Airtel ষ্ট'ৰত ছিম বিক্ৰী কৰা মহম্মদ আনাছ আজি এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী

Story by  atv | Posted by  Munni Begum • 36 m ago
মহম্মদ আনাছ
মহম্মদ আনাছ
 
গোহৰ ৱানী / নতুন দিল্লী
 
সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা তেওঁৰ নাছিল, নাছিল কোনো প্ৰতিষ্ঠানত গীটাৰ শিকাৰ অভিজ্ঞতাও। কেৱল নুছৰত ফটেহ আলী খানৰ কাৱালীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ নিজেই শিকিছিল গান গোৱাৰ লগতে গীটাৰ বজোৱাৰ কলা। হয়, আমি কথা পাতিছো মহম্মদ আনাছৰ বিষয়ে, যিগৰাকী যুৱকে এদিন এয়াৰটেল ষ্ট'ৰত ছিম কাৰ্ড বিক্ৰী কৰি মাহে মাত্ৰ ১০,০০০ টকা উপাৰ্জন কৰিছিল আৰু আজি তেওঁ নিজৰ সুৰ আৰু কণ্ঠৰে অগণন শ্ৰোতাৰ হৃদয় জয় কৰাৰ নিৰন্তৰ প্ৰয়াস কৰি আছে।
 
সংগীত হৈছে এনে এক ভাষা, যি কেতিয়াও শব্দৰ ওপৰত নিৰ্ভৰশীল নহয়। কেতিয়াবা যদি কোনো এটা কণ্ঠই হৃদয়ৰ গভীৰতাত স্পৰ্শ কৰে, কেতিয়াবা আকৌ গীটাৰৰ সুৰে শ্ৰোতাক লৈ যায় এক সুকীয়া পৃথিৱীলৈ। উত্তৰ প্ৰদেশৰ বেৰেইলীৰ এজন যুৱ শিল্পী মহম্মদ আনাছো তেনে এগৰাকী সংগীতশিল্পী, যিয়ে অদম্য আবেগ আৰু নিৰন্তৰ কঠোৰ পৰিশ্ৰমেৰে নিজৰ পৰিচয় গঢ়াৰ যাত্ৰা আৰম্ভ কৰিছে। তেওঁ গান গায়, নিজৰ গান নিজেই লিখে আৰু সুৰৰ জৰিয়তে নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ গীটাৰৰ ব্যৱহাৰ কৰে।
 
মহম্মদ আনাছ
 
সংগীতৰ সৈতে আনাছৰ এই গভীৰ সম্পৰ্ক কোনো সংগীত পৰিয়ালৰ পৰা অহা বা পেছাদাৰী প্ৰশিক্ষণৰ ফল নহয়। এয়া তেওঁৰ স্কুলীয়া দিনতে গঢ় লৈ উঠা এক বিশেষ আগ্ৰহৰহে সম্প্ৰসাৰণ। আজি তেওঁ নিজকে এগৰাকী স্বাধীন সংগীতশিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে। তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰে যে যেতিয়া কোনোবাই সঁচাকৈয়ে কোনো এটা কামৰ প্ৰতি আন্তৰিকতাৰে আগ্ৰহী হয়, তেতিয়া সীমিত সমল কেতিয়াও তেওঁৰ পথৰ হেঙাৰ হ'ব নোৱাৰে।
 
বিদ্যালয়ৰ এটা অনুষ্ঠানে দিছিল আত্মবিশ্বাস
 
মহম্মদ আনাছে কয় যে সৰুৰে পৰাই তেওঁ গান গাবলৈ ভাল পাইছিল। তেওঁ নিয়মীয়াকৈ বিদ্যালয়ৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছিল, য'ত শিক্ষকসকলে তেওঁৰ কণ্ঠৰ প্ৰশংসা কৰিছিল আৰু তেওঁক অধিক সঘনাই গীত গাবলৈ উৎসাহিত কৰিছিল।
 
তেওঁৰ জীৱনৰ প্ৰথমটো অন্যতম ডাঙৰ অনুষ্ঠান আছিল ১৫ আগষ্টৰ এক বিদ্যালয়ৰ অনুষ্ঠান। তেওঁৰ শিক্ষক গজাননে তেওঁক সেই অনুষ্ঠানটোত গীত গাবলৈ উৎসাহিত কৰিছিল। আনাছে বলীউডৰ ছবি 'বীৰ-জাৰা'ৰ জনপ্ৰিয় গীত 'অয়ছা দেশ হেয় মেৰা' বাছি লৈছিল।
 
গীতটোৱে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল। আনাছৰ মতে, সেইদিনা পোৱা উৎসাহে তেওঁৰ আত্মবিশ্বাস বহুগুণে বঢ়াই তুলিছিল। ইয়াৰ পিছতে তেওঁ বিদ্যালয়ত অধিক জনপ্ৰিয় হৈ পৰিছিল আৰু এনে কিছুমান বন্ধু গোটাইছিল যিয়ে তেওঁৰ এই সাংগীতিক যাত্ৰাত অহৰহ সমৰ্থন আগবঢ়াই আহিছে।
 
নুছৰত ফটেহ আলী খানৰ কাৱালীয়ে জগাই তুলিছিল সংগীতৰ প্ৰতি প্ৰেম
 
আনাছৰ ঘৰ বেৰেইলীত। তেওঁ কয় যে স্থানীয় শিল্পীসকলৰ (কাৰিকৰ) সৈতে সময় কটাওঁতে সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। তাত প্ৰায়েই নুছৰত ফটেহ আলী খান আৰু ৰাহাত ফটেহ আলী খানৰ কাৱালী আৰু গীতসমূহ বজোৱা হৈছিল।
 
এই গীতবোৰ বাৰে বাৰে শুনি তেওঁৰ মনত সংগীতৰ প্ৰতি এক সুকীয়া অনুৰাগ গঢ়ি উঠিছিল। তেওঁ গীতৰ কথাবোৰ মুখস্থ কৰি লৈছিল আৰু তাৰ পিছত নিজেই গোৱাৰ চেষ্টা কৰিছিল। সময়ৰ লগে লগে, যিটো কেৱল এক চখ হিচাপে আৰম্ভ হৈছিল, সেয়া তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিল।
 
আনাছৰ মতে, নুছৰত ফটেহ আলী খানেই হৈছে তেওঁৰ আটাইতকৈ ডাঙৰ সাংগীতিক অনুপ্ৰেৰণা। সৰুৰে পৰাই ছুফি সংগীতৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল। বিশেষকৈ ইয়াৰ কাব্যিকতা আৰু গীতৰ কথাৰ মাজত লুকাই থকা গভীৰ বাৰ্তাসমূহে তেওঁক বাৰুকৈয়ে আকৰ্ষণ কৰে।
 
তেওঁ বিশ্বাস কৰে যে নুছৰত ফটেহ আলী খানৰ কাৱালী কেৱল মাত্ৰ গানতকৈ বহুত বেছি। ইয়াৰ শব্দবোৰে জীৱন আৰু আধ্যাত্মিকতাৰ বিভিন্ন দিশ অন্বেষণ কৰে আৰু শ্ৰোতাৰ মনত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়।
 
উচ্চ শিক্ষা আৰু ডাঙৰ সপোনৰ সন্ধানত দিল্লীলৈ যাত্ৰা
 
উচ্চ শিক্ষা গ্ৰহণৰ বাবে মহম্মদ আনাছ বেৰেইলীৰ পৰা দিল্লীলৈ আহিছিল। তেওঁ কয় যে তেওঁ যিধৰণৰ শৈক্ষিক সুযোগ বিচাৰিছিল, সেয়া তেওঁৰ গৃহচহৰত সহজলভ্য নাছিল। দিল্লীত উপস্থিত হোৱাৰ পিছত, তেওঁ সংগীত আৰু আন সৃজনশীল ক্ষেত্ৰসমূহতো সম্ভাৱনাৰ পথ দেখা পালে।
 
তেওঁৰ মতে, দিল্লীয়ে শিল্পীসকলক বহু সুযোগ প্ৰদান কৰে আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে বিভিন্ন মঞ্চ আগবঢ়ায়। অৱশ্যে, তেওঁৰ লক্ষ্য কেৱল এজন গায়ক হোৱাতেই সীমাবদ্ধ নহয়। বিভিন্ন ক্ষেত্ৰত নিজৰ কঠোৰ পৰিশ্ৰমেৰে সুনাম অৰ্জন কৰা বেৰেইলীৰ ব্যক্তিৰ তালিকাত তেৱোঁ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে।
 
আনাছে বলীউডৰ অভিনেতা শ্বাহৰুখ খানক নিজৰ আদৰ্শ বুলি গণ্য কৰে। দিল্লীৰ পৰাই কৰ্মজীৱন আৰম্ভ কৰা অভিনেতাগৰাকীৰ একাগ্ৰতা আৰু যাত্ৰাৰ দ্বাৰা তেওঁ বিশেষভাৱে অনুপ্ৰাণিত। আনাছৰ বাবে শ্বাহৰুখ খানৰ জীৱন হৈছে এক প্ৰমাণ যে দৃঢ়তা আৰু নিৰন্তৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো ডাঙৰ সপোনেই সাকাৰ কৰিব পাৰি।
 
নিজেই শিকিলে গান গোৱা আৰু গীটাৰ বজোৱা
 
আনাছৰ সাংগীতিক যাত্ৰাৰ অন্যতম আকৰ্ষণীয় দিশটো হ'ল যে তেওঁ কেতিয়াও কোনো সংগীত বিদ্যালয়ত আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাছিল বা গীটাৰ শিকিবলৈ কোনো প্ৰতিষ্ঠানলৈ যোৱা নাছিল। তেওঁ কয় যে তেওঁ কেৱল গান শুনি আৰু আন সংগীতশিল্পীসকলক পৰ্যবেক্ষণ কৰিয়েই শিকিছিল। নিয়মীয়া অনুশীলনে ক্ৰমান্বয়ে তেওঁৰ সামৰ্থ্য উন্নত কৰাত সহায় কৰিছিল।
 
তেওঁৰ মতে, গীটাৰ শিকিবলৈ নিৰন্তৰ অনুশীলনৰ প্ৰয়োজন। এগৰাকী শিকাৰুৱে আঙুলিৰ সঞ্চালনৰ ওপৰত নিয়ন্ত্ৰণ আৰু সমন্বয় গঢ়ি তোলাৰ লগতে বিভিন্ন ক'ৰ্ড আৰু সুৰ মুখস্থ কৰিব লাগিব। আৰম্ভণিতে, গীটাৰৰ তাঁৰবোৰে আঙুলিত বিষৰ সৃষ্টি কৰিব পাৰে আৰু দাগ বহুৱাব পাৰে। কিন্তু, নিয়মীয়া অনুশীলনৰ সৈতে আঙুলিবোৰ লাহে লাহে ইয়াৰ লগত অভ্যস্ত হৈ পৰে।
 
আনাছে বিশ্বাস কৰে যে যিকোনো কলা আয়ত্ত কৰিবলৈ ধৈৰ্য আৰু ধাৰাবাহিকতা অপৰিহাৰ্য। কেৱল আৱেগেই যথেষ্ট নহয়। সেই আৱেগক বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ সময়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰো প্ৰয়োজন।
 
মহম্মদ আনাছ
 
মাহিলী দহ হাজাৰ টকাৰ দৰমহাৰে কিনিছিল প্ৰথমখন গীটাৰ
 
মহম্মদ আনাছে কেনেদৰে তেওঁৰ প্ৰথমখন গীটাৰ ক্ৰয় কৰিছিল, তাৰ কাহিনীয়ে তেওঁৰ দৃঢ়তা আৰু সংগ্ৰামৰ প্ৰতিফলন ঘটায়। এটা সময় আছিল যেতিয়া তেওঁ দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনীৰ এখন এয়াৰটেল ষ্ট'ৰত কাম কৰিছিল। তেওঁৰ দায়িত্ব আছিল ছিম কাৰ্ড বিক্ৰী কৰা আৰু তাৰ পৰা তেওঁ মাহে প্ৰায় ১০,০০০ টকা উপাৰ্জন কৰিছিল। এখন গীটাৰ কিনাটো তেওঁৰ দীৰঘদিনীয়া সপোন আছিল, কিন্তু সীমিত উপাৰ্জনৰ বাবে সেই ইচ্ছা পূৰণ কৰাটো ইমান সহজ নাছিল।
 
হাৰ মনাৰ পৰিৱৰ্তে, তেওঁ নিজৰ দৰমহাৰ পৰা অলপ অলপকৈ টকা সঞ্চয় কৰিবলৈ আৰম্ভ কৰিলে। কিছুদিন ধাৰাবাহিকভাৱে টকা জমা কৰাৰ পিছত, তেওঁ অৱশেষত য়ামাহা কোম্পানীৰ নিজৰ প্ৰথমখন গীটাৰ কিনিবলৈ সক্ষম হৈছিল।
 
আনাছৰ বাবে এয়া কেৱল এটা বাদ্যযন্ত্ৰ ক্ৰয় কৰাই নাছিল, নিজৰ সপোন পূৰণৰ দিশত আছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আজিও তেওঁ নিজৰ চাকৰিৰ সমান্তৰালকৈ সংগীতৰ প্ৰতি থকা নিচা অব্যাহত ৰাখিছে। পেছাদাৰী দায়িত্বৰ মাজতো তেওঁ অনুশীলন আৰু অনুষ্ঠানৰ বাবে সময় উলিয়াবলৈ কেতিয়াও পাহৰা নাই।
 
কাচোলৰ এখন কেফেকেন্দ্ৰিক এক অপ্ৰত্যাশিত সুযোগ
 
যদিও আনাছে এতিয়ালৈকে কোনো ডাঙৰ ব্যৱসায়িক অনুষ্ঠানত পাৰিশ্ৰমিকৰ বিনিময়ত গীত পৰিৱেশন কৰা নাই, তথাপি হিমাচল প্ৰদেশৰ কাচোলত ঘটা এক ঘটনা তেওঁৰ বাবে আজিও বিশেষভাৱে স্মৰণীয়।তেওঁ তালৈ এজন পৰ্যটক হিচাপে গৈছিল আৰু লগত নিজৰ গীটাৰখন লৈ গৈছিল যাতে তেওঁ সুন্দৰ পাহাৰীয়া দৃশ্যৰ পটভূমিত ভিডিঅ' আৰু ৰীল ৰেকৰ্ড কৰিব পাৰে।
 
তেওঁৰ সেই ভ্ৰমণৰ সময়ত এখন স্থানীয় কেফেত একাংশ লোকে তেওঁৰ গীটাৰখন দেখি তেওঁক সুধিলে যে তেওঁ গান গায় নেকি। যেতিয়া তেওঁলোকে জানিব পাৰিলে যে তেওঁ এজন গায়ক, তেতিয়া তেওঁলোকে তেওঁক সেইদিনা সন্ধিয়াই কেফেখনত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনালে। আনাছে আমন্ত্ৰণ ৰক্ষা কৰিলে আৰু তাত উপস্থিত দৰ্শকৰ আগত গীত পৰিৱেশন কৰিলে।
 
তেওঁ বিশ্বাস কৰে যে কেতিয়াবা এজন শিল্পীক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে মাত্ৰ এটা সুযোগৰ প্ৰয়োজন হয়। এতিয়া তেওঁ এনে ধৰণৰ আৰু অধিক সুযোগৰ অপেক্ষাত আছে য'ত তেওঁ দৰ্শকৰ সন্মুখত প্ৰত্যক্ষভাৱে গীত গাব পাৰিব আৰু নিজৰ সংগীতক এক বহল শ্ৰোতাসমাজৰ মাজলৈ লৈ যাব পাৰিব।
 
ছ’চিয়েল মিডিয়াত হৃদয় জিনিল ‘আন্দাজ-এ-কৰম’ৰ ভিডিঅ’ৱে
 
এজন বন্ধুৰ জন্মদিনৰ উদযাপনত স্বতঃস্ফূৰ্তভাৱে গীত গোৱাৰ পিছতে আনাছৰ এটা ভিডিঅ'ই ব্যাপক জনপ্ৰিয়তা লাভ কৰে। সেই অনুষ্ঠানটোত কোনোবাই তেওঁক এটা গান গাবলৈ অনুৰোধ কৰিছিল। তেওঁ নুছৰত ফটেহ আলী খানৰ সৈতে জড়িত এক জনপ্ৰিয় সৃষ্টি 'আন্দাজ-এ-কৰম' বাছি লৈছিল। তেওঁৰ এজন বন্ধুৱে সেই পৰিৱেশন ৰেকৰ্ড কৰি ইনষ্টাগ্ৰামত আপলোড কৰি দিয়ে।
 
ছ'চিয়েল মিডিয়াত বহুল চৰ্চা লাভ কৰা তেওঁৰ প্ৰথমৰ ভিডিঅ'সমূহৰ ভিতৰত এইটোৱেই আছিল অন্যতম। ক্ৰমান্বয়ে, অধিক লোকে তেওঁৰ গীতৰ ভিডিঅ'সমূহ বিচাৰি পাবলৈ ধৰিলে। তেওঁ বিভিন্ন গায়কৰ গীত নিজৰ এক সুকীয়া শৈলীত পৰিৱেশন কৰে আৰু প্ৰায়েই গীটাৰৰ সহায় লয়।
 
আনাছে কয় যে তেওঁ এজন গায়ক হিচাপে এক অনন্য পৰিচয় গঢ়িব বিচাৰে। যদিও আন শিল্পীৰ পৰা শিকাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ গণ্য কৰে, তেওঁ কাকো সম্পূৰ্ণৰূপে নকল কৰিব নিবিচাৰে। তেওঁ আতিফ আছলামৰ গায়কীৰো অনুৰাগী আৰু তেওঁৰ বহু গীত পৰিৱেশন কৰে।
 
ছুফি সংগীতৰ সৈতে এক বিশেষ সম্পৰ্ক
 
মহম্মদ আনাছৰ বাবে ছুফি সংগীত কেৱল গায়ন শৈলীয়েই নহয়, বৰং এয়া কবিতা আৰু আৱেগৰ এক বিশাল পৃথিৱী। তেওঁ বিশ্বাস কৰে যে ছুফি সৃষ্টিসমূহত গভীৰ চিন্তা আৰু অৰ্থ নিহিত হৈ থাকে যিয়ে শ্ৰোতাক জীৱনৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰে।
 
তেওঁ বিশেষভাৱে নুছৰত ফটেহ আলী খানৰ কাৱালী আৰু গজলসমূহৰ প্ৰতি অনুৰাগী। তেওঁৰ মতে, এই সংগীতৰ সৌন্দৰ্য কেৱল ইয়াৰ সুৰতেই নহয়, ইয়াৰ কাব্যিক গভীৰতা আৰু আধ্যাত্মিক বাৰ্তাসমূহতো লুকাই থাকে। আনাছে লগতে স্বীকাৰ কৰে যে সংগীতৰ সূক্ষ্ম দিশবোৰ বুজিবলৈ এজন অভিজ্ঞ শিক্ষকৰ নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ।
 
তেওঁ বিশ্বাস কৰে যে এজন বিশেষজ্ঞৰ পৰা শিকিলে যিকোনো ক্ষেত্ৰতে মানুহৰ সামৰ্থ্য বৃদ্ধি পায়। যদিও তেওঁ নিজকে এজন স্ব-প্ৰশিক্ষিত শিল্পী বুলি অভিহিত কৰে, তথাপি ছুফি সংগীতত তেওঁ নুছৰত ফটেহ আলী খানক নিজৰ আটাইতকৈ ডাঙৰ পথপ্ৰদৰ্শক বুলি গণ্য কৰে।
 
মহম্মদ আনাছ
 
প্ৰতিগৰাকী শিল্পীৰ বাবেই ধাৰাবাহিক অনুশীলন অপৰিহাৰ্য
 
সংগীতৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে কওঁতে আনাছে কয় যে এজন গায়কে নিজৰ কণ্ঠৰ পৰিসৰ বুজি পোৱা উচিত আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ শিকা উচিত। বিভিন্ন স্বৰত গীত গাবলৈ আৰু কণ্ঠৰ সামৰ্থ্য উন্নত কৰিবলৈ দৈনন্দিন অনুশীলন অপৰিহাৰ্য।
 
তেওঁ বিশ্বাস কৰে যে কেৱল এটা ভাল মাত থকাটোৱেই কাৰোবাক এজন সফল গায়ক কৰি তুলিব নোৱাৰে। অবিৰত কঠোৰ পৰিশ্ৰম আৰু নিজৰ দক্ষতা বৃদ্ধিৰ মানসিকতাও সমানেই গুৰুত্বপূৰ্ণ। তেওঁ ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তা আৰু শৈল্পিক গুণগত মানক ইটোৱে সিটোৰ পৰিপন্থী বুলি নাভাবে। তেওঁৰ মতে, ভিডিঅ'সমূহে বেছি ভিউজ পোৱা নাই বুলিয়েই শিল্পীসকলে নিজৰ কাম বন্ধ কৰিব নালাগে।
 
এজন শিল্পীৰ প্ৰকৃত দায়িত্ব হৈছে শ্ৰোতা-দৰ্শকৰ আগত নিজৰ কৰ্ম উপস্থাপন কৰি যোৱা। জনপ্ৰিয়তা যিকোনো সময়তে আহিব পাৰে, কিন্তু সেই পৰ্যায়ত উপনীত হ'বলৈ ধৈৰ্য, একাগ্ৰতা আৰু ধাৰাবাহিকতাৰ প্ৰয়োজন।
 
নেতিবাচক মন্তব্যক আওকাণ কৰি আগুৱাই যাওক
 
আনাছে কয় যে, ছ'চিয়েল মিডিয়া বিভিন্ন ধৰণৰ মানুহেৰে ভৰি থাকে। য'ত একাংশই শিল্পীসকলক উৎসাহিত কৰে, আন একাংশই আকৌ নেতিবাচক আৰু নিৰুৎসাহজনক মন্তব্য আগবঢ়ায়। তেওঁ উদীয়মান শিল্পীসকলক এনে মন্তব্যসমূহক ব্যক্তিগতভাৱে নল'বলৈ আৰু নিজৰ কামত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁৰ মতে, আনৰ মতামতৰ বাবে মানুহে কেতিয়াও নিজৰ আৱেগ আৰু সপোন ত্যাগ কৰিব নালাগে।
 
যুৱ শিল্পীসকলৰ প্ৰতি তেওঁৰ বাৰ্তা হ'ল যে যিটো কামত তেওঁলোকৰ আন্তৰিক বিশ্বাস আছে, সেইটো কৰি যোৱা উচিত। তেওঁলোক সমালোচনাৰ দ্বাৰা নিৰুৎসাহিত নহৈ ইতিবাচক মানসিকতাৰে আগবাঢ়ি যাব লাগে। তেওঁ বিশ্বাস কৰে যে যদি কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা অব্যাহত থাকে, তেন্তে তেওঁলোকৰ প্ৰতিভাই এদিন নিশ্চয় স্বীকৃতি লাভ কৰিব।
 
চাকৰিৰ সমান্তৰালকৈ সাংগীতিক সপোনৰ খেদা
 
বৰ্তমান মহম্মদ আনাছে নিজৰ পেছাদাৰী চাকৰি আৰু সংগীতৰ প্ৰতি থকা নিচা, দুয়োটাৰে মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি চলিছে। কৰ্মব্যস্ততাৰ বাবেই তেওঁ আগতে ছ'চিয়েল মিডিয়াত নিয়মীয়াকৈ ভিডিঅ' আপলোড কৰিব পৰা নাছিল।
 
অৱশ্যে, এক বৃহৎ শ্ৰোতাসমাজে যাতে তেওঁৰ প্ৰতিভাৰ উমান পায়, তাৰ বাবে তেওঁ এতিয়াৰে পৰা ধাৰাবাহিকভাৱে নিজৰ গীতৰ ভিডিঅ'সমূহ অনুৰাগীৰ মাজলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। পাৰ্টী, বিয়া, কেফে আৰু আন ব্যক্তিগত অনুষ্ঠানতো গীত পৰিৱেশনৰ বাবে তেওঁ এতিয়া সাজু। তেওঁক বুকিং কৰিব বিচৰাসকলে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট 'Anas Acoustic'ৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।
 
মহম্মদ আনাছৰ কাহিনীয়ে আমাক এটা কথাই শিকায় যে সীমিত সমল আৰু পেছাদাৰী দায়িত্বৰ মাজতো মানুহে নিজৰ সপোনৰ সপক্ষে যুঁজ দিব পাৰে। এয়াৰটেল ষ্ট'ৰত ছিম কাৰ্ড বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি নিজৰ কণ্ঠ আৰু গীটাৰৰ সুৰেৰে শ্ৰোতাৰ কাষ চপা তেওঁৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰা এতিয়াও অব্যাহত আছে। সপোনবোৰ বাস্তৱায়িত কৰিবলৈ তেওঁৰ সন্মুখত এতিয়াও বহু মাইলৰ খুঁটি বাকী। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সংগীতৰ প্ৰতি থকা প্ৰেমে তেওঁক কিমান দূৰলৈ লৈ যাব সেয়া সময়েহে ক’ব।