উল্লেখ্য যে, এই শ্ৰেণীবিভাজন নদীৰ পানীৰ প্ৰদূষণৰ মাত্ৰা আৰু বায়'কেমিকেল অক্সিজেন ডিমাণ্ড (BOD)ৰ ওপৰত ভিত্তি কৰি কৰা হয়। নিম্ন অগ্ৰাধিকাৰ শ্ৰেণীলৈ অৱনমিত হোৱাৰ অৰ্থ হ'ল পানীৰ গুণাগুণৰ উন্নতি ঘটিছে।
অৱশ্যে এই উন্নতিৰ অৰ্থ এইটো নহয় যে নদীসমূহ সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হৈ পৰিছে। পুণে চহৰৰ মাজেৰে বৈ যোৱা মূলা-মুঠা নদী এতিয়াও অগ্ৰাধিকাৰ শ্ৰেণী 'II'-ত আছে, যিয়ে এইক্ষেত্ৰত অধিক কাৰ্যকৰী পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাক আঙুলিয়াই দিয়ে। এই পৰিৱৰ্তনসমূহে প্ৰমাণ কৰে যে প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থাই সুফল কঢ়িয়াই আনিব পাৰে, কিন্তু ইয়াক বৰ্তাই ৰাখিবলৈ নিৰন্তৰ নিৰীক্ষণ আৰু আৱৰ্জনা শোধন আন্তঃগাঁথনিৰ সঠিক পৰিচালনা অতি প্ৰয়োজনীয়।
উত্তৰ প্ৰদেশৰ ৰামগংগা নদীয়ে কেনেদৰে ব্যক্তিগত প্ৰচেষ্টাই এক বহনক্ষম সামূহিক আন্দোলনৰ ৰূপ ল'ব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। মুৰাদাবাদৰ অভিযন্তা কপিল কুমাৰে ২০১৮ চনৰ পৰা প্ৰদূষিত নদীখনৰ পাৰত প্ৰতি দেওবাৰে চাফাই অভিযান আৰম্ভ কৰিছিল। নদীৰ পাৰত জমা হোৱা প্লাষ্টিক, কাপোৰ, ফুল আৰু ঘৰুৱা আৱৰ্জনাবোৰ দেখি চিন্তিত হৈ তেওঁ কেৱল সজাগতা সৃষ্টিতে আৱদ্ধ নাথাকি হাতে-কামে লাগি যোৱাৰ সিদ্ধান্ত লৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নেশ্যনেল মিছন ফৰ ক্লিন গংগাৰ অধীনত একাধিক নলা-নৰ্দমা আন্তঃগাঁথনি প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰাৰ এক দৃশ্য
বছৰৰ পাছত বছৰ ধৰি চলা এই প্ৰচেষ্টাই হাজাৰ হাজাৰ স্বেচ্ছাসেৱকৰ অংশগ্ৰহণেৰে এক বিশাল সামূহিক প্ৰচেষ্টালৈ ৰূপান্তৰিত হৈছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এই অভিযানৰ জৰিয়তে ১.২ লাখ কিলোগ্ৰামতকৈও অধিক আৱৰ্জনা আঁতৰোৱা হৈছে আৰু ৫,০০০-ৰো অধিক লোক ইয়াৰ সৈতে জড়িত হৈ পৰিছে।
এই পদক্ষেপে নদী সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ দিশ পোহৰলৈ আনিছে: নদীৰ পাৰ পৰিষ্কাৰ কৰাটো কেৱল এক আৰম্ভণিহে। যেতিয়ালৈকে মানুহে জলভাণ্ডাৰসমূহত জাবৰ আৰু অন্যান্য আৱৰ্জনা পেলোৱা বন্ধ নকৰে, তেতিয়ালৈকে প্ৰদূষণ পুনৰ ঘূৰি আহি থাকিব।
আনহাতে, যমুনা নদীৰ পৰিস্থিতি এতিয়াও অধিক জটিল। বিশেষকৈ দিল্লীত কেইবাটাও পুনৰুদ্ধাৰ প্ৰকল্প হাতত লোৱাৰ পাছতো নদীখনে বৰ্তমানেও ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈ আছে। চৰকাৰে যমুনা নদীৰ বাবে ১,৯৫১ কোটি টকা ব্যয় সাপেক্ষে দৈনিক ১,২৬৮ নিযুত লিটাৰ (MLD) আৱৰ্জনা শোধন ক্ষমতা সৃষ্টিৰ লক্ষ্যৰে 'নমামি গংগে' কাৰ্যসূচীৰ অধীনত ৯টা প্ৰকল্প সম্পূৰ্ণ কৰিছে।
কৃষ্ণ নদী
পিছে, ২০২৫ চনৰ জুলাই মাহৰ এক চৰকাৰী সমীক্ষা অনুসৰি, দিল্লীত উৎপন্ন হোৱা প্ৰায় ৬৪১ MLD নলাৰ পানী শোধন নকৰাকৈয়ে নদী বা নলাত পৰি আছে। চহৰখনৰ ৩৭টা কাৰ্যক্ষম আৱৰ্জনা শোধন প্ৰকল্পৰ ভিতৰত ১৪টায়েই নিৰ্ধাৰিত মান মানি চলা নাই বুলিও পোহৰলৈ আহিছে।
ভাৰতৰ নদীসমূহ আমাৰ কৃষি, জৈৱ বৈচিত্ৰ্য, খোৱাপানীৰ যোগান আৰু সাংস্কৃতিক পৰম্পৰাৰ বাবে অপৰিহাৰ্য অংগ। সেয়েহে নদীসমূহৰ পুনৰুদ্ধাৰ কেৱল পৰিৱেশগত দায়িত্বই নহয়, ই জনস্বাস্থ্য আৰু দেশৰ দীৰ্ঘম্যাদী উন্নয়নৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। নদীসমূহত শোধন নকৰা আৱৰ্জনা আৰু ঔদ্যোগিক বৰ্জ্য পানী পৰাত বাধা দিয়া, আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰা, নদীৰ পাৰ সুৰক্ষিত কৰা আৰু স্থানীয় ৰাইজক জড়িত কৰাটোৱেই চৰকাৰ আৰু সমাজৰ দীৰ্ঘম্যাদী অগ্ৰাধিকাৰ হোৱা উচিত।
প্ৰদূষিত নদীৰ অংশৰ সংখ্যা হ্ৰাস পোৱাটোৱে আমাক এক আশাবাদী ছবি দাঙি ধৰিছে। কিন্তু প্ৰকৃত সফলতা তেতিয়াহে নিৰ্ণয় হ'ব যেতিয়া এই পৰিৱৰ্তন স্থায়ী হ'ব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই পৰিষ্কাৰ, স্বাস্থ্যৱান আৰু জীৱন ধাৰণৰ বাবে উপযোগী নদী এখন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিবলৈ সক্ষম হ'ব।