দশেৰা: অশুভৰ ওপৰত শুভৰ বিজয় আৰু আত্মশুদ্ধিৰ এক মহান শিক্ষা

Story by  Munni Begum | Posted by  [email protected] • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী
 
মানৱ জীৱন হৈছে পোহৰ আৰু আন্ধাৰৰ এক অবিৰত সংগ্ৰাম। এই সংগ্ৰাম কেৱল বাহ্যিক জগততে সীমাবদ্ধ নহয়, বৰং প্ৰতিজন মানুহৰ মনৰ গভীৰতো ভাল আৰু বেয়াৰ মাজত প্ৰতিনিয়ত এক নীৰৱ যুদ্ধ চলি থাকে। কেতিয়াবা আমাৰ মনত প্ৰেম, দয়া, সহানুভূতি আৰু সত্যৰ জয় হয়,  আৰু কেতিয়াবা অহংকাৰ, হিংসা, লোভ আৰু ক্ৰোধে আমাৰ বিবেকক আৱৰি ধৰে। এনে সময়তে ভাৰতীয় সংস্কৃতিৰ অন্যতম পৱিত্ৰ উৎসৱ দশেৰাই আমাক সোঁৱৰাই দিয়ে এক চিৰন্তন সত্য যে, 'অশুভ শক্তি যিমানেই প্ৰবল নহওক কিয়, শেষত সত্য, ন্যায় আৰু শুভ শক্তিৰেই বিজয় হয়'।
 
কিন্তু দশেৰাৰ প্ৰকৃত তাৎপৰ্য কেৱল ৰাৱণৰ প্ৰতিমূৰ্তি দহন বা অশুভ শক্তিৰ বিনাশতে সীমাবদ্ধ নহয়। এই উৎসৱে আমাক নিজৰ অন্তৰত লুকাই থকা বেয়া চিন্তা, কু-প্ৰবৃত্তি আৰু নেতিবাচক মানসিকতাক আঁতৰাই এজন উন্নত মানুহ হিচাপে নিজকে গঢ়ি তোলাৰ শিক্ষা দিয়ে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
দশেৰা বা বিজয়া দশমী ভাৰতীয় ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। আহিন মাহৰ শুক্লপক্ষৰ দশমী তিথিত এই উৎসৱ পালন কৰা হয়। ৰামায়ণৰ কাহিনী অনুসৰি, এই দিনটো ভগৱান শ্ৰীৰামে লংকাৰ অধিপতি ৰাৱণক পৰাস্ত কৰি ধৰ্ম আৰু ন্যায়ৰ প্ৰতিষ্ঠা কৰাৰ বিজয়ৰ সৈতে জড়িত। ৰাৱণ আছিল অসীম শক্তি, জ্ঞান আৰু ঐশ্বৰ্যৰ অধিকাৰী। কিন্তু তেওঁৰ অহংকাৰ, লোভ আৰু অন্যায় আচৰণেই অৱশেষত তেওঁৰ পতনৰ কাৰণ হৈ পৰিছিল।
 
আনহাতে, বিজয়া দশমী দেৱী দুৰ্গাৰ মহিষাসুৰ বধৰ বিজয়গাথাৰ সৈতেও জড়িত। দেৱী দুৰ্গাই মহিষাসুৰৰ দৰে অশুভ শক্তিক পৰাস্ত কৰি বিশ্বত শান্তি আৰু ন্যায় প্ৰতিষ্ঠা কৰাৰ প্ৰতীক হিচাপে পূজিত হয়। এই দুয়োটা কাহিনীৰ মূল বাৰ্তা একেই, "অন্যায় আৰু অধৰ্মৰ পথ যিমানেই শক্তিশালী যেন নালাগক কিয়, সত্য আৰু ন্যায়ৰ শক্তিৰ সন্মুখত এদিন তাৰ পৰাজয় নিশ্চিত।"
 
দশেৰাৰ অন্যতম আকৰ্ষণ হৈছে ৰাৱণৰ প্ৰতিমূৰ্তি দহন। দেশৰ বিভিন্ন প্ৰান্তত বৃহৎ আয়োজনৰ মাজেৰে এই পৰম্পৰা পালন কৰা হয়। কিন্তু ইয়াতেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয় যে, আমি প্ৰতি বছৰে বাহিৰৰ ৰাৱণক দহন কৰোঁ, কিন্তু নিজৰ মনৰ ভিতৰত বাস কৰা ৰাৱণক কিমান দূৰ আঁতৰাব পাৰিছোঁ?
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰকৃততে ৰাৱণ কেৱল ৰামায়ণৰ এটা চৰিত্ৰ নহয়; তেওঁ মানুহৰ অন্তৰত থকা অহংকাৰ, হিংসা, লোভ, ক্ৰোধ, প্ৰতিশোধপৰায়ণতা আৰু অন্যায়ৰো প্ৰতীক। যেতিয়া আমি কাৰোবাৰ সফলতাত ঈৰ্ষান্বিত হওঁ, নিজৰ স্বাৰ্থৰ বাবে আনৰ ক্ষতি কৰোঁ অথবা অহংকাৰৰ বশৱৰ্তী হৈ কাৰোবাক অপমান কৰোঁ, তেতিয়াই আমাৰ মনৰ ভিতৰৰ অশুভ প্ৰবৃত্তিবোৰে শক্তিশালী ৰূপ ধাৰণ কৰে।
 
সেয়েহে দশেৰাৰ প্ৰকৃত বিজয় কেৱল বাহিৰৰ অপশক্তিক নাশ কৰাত নহয়, নিজৰ মনৰ ভিতৰত থকা বেয়াখিনিক নাইকিয়া কৰাতহে নিহিত হৈ আছে। যিদিনা আমি নিজৰ ক্ৰোধক সংযমেৰে, হিংসাক মৰমেৰে, অহংকাৰক বিনয়েৰে আৰু ঘৃণাক সহানুভূতিৰে জয় কৰিবলৈ শিকিম, সেইদিনাই আমাৰ জীৱনত প্ৰকৃত অৰ্থত দশেৰাৰ বিজয় উদ্‌যাপিত হ’ব।
 
দশেৰাই আমাক আত্মসমালোচনা আৰু আত্মশুদ্ধিৰ এক মূল্যৱান সুযোগ প্ৰদান কৰে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত আমি প্ৰায়ে আনৰ ভুলবোৰ সহজে বিচাৰি পাওঁ, কিন্তু নিজৰ ভুল আৰু দুৰ্বলতাবোৰ স্বীকাৰ কৰিবলৈ সংকোচ কৰোঁ। অথচ মানুহৰ প্ৰকৃত উন্নতিৰ আৰম্ভণি হয় নিজৰ ভুল চিনাক্ত কৰাৰ পৰাই।
 
এই পৱিত্ৰ দিনটোত আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ যে, মই কাৰোবাক অন্যায় কৰিছোঁ নেকি? মোৰ কথাত কোনোবাই আঘাত পাইছে নেকি? মোৰ অহংকাৰ বা ক্ৰোধে কোনো সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিছে নেকি? যদি এনে ভুল হৈছে, তেন্তে সেইবোৰ সংশোধন কৰাৰ সংকল্প লোৱাটোৱেই হ’ব দশেৰাৰ প্ৰকৃত তাৎপৰ্য উপলব্ধি কৰা।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আত্মশুদ্ধি মানে কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰা নহয়। আত্মশুদ্ধি হৈছে নিজৰ চিন্তা, আচৰণ আৰু কৰ্মক অধিক সুন্দৰ, ইতিবাচক আৰু মানৱীয় কৰি তোলাৰ এক নিৰন্তৰ প্ৰচেষ্টা। ক্ষমা কৰিব জনা, আনৰ দুখ বুজি পোৱা, সত্যৰ পথত অটল থকা আৰু নিজৰ ভুলৰ দায়িত্ব স্বীকাৰ কৰিব পৰাটোৱেই আত্মশুদ্ধিৰ প্ৰকৃত পৰিচয়।
 
আজিৰ আধুনিক সমাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ ঘটিছে। মানুহৰ জীৱনধাৰা সলনি হৈছে, যোগাযোগৰ মাধ্যম সহজ হৈছে, কিন্তু ইয়াৰ মাজতো সমাজৰ পৰা হিংসা, বিদ্বেষ, অসহিষ্ণুতা, দুৰ্নীতি আৰু স্বাৰ্থপৰতা সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। এনে পৰিস্থিতিত দশেৰাৰ শিক্ষা পূৰ্বতকৈও অধিক প্ৰাসংগিক। এই উৎসৱে আমাক বুজায় যে, এখন সুস্থ আৰু শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ কেৱল বাহ্যিক পৰিৱৰ্তনেই যথেষ্ট নহয়; প্ৰতিজন ব্যক্তিৰ মন আৰু মানসিকতাৰো পৰিৱৰ্তন প্ৰয়োজন।
 
আমি যদি পৰিয়ালত মৰম, সমাজত সম্প্ৰীতি, কৰ্মক্ষেত্ৰত সততা আৰু মানুহৰ প্ৰতি সন্মানৰ মনোভাব গঢ়ি তুলিব পাৰোঁ, তেন্তে দশেৰাৰ মূল আদৰ্শ আমাৰ দৈনন্দিন জীৱনত বাস্তৱায়িত হ’ব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
দশেৰা কেৱল এক ধৰ্মীয় উৎসৱ নহয়; ই হৈছে মানৱ জীৱনৰ নৈতিকতা, আত্মসংযম আৰু আত্মশুদ্ধিৰ এক গভীৰ দৰ্শন। ৰাৱণৰ প্ৰতিমূৰ্তি দহনৰ জুই যেন কেৱল বাহিৰৰ অশুভ শক্তিৰ বিনাশৰ প্ৰতীক হৈ নাথাকে, সেই জুইয়ে যেন আমাৰ অন্তৰত থকা অহংকাৰ, হিংসা, লোভ আৰু ঘৃণাকো দহন কৰাৰ প্ৰেৰণা যোগায়।
 
প্ৰকৃত বিজয় সেইদিনাই হ’ব, যিদিনা আমি আনক পৰাস্ত কৰাৰ পৰিৱৰ্তে নিজৰ বেয়া অভ্যাস আৰু নেতিবাচক চিন্তাক পৰাস্ত কৰিবলৈ সক্ষম হ’ম।
 
এই দশেৰাত আঁহক, আমি কেৱল ৰাৱণৰ দহন প্ৰত্যক্ষ নকৰি নিজৰ অন্তৰৰ অশুভ প্ৰবৃত্তিবোৰো ত্যাগ কৰাৰ সংকল্প লওঁ। সত্য, প্ৰেম, দয়া, ক্ষমা আৰু মানৱীয়তাক জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰোঁ। কাৰণ দশেৰাৰ আটাইতকৈ ডাঙৰ শিক্ষা এয়াই যে, বেয়াৰ ওপৰত ভালৰ বিজয় কেৱল পৌৰাণিক কাহিনীৰ মাজতে সীমাবদ্ধ নহয়; সেই বিজয় প্ৰতিজন মানুহৰ অন্তৰৰ পৰাই আৰম্ভ হয়।