিল।
 
ফাতিমাই মুম্বাইক ঘৰুৱা চাৰ্কিটত শোভা বঢ়াই বহু বিখ্যাত ক্ৰিকেটাৰ সৃষ্টি কৰা সন্মানীয় ৰিজভি স্প্ৰিংফিল্ডক প্ৰতিনিধিত্ব কৰিছিল আৰু শেষত ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল। মাত্ৰ ১৩ বছৰ বয়সতে ৰাজকোটত অনুষ্ঠিত হোৱা ৱেষ্ট জ’ন ৱান ডে লীগত মুম্বাইৰ ১৯ বছৰ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছিল। বৰ্তমান তেওঁ মুম্বাইৰ মহিলা ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰে। মহিলা ছিনিয়ৰ টি-২০ ট্ৰফীৰ শেহতীয়া সংস্কৰণত ১০খন খেলত ১২টা উইকেট দখল কৰে। মিডল অৰ্ডাৰত গুৰুত্বপূৰ্ণ ৰান সংগ্ৰহৰ ক্ষেত্ৰত বেটৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে তেওঁ প্ৰতিযোগিতাখনত মুম্বাইৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
বলৰ সৈতে আৰু বলৰ অবিহনে তেওঁৰ কৃতিত্বৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই ইণ্ডিয়ানছৰ স্কাউটিং দলে আন এক ৰত্ন বিচাৰি পাইছে। মুম্বাই ইণ্ডিয়ানে ১০ লাখ টকা মূল্যত ফাতিমাক চুক্তিবদ্ধ কৰে।
 
মুম্বাইৰ মহিলা ১৯ বছৰ অনুৰ্ধৰ প্ৰশিক্ষক সঞ্জয় গাইটোণ্ডে কয়, ‘তেওঁ অন্যতম বেগী বলাৰ। এগৰাকী ভাল বেটছমেন। ফাতিমাই যদি কঠোৰ পৰিশ্ৰম কৰে তেন্তে তেওঁ এগৰাকী ভাল সম্ভাৱনা হ’ব পাৰে।
 
ফাতিমাই মুম্বাই দলৰ হৈ খেলে। তেওঁ কয়, ‘মই মোৰ খুড়া ৱাছিম জাফেৰৰ দৰে ভাৰতৰ হৈ খেলিব বিচাৰো। এয়া হ’ব এক গৌৰৱ আৰু সুখদায়ক অনুভৱ। মোৰ প্ৰিয় মহিলা ক্ৰিকেটাৰ ভাৰতীয় খেলুৱৈ পুনম ৰাউত।”
 
ছাইকা ইছহাক
 
ছাইকা ইছহাক(মুম্বাই ইণ্ডিয়ান)
 
১৯৯৫ চনৰ ০৮ অক্টোবৰত জন্মগ্ৰহণ কৰা ছাইকা ইছাক বংগৰ কলকাতাৰ এগৰাকী শ্ল' বাওঁহতীয়া বলাৰ। শৈশৱৰ পৰা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা ছাইকাই ১৬ বছৰ অনুৰ্ধ আৰু ২৩ বছৰ অনুৰ্ধ বংগ দলৰ হৈ খেলিছিল। বিচিচিআইৰ ২৩ বছৰ অনুৰ্ধ মহিলা এদিনীয়া ট্ৰফীৰ বিজয়ী দলৰ অংশও আছিল তেওঁ। ছাইকাই বলৰ ক্ষেত্ৰত সদায় আকৰ্ষণীয় হৈ আহিছে যদিও হেঁচাত আকৰ্ষণীয় কেমিঅ’ খেলাৰ ক্ষমতাও তেওঁৰ আছে।
 
মুম্বাই ইণ্ডিয়ানছে ছাইকাই এটা মানসম্পন্ন টি-২০ দলত যি মূল্য যোগ কৰে তাক স্বীকাৰ কৰি বাওঁহাতৰ বলাৰগৰাকীক ১০ লাখ টকাত ক্ৰয় কৰে। প্ৰথম ছিজনত ডাঙৰ মঞ্চত জিলিকি উঠা ইছহাকে প্ৰতিযোগিতাখনৰ যৌথ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়। ইছহাকে মুম্বাইৰ বেটিং লাইন আপতো গভীৰতা বৃদ্ধি কৰে আৰু বাওঁহতীয়া বেটছমেনগৰাকীয়ে পুনৰ বেট আৰু বল দুয়োটাৰে প্ৰভাৱ পেলাব বিচাৰিব।
গৌহৰ চুলতানা (ইউ পি ৱাৰিয়ৰ্ছ)
 
টাটা মহিলা আই পি এল ২০২৪ৰ নিলামত ৩০ লাখ টকাত ক্ৰয় কৰা হৈছে গৌহৰ চুলতানাক। বাওঁহাতৰ গতানুগতিক স্পিনাৰ চুলতানাৰ উৰণ, ঘূৰণীয়া আৰু সঠিকতাৰ ভাল সংমিশ্ৰণ আছে। তেওঁৰ অভিজ্ঞতাও অপৰিসীম, তেওঁ ভাৰতৰ হৈ ৮৭খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে য’ত তেওঁ ৯৫ টা উইকেট দখল কৰিছে। তেওঁ নিম্ন ক্ৰমত কিছুমান উপযোগী ৰানও দিব পাৰে। WPL এ তেওঁলোকক আকৌ এবাৰ ডাঙৰ মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ দিয়ে আৰু আগন্তুক সুযোগসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰে।
 
গৌহৰ চুলতানা
গৌহৰ চুলতানা (ইউ পি ৱাৰিয়ৰ্ছ)
 
টাটা মহিলা আই পি এল ২০২৪ৰ নিলামত ৩০ লাখ টকাত ক্ৰয় কৰা হৈছে গৌহৰ চুলতানাক। বাওঁহাতৰ গতানুগতিক স্পিনাৰ চুলতানাৰ উৰণ, ঘূৰণীয়া আৰু সঠিকতাৰ ভাল সংমিশ্ৰণ আছে। তেওঁৰ অভিজ্ঞতাও অপৰিসীম, তেওঁ ভাৰতৰ হৈ ৮৭খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে য’ত তেওঁ ৯৫ টা উইকেট দখল কৰিছে। তেওঁ নিম্ন ক্ৰমত কিছুমান উপযোগী ৰানও দিব পাৰে। WPL এ তেওঁলোকক আকৌ এবাৰ ডাঙৰ মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ দিয়ে আৰু আগন্তুক সুযোগসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰে।
 
শ্বাবনাম ছাকিল
 
শ্ববনাম ছাকিল (গুজৰাট জায়েন্টছ)
 
 
২০২৩ চনত আই চি চি মহিলা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত জয়ী হোৱা ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ অংশ আছিল শ্ববনম ছাকিল। অন্ধ্ৰ বলাৰসকলে নিয়ন্ত্ৰণৰ সৈতে বলিং কৰাৰ লগতে স্ক’ৰিঙৰ হাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে পৰিচিত।
 
এই ছিজনত ঘৰুৱা প্ৰতিযোগিতাত শ্ববনিম ছাকিলে কিছু উৎকৃষ্ট বলিং কৰিছে। তেওঁক ১০ লাখ টকাত ক্ৰয় কৰিছিল গুজৰাট জায়েন্টছে। শ্ববনমে এতিয়াও ডব্লিউ পি এলত অভিষেক ঘটাব পৰা নাই যদিও আশাকৰোঁ তেওঁ সুযোগ পাব। কিছু অভিজ্ঞ খেলুৱৈৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিব আৰু লি টাহুহু আৰু এছলী গাৰ্ডনাৰৰ পৰা বহু কথা শিকিব পাৰিব।