ঘৰুৱা হিংসাৰ সন্মুখীন হোৱা দৰিদ্ৰ মহিলাসকলক জীৱন-যাপনৰ পথ দেখুৱাইছে ছ’চিয়েল প্ৰাইড ৱেলফেয়াৰ ছ’চাইটিয়ে

Story by  atv | Posted by  [email protected] • 2 Months ago
ছ’চিয়েল প্ৰাইড ৱেলফেয়াৰ ছ’চাইটিৰ এক অনুষ্ঠানত একাংশ মহিলা
ছ’চিয়েল প্ৰাইড ৱেলফেয়াৰ ছ’চাইটিৰ এক অনুষ্ঠানত একাংশ মহিলা
 
ঘাউছ শিৱনী / নতুন দিল্লী

পশ্চিম বংগৰ বাসিন্দা নাছীমাই দক্ষিণ-পূব দিল্লীৰ শ্বাহীন বাগ অঞ্চলত গৃহকৰ্মী হিচাপে কাম কৰে। এই উপাৰ্জনেৰে তেওঁ নিজৰ সৰু ল’ৰা-ছোৱালী দুটাৰ যতন লয় আৰু ৰিক্সা চলোৱা স্বামীয়ে উপাৰ্জনৰ অধিকাংশ ধন ড্ৰাগছ আৰু সুৰাৰ নামত খৰচ কৰে। তেওঁ পত্নী আৰু সন্তানকো নিয়মিতভাৱে নিৰ্যাতন চলাইছিল আৰু তেওঁলোকৰ লালন-পালনৰ কোনো দায়িত্ব পালন নকৰে। স্বামীৰ এই আচৰণক লৈ জ্ঞানী আৰু সাহসী মহিলা নাছীমা চিন্তিত হৈ পৰিছিল। তেওঁ এটা স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰিছিল।
 
এনেতে এদিন তেওঁ নাছিমাৰ দৰে মানুহক সহায় কৰা স্বেচ্ছাসেৱকৰ দল মহিলা পঞ্চায়তৰ সংস্পৰ্শলৈ আহিল। মহিলা পঞ্চায়তে হস্তক্ষেপ কৰি স্বামীক বুজাবলৈ চেষ্টা কৰিছিল যদিও স্বামীৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। অৱশেষত গোটটোৱে আইনী সহায় বিচাৰিলে আৰু নাছীমাৰ জীৱনটো লাহে লাহে ভালৰ দিশে আহিবলৈ ধৰে।
 
স্বামীয়ে এতিয়াও ড্ৰাগছ সেৱন কৰে যদিও তেওঁ বহুখিনি শান্ত হৈছে আৰু পত্নী-সন্তানৰ ওপৰত হাত উঠোৱা নাই। আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে মহিলা পঞ্চায়তৰ পৰা নাছীমাই কিছু আৰ্থিক সাহায্যও লাভ কৰে। এই মহিলা পঞ্চায়তৰ হস্তক্ষেপৰ বাবেই নাছীমাৰ দৰে প্ৰায় ৩ হাজাৰ মহিলাই শান্তি আৰু মৰ্যাদাৰে জীয়াই থাকিব পাৰিছে। মহিলা পঞ্চায়তে এই মহিলাসকলক ঘৰুৱা হিংসাৰ পৰা মুক্ত কৰাই নহয় আৰ্থিকভাৱেও সহায় কৰে।
 
 
মহিলা পঞ্চায়তখনে শ্বাহীন বাগৰ ছ’চিয়েল প্ৰাইড ৱেলফেয়াৰ ছ’চাইটিৰ তত্বাৱধানত আৰু দিল্লী চৰকাৰৰ সহযোগত কাম কৰে। মহিলা পঞ্চায়তৰ ফিৰদৌছ বেগমে কয় যে মহিলাসকলে তেওঁলোকৰ ওচৰলৈ বহু সমস্যা লৈ আহে যদিও অধিকাংশ গোচৰ ঘৰুৱা হিংসাৰ। তেওঁ কয় যে ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাৰ সংখ্যা আমি কল্পনা কৰাতকৈও অধিক।

“সাধাৰণতে মহিলাসকলে ঘৰত নিৰৱে হিংসা সহ্য কৰি থাকে আৰু ই গুৰুতৰ আৰু দীৰ্ঘস্থায়ী হোৱাৰ পিছতহে তেওঁলোকে আমাৰ ওচৰলৈ আহে,” তেওঁ কয়। তেওঁ পুনৰ কয় যে এতিয়ালৈকে মহিলা পঞ্চায়তে ঘৰুৱা হিংসাৰ ৩০০০ৰো অধিক গোচৰৰ নিষ্পত্তি কৰিছে। সাধাৰণতে এনে ক্ষেত্ৰত আমি কাউন্সেলিঙৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। কাউন্সেলিঙে যেতিয়া সহায় নকৰে তেতিয়া আমিও আৰক্ষীৰ সহায় লওঁ।

ছ’চিয়েল প্ৰাইড ৱেলফেয়াৰ ছ’চাইটিৰ সভাপতি ড০ কমল আহমেদে কয় যে ঘৰুৱা হিংসাৰ বলি হোৱা বহু মহিলাক প্ৰয়োজন হোৱা চিকিৎসাও ছ’চাইটিয়ে প্ৰদান কৰে। ডাঃ আহমেদে কয় যে মহিলাসকলে ঘৰত সন্মুখীন হোৱা মূল সমস্যাসমূহ তেওঁলোকক সৱল কৰি সমাধান কৰিব পাৰি। তাৰ বাবে ছ’চাইটিয়ে মহিলা আৰু ছোৱালীক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰে।

দিল্লীৰ বদৰপুৰ অঞ্চলৰ জয়তপুৰতো মহিলাসকলৰ বাবে এটা দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰে, য’ত মহিলাসকলে টেইলৰিং আৰু কাটিং শিকে। এতিয়ালৈকে এই কেন্দ্ৰটোত ৩০০ৰো অধিক মহিলাক প্ৰশিক্ষণ দিয়া হৈছে আৰু আন কিছুমানে ইয়াত নামভৰ্তি কৰিছে।

ডাঃ আহমেদে কয় যে সমগ্ৰ দেশতে মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে। তথ্য অনুসৰি ভাৰতৰ ৰাজধানী দিল্লী হৈছে নাৰীৰ বিৰুদ্ধে অধিক অপৰাধ সংঘটিত হোৱা চহৰৰ শীৰ্ষ থকা এখন চহৰ। এই আতংকজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ছ'চাইটিয়ে দিল্লী মহিলা আয়োগৰ সহযোগত মহিলাসকলৰ বাবে আত্মৰক্ষাৰ কাৰ্যসূচীও আয়োজন কৰে।

শিবিৰত প্ৰশিক্ষকসকলে মহিলা আৰু ছোৱালীক আত্মৰক্ষাৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰে। মহিলাসকলক আত্মৰক্ষাৰ কলা শিকোৱা হয় যদিও শিবিৰে তেওঁলোকক বল প্ৰয়োগৰ বাবেও প্ৰস্তুত কৰে।

ডাঃ আহমেদে কয় যে দিল্লীত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ বাবে ডাঙৰ সুবিধা আছে আৰু তথাপিও সাধাৰণ মানুহে এইবোৰৰ সুবিধা কেনেকৈ ল’ব পাৰি সেই কথা বুজি নাপায়। ঘৰুৱা হিংসাৰ বলি হোৱা বেছিভাগ মহিলাই অশিক্ষিত আৰু সেয়েহে নিজৰ অধিকাৰৰ বিষয়ে অজ্ঞাত। সেয়েহে প্ৰাইড ছ’চাইটিয়ে তেওঁলোকক সহায় কৰে। কিছুমান মহিলাক চুবুৰীৰ ক্লিনিক আৰু চৰকাৰী চিকিৎসালয়লৈও প্ৰেৰণ কৰা হয়।
 
 
ছ’চিয়েল প্ৰাইড ৱেলফেয়াৰ ছ’চাইটিয়েও বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে আৰু দিল্লী এন চি আৰত এতিয়ালৈকে প্ৰায় ২০০টা এনে শিবিৰ স্থাপন কৰিছে য’ত ৪০ হাজাৰৰো অধিক ৰোগীক চিকিৎসা কৰা হৈছে। সাধাৰণতে এই শিবিৰসমূহ বস্তি আৰু দৰিদ্ৰ লোকে বসবাস কৰা অঞ্চলৰ ওচৰতে আয়োজন কৰা হয়।

তেওঁ কয় যে পৰিয়ালৰ সৈতে বাস কৰা আৰু ঘৰুৱা সহায়ক হিচাপে কাম কৰা বৃহৎ সংখ্যক নেপালী লোক অতি দৰিদ্ৰ আৰু তেওঁলোকক চিকিৎসাৰ প্ৰয়োজন। একেদৰে ছর্ম বিহাৰ আৰু কাঞ্চন কুঞ্জত বসবাস কৰা ৰোহিংগীয়া, ম্যানমাৰৰ শৰণাৰ্থীসকলকো একেধৰণৰ সহায়ৰ প্রয়োজন৷

তেওঁ কয়, ‘আমাৰ ছ'চাইটিয়ে তেওঁলোকক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ চেষ্টা কৰে।

উল্লেখ্য যে, এই পৰ্যন্ত ছ’চাইটিয়ে ৪০০০ৰো অধিক পৰিয়ালক ৰেচন কিট বিতৰণ কৰিছে। কোভিড মহামাৰীৰ সময়তো এই ছ’চাইটো অতি সক্ৰিয় আছিল। একেদৰে, ২০২৩ চনৰ যমুনা নদীয়ে সৃষ্টি কৰা বানপানীৰ সময়ত মদনপুৰ খাদেৰ আৰু কাঞ্চন কুঞ্জৰ ভুক্তভোগীকো সংস্থাটোৱে সহায়ৰ হাত আগবঢ়াইছিল। তেওঁলোকে খাদ্য ৰান্ধি ৩০০০ৰো অধিক লোকক বিতৰণ কৰিছিল। লগতে শীতকালত আৰ্তজনক কম্বল আৰু গৰম কাপোৰ বিতৰণ কৰে।