ভাতৃক জেলৰ পৰা মুক্ত কৰিবলৈ লণ্ডনৰ পৰা অহা ইকৰা হাছান কেনেকৈ হ'ল নতুন লোকসভাৰ সাংসদ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ইকৰা মুনাৱাৰ হাছান চৌধাৰী
ইকৰা মুনাৱাৰ হাছান চৌধাৰী
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ' 
 
পশ্চিম উত্তৰ প্ৰদেশৰ বিখ্যাত কাইৰানা লোকসভা সমষ্টিত ইকৰা মুনাৱাৰ হাছান চৌধাৰী চমকপ্ৰদ সাফল্যই দেশৰ ৰাজনৈতিক মহলক আচৰিত কৰি তুলিছে। এই আসনত তেওঁ বিজেপিৰ প্ৰাৰ্থী প্ৰদীপ চৌধুৰীক অনায়াসে পৰাস্ত কৰে। ১৯৬২ চনৰ পৰা ১৬ বাৰকৈ কৈৰানা লোকসভাৰ আসনত নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু এই সমষ্টিটোত বিজেপিৰ আধিপত্য অব্যাহত আছিল। কিন্তু এইবাৰ সকলো সমীকৰণ সলনি কৰিছে ইকৰা হাছান নামৰ কম বয়সীয়া এগৰাকী যুৱতীয়ে।
 
এই পৰ্যন্ত বিজেপিয়ে তিনিবাৰকৈ এই আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে দুবাৰ, সমাজবাদী পাৰ্টিয়ে দুবাৰ আৰু জনতা দলে দুবাৰকৈ জয়লাভ কৰিছে। এইবাৰ ইকৰা হাছানে সমাজবাদী পাৰ্টিৰ নিৰ্বাচনী প্ৰতীকত এই আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
 
ইকৰা হাছানে নিৰ্বাচনী প্ৰচাৰ চলাই থকা এক মূহুৰ্ত
 
মঙলবাৰে যেতিয়া ভোটগণনা আৰম্ভ হৈছিল তেতিয়া ইকৰা আৰম্ভণিতে পিছ পৰি থকা দেখা গৈছিল যদিও দুপৰীয়া তেওঁ অগ্ৰগতি লাভ কৰে আৰু এই অগ্ৰগতি শেষলৈকে অক্ষত থাকে। সমাজবাদী পাৰ্টিৰ মূৰব্বী অখিলেশ যাদৱে ইকৰাক কৈৰানা আসনৰ টিকট দিয়াৰ পিছৰে পৰাই সমষ্টিটোত নতুন সমীকৰণৰ সৃষ্টি হৈছিল। সমষ্টিটোৰ ৰাইজে যুৱতীগৰাকীৰ সৰলতাক প্ৰশংসা কৰাই নহয়, কন্যাৰ দৰে ইকৰাক মৰম দেখুৱাইছিল। বৃহত্‍ ভোটেৰে তেওঁক জয়ী কৰি সমষ্টিটোৰ ৰাইজে দেখুৱাই দিলে যে এই ভূমিৰ বাবে কন্যা সন্তান পুত্ৰতকৈ কোনোগুণে কম নহয়। 
 
উল্লেখ্য যে, ইকৰা হাছানে বিগত ৯ বছৰ ধৰি কৈৰানা অঞ্চলৰ ৰাজনীতিত সক্ৰিয় হৈ আছে। প্ৰাক্তন সাংসদ তবচ্ছুম হাছানৰ কন্যা আৰু নাহিদ হাছান তেওঁৰ ডাঙৰ ভাতৃ। ২৯ বছৰীয়া ইকৰা হাছানে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
 
লণ্ডনত পঢ়ি থকাৰ সময়তে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক (কা)ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ইকৰাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। ইকৰাৰ প্ৰাৰম্ভিক শিক্ষা কৈৰানাত হৈছিল যদিও তেওঁ দিল্লীৰ কুইন্স মেৰী স্কুলৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত লেডী শ্ৰী ৰাম কলেজৰ পৰা ইকৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ইকৰা সমষ্টিৰ প্ৰাক্তন সাংসদ চৌধুৰী আখতাৰ হাছানৰ নাতিনী, প্ৰাক্তন সাংসদ মুনাওৱাৰ হাছান আৰু তবচ্ছুম হাছানৰ কন্যা আৰু নাহিদ হাছানৰ ভগ্নী ইকৰাই দীৰ্ঘদিন ধৰি কৈৰানা লোকসভাৰ আসনত নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত আছিল।
 
ইকৰা হাছানে নিৰ্বাচনী প্ৰচাৰ চলাই থকা এক মূহুৰ্ত
 
উল্লেখ্য যে, গেংষ্টাৰ গোচৰত আদালতত আত্মসমৰ্পণ কৰাৰ পূৰ্বে ২০২২ চনৰ ১৫ জানুৱাৰীত নাহিদ হাছানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ভায়েক জেললৈ যোৱাৰ পিছদিনাখনৰ পৰাই ইকৰা হাছানে অবিৰতভাৱে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল। হাছান পৰিয়ালৰ ৰাজনীতিৰ বাঘজৰী তেওঁ নিজৰ কান্ধত তুলি লৈছিল।
 
কৈৰানা লোকসভা নিৰ্বাচনৰ বাবে এছ পিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত ইকৰা হাছানে নিৰ্বাচনী কাৰ্যসূচীত ব্যস্ত থকাৰ মাজতে কৈছিল যে এয়া তেওঁৰ পৰিয়ালৰ প্ৰথম নিৰ্বাচন নহয়। তেওঁ পূৰ্ণ শক্তিৰে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচনত জয়ী হোৱাটোৱেই হ’ব তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ। তেওঁ অঞ্চলটোৰ ৰাজনৈতিক গণিত বুজি পাইছিল আৰু এইবাৰ নিৰ্বাচনত নিজৰ ৰাজনৈতিক অভিজ্ঞতাক অতি ভালদৰে ব্যৱহাৰ কৰিছিল। 
 
২০১২ চনত প্ৰদীপ চৌধাৰীয়ে গংগোহ বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেই সময়ত হাছান পৰিয়ালৰ তাবাছুম হাছান, তেওঁৰ পুত্ৰ নাহিদ হাছান বিএছপিত আছিল আৰু গংগোহ বিধানসভাৰ পৰা বিএছপি প্ৰাৰ্থী হিচাপে টিকট বিচাৰি আছিল। টিকট নোপোৱাৰ বাবে হাছান পৰিয়ালৰ নাহিদ হাছানে গংগোহ বিধানসভাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।
 
ইকৰা হাছানে নিৰ্বাচনী প্ৰচাৰ চলাই থকা এক মূহুৰ্ত
 
এই বিধানসভা নিৰ্বাচনত নাহিদক পৰাস্ত কৰি জয়ী হৈছিল প্ৰদীপ চৌধুৰী। তাৰ পিছত তাবাছুম হাছান আৰু তেওঁৰ পুত্ৰ নাহিদ হাছানে এছ পিত যোগদান কৰিছিল। ইফালে, ২০১৭ চনত প্ৰদীপ চৌধাৰীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি গংগোহৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল। এই নির্বাচনত প্রদীপ চৌধুৰীয়ে গংগোহ বিধানসভাত বি এছ পিৰ নৌমান মাছুদক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷
 
বিজেপি হাইকমাণ্ডে বিধায়ক প্ৰদীপ চৌধাৰীক ২০১৯ বৰ্ষৰ কৈৰানা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু তেওঁ তবাছুম হাছানক ৯২ হাজাৰ ভোটত পৰাস্ত কৰি মধুৰ জয় সাব্যস্ত কৰে। ২০২৪ চনত বিজেপি হাইকমাণ্ডে পুনৰ কৈৰানা লোকসভা সমষ্টিত প্ৰদীপ চৌধাৰীক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। তেওঁৰ সন্মুখত তৃতীয়বাৰৰ বাবে এছ পি-কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰাৰ্থী হিচাপে হাছান পৰিয়ালৰ ইকৰা হাছানক থিয় কৰোৱা হৈছিল। এইদৰে লোকসভা নিৰ্বাচনত পুনৰবাৰ মুখামুখি হ’ল হাছান পৰিয়াল আৰু প্ৰদীপ চৌধুৰী পৰিয়াল।
 
উল্লেখ্য যে, কৈৰানা লোকসভাৰ আসনখন ১৯৬২ চনত অস্তিত্বলৈ আহে। যশপাল সিঙে প্ৰথমবাৰৰ বাবে ১৯৬২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এই আসন লাভ কৰিছিল। তেওঁ ১৩,৪৫,৮১টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। এই আসনত বিজেপিয়ে তিনিবাৰ, কংগ্ৰেছে দুবাৰ আৰু এছপি দুবাৰকৈ জয়ী হৈছে। জনতা দলেও দুবাৰকৈ এই আসনত জয়লাভ কৰিছে।
 
এই সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা ২৯ বছৰীয়া যুৱতী সাংসদ ইকৰা হাছানে কয় যে অঞ্চলটোৰ ৰাইজে তেওঁক দিয়া মৰমৰ বাবেই জয় সম্ভৱ হৈছে। তেওঁৰ ওপৰত আস্থা প্ৰকাশৰ বাবে সমষ্টিবাসীক ধন্যবাদ জনাই হাছানে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ সমষ্টিবাসীৰ স্বাৰ্থত কাম কৰি যাব আৰু কৃষকৰ সমস্যাসমূহ সংসদত উত্থাপন কৰিব।