নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে সন্ত্ৰাসবাদীক পুঁজি আগবঢ়োৱা গোচৰত অভিযুক্ত ৱাহিদ-উৰ-ৰেহমান আৰু আব্দুল ৰছিদ

Story by  atv | Posted by  [email protected] • 20 d ago
ৱাহিদ-উৰ-ৰেহমান পাৰা আৰু ইঞ্জিনিয়াৰ শ্বেখ আব্দুল ৰছিদ
ৱাহিদ-উৰ-ৰেহমান পাৰা আৰু ইঞ্জিনিয়াৰ শ্বেখ আব্দুল ৰছিদ
 
আহমেদ আলী ফায়াজ / শ্ৰীনগৰ

সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগৰ সন্মুখীন হোৱা কমেও দুজন কাশ্মীৰী ৰাজনীতিবিদে জম্মু আৰু কাশ্মীৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোক হৈছে শ্ৰীনগৰ-গাণ্ডাৰবল সমষ্টিৰ পৰা টিকট লাভ কৰা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী ৱাহিদ-উৰ-ৰেহমান পাৰা আৰু সন্ত্ৰাসবাদী পুঁজিৰ অভিযোগত বৰ্তমান দিল্লীৰ তিহাৰ কাৰাগাৰত থকা প্ৰাক্তন বিধায়ক ইঞ্জিনিয়াৰ শ্বেখ আব্দুল ৰছিদ।
 
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(এন আই এ)ৰ দ্বাৰা সন্ত্ৰাসবাদী পুঁজি আৰু অবৈধ কাৰ্যকলাপত অভিযুক্ত হোৱাৰ পিছত ৩৪ বছৰীয়া পাৰা সম্প্ৰতি জামিনত আছে। এন চিৰ দুৰ্গ বুলি গণ্য কৰা আৰু বৰ্তমান লোকসভাত ফাৰুক আব্দুল্লাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোত ৰাষ্ট্ৰীয় সন্মিলনৰ এতিয়াও মনোনীত নোহোৱা প্ৰাৰ্থীগৰাকীৰ সৈতে তেওঁ যুঁজ দিব। এই সমষ্টিৰ পৰা ২০১৪ চনত এবাৰহে নিৰ্বাচনত পৰাস্ত হৈছিল এন চি।
 
এসময়ত ৱাহিদ-উৰ-ৰেহমান পাৰা পাকিস্তান সমৰ্থক জামাত-ই-ইছলামী আৰু হিজবুল মুজাহিদীনৰ ঘনিষ্ঠ আছিল, যি দুয়োটা দল আজি নিষিদ্ধ সংগঠন। চৰকাৰী ৰেকৰ্ড অনুসৰি ২০০৭ চনত তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল য’ত তেওঁ হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ চালাহুদ্দিনক লগ পাইছিল আৰু পিছলৈ পুলৱামাস্থিত কেবল টিভি চেনেলৰ জৰিয়তে তেওঁৰ সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰিছিল।
 
চাৰি বছৰৰ পাছত পাৰাক ৰাম জেঠমালানী নেতৃত্বাধীন ‘কাশ্মীৰ কমিটি-২’ৰ সদস্য হিচাপে বাছি লোৱা হয়। চৰকাৰৰ সৈতে আলোচনাত বিচ্ছিন্নতাবাদীক সাঙুৰি ল'ব বিচৰা এই বেচৰকাৰী বেক চেনেল গ্ৰুপৰ সদস্য হিচাপে তেওঁ সাংবাদিক আৰু লেখক এম জে আকবৰ, মধু কিশ্বৰ, আৰু প্ৰাক্তন আমোলা ভি কে গ্ৰভাৰৰ সৈতে কান্ধ মিলাইছিল।
 
২০১৪ চনত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাৰা পিডিপিত যোগদান কৰে। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দক্ষিণ কাশ্মীৰৰ পিডিপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাইছিল। ২০১৬ চনত পিতৃ মুফতি মহম্মদ ছাইদৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মেহবুবা মুফতীৰ হৈও তেওঁ প্ৰচাৰ চলাইছিল। তাৰ পিছত তেওঁ পিডিপিৰ যুৱ শাখাৰ সভানেত্ৰী হিচাপে মনোনীত হৈছিল।
 
২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত জনসাধাৰণৰ সুৰক্ষা আইন (পিএছএ)ৰ অধীনত প্ৰায় এবছৰ ধৰি আবদ্ধ হৈ থকা মূলসুঁতিৰ ৰাজনীতিবিদসকলৰ ভিতৰত পাৰা অন্যতম আছিল। পিছত ২০১৬ চনৰ ৰাজপথৰ অস্থিৰতাৰ সময়ত জামাত-ই-ইছলামী আৰু কঠোৰপন্থী চৈয়দ আলী শ্বাহ গীলানীৰ জোঁৱাই আলতাফ ফাণ্টুছক চৰকাৰী ধন হস্তান্তৰ কৰাত জড়িত থকাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰীয় তদন্ত সংস্থাই জেৰা কৰে।
 
তেওঁৰ বিৰুদ্ধে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আবু দুজানা (Abu Dujana)ৰ সংস্পৰ্শত থকাৰো অভিযোগ উত্থাপন হৈছিল। পৰৱৰ্তী সময়ত দুজানাক সেনাই হত্যা কৰিছিল। পাকিস্তান ভিত্তিক জেহাদী গোটৰ সৈতে জড়িত থকাৰ অভিযোগত পাৰাৰ বিৰুদ্ধে এন আই এয়ে দুখন পৃথক অভিযোগনামা দাখিল কৰে।
 
ইয়াৰ পিছত তেওঁ জেলৰ পৰাই ২০২০ চনত পুলৱামাৰ এটা অঞ্চলৰ পৰা ব্লক ডেভেলপমেণ্ট কাউন্সিলৰ (বিডিচি) নিৰ্বাচনত পিডিপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
 
আনহাতে, দুবাৰৰ বিধায়ক ইঞ্জিনিয়াৰ ৰছিদক আৱামি ইত্তেহাদ পাৰ্টিয়ে বাৰামুল্লা সমষ্টিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰিছে। ২০১৯ চনত এন আই এয়ে গ্ৰেপ্তাৰ কৰা ৰছিদ বৰ্তমান আণ্ডাৰট্ৰায়েল হিচাপে দিল্লীৰ তিহাৰ জেলত ভৰ্তি হৈ আছে। তেওঁৰ বিৰুদ্ধে কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনৰ বাবে ধন লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছে।
 
আমোদজনক কথাটো হ’ল, ৫৭ বছৰীয়া ৰছিদৰ বিৰুদ্ধে থিয় দিছে ছাজ্জাদ ল’ন নামৰ এজন প্ৰাক্তন মন্ত্ৰী, যাৰ পিতৃ আব্দুল গানী ল’নক হুৰিয়ত সন্মিলনৰ ফ্ৰণ্টলাইন বিচ্ছিন্নতাবাদী নেতা আছিল যদিও হিজবুল মুজাহিদীনে হত্যা কৰিছিল।
 
ছাজাদে পিতৃ হত্যাৰ বাবে আই এছ আই আৰু বিচ্ছিন্নতাবাদী কঠোৰপন্থী গীলানীক দোষাৰোপ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এই দাবী প্ৰত্যাহাৰ কৰে। মূলসুঁতিৰ ৰাজনীতিৰ সৈতে সংযুক্ত হোৱাৰ পাঁচ বছৰৰ পাছত তেওঁ বিজেপিৰ সৈতে প্ৰাক-নিৰ্বাচনী বুজাবুজিৰে ২০১৪ চনত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হয়।
 
ইঞ্জিনিয়াৰ ৰছিদ হুৰিয়তৰ অংশ ল’নে প্ৰতিষ্ঠা কৰা পিপলছ কনফাৰেন্সৰ সৈতেও জড়িত আছিল। পিছত তেওঁ পিচিৰ পৰা বিচ্ছিন্ন হৈ উত্তৰ কাশ্মীৰৰ গৃহ চহৰ লংগাটেৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৪ চনত লেংগেটৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰছিদে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল। ২০০৮ চনত মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰাৰ পিছতো ৰছিদে বিতৰ্কৰ সন্মুখীন হৈছিল। এবাৰ তেওঁ শ্ৰীনগৰৰ বিধায়কসকলৰ হোষ্টেলৰ ভিতৰত বিতৰ্কিত ‘গুৰু কাবাব পাৰ্টি’ৰ আয়োজন কৰিছিল।
 
উত্তৰ কাশ্মীৰত ছাজাদৰ প্ৰভাৱ আৰু কেডাৰ আছে কাৰণ তেওঁ শক্তিশালী ৰাজনৈতিক পটভূমিৰ পৰা আহিছে। ২০০৮ চনৰ পিছত তেওঁ পিতৃৰ ১৯৯০ চনৰ পূৰ্বৰ ৰাজনৈতিক উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে।