তুৰা
মেঘালয়ৰ গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত '১০০ ড্ৰামছ ৱাংগালা উৎসৱ'ৰ সোণালী জয়ন্তী উদযাপনে শনিবাৰে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হয়। তুৰাৰ সমীপৱৰ্তী চিব্ৰাগ্ৰেৰ ৱাংগালা আ দামত অনুষ্ঠিত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত এহেজাৰ পৰম্পৰাগত ডামা বাদক আৰু নৃত্যশিল্পীৰ সমূহীয়া পৰিৱেশনে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয়। 'সৰ্ববৃহৎ ৱাংগালা নৃত্য' শিতানত এই অভিলেখ গঢ়ি গৌৰৱ কঢ়িয়াই আনে হাণ্ড্ৰেড ড্ৰামছ ৱাংগালা ফেষ্টিভেল কমিটী, ইণ্ডিয়াই। এই ঐতিহাসিক সাফল্যই গাৰো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক এক নতুন পৰিচয় প্ৰদান কৰে।
সোণালী জয়ন্তী উদযাপনৰ চতুৰ্থ দিনাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, উপ-মুখ্যমন্ত্ৰী স্নিয়াওভালাং ধৰ, শক্তিমন্ত্ৰী টি ডি শ্বিৰা, বিৰোধী দলপতি মুকুল এম চাংমাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শেখাৱতে ৱাংগালা উৎসৱৰ ৫০ বছৰীয়া গৌৰৱময় যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে গাৰো জনগোষ্ঠীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশবাসীৰ হৈ গাৰো জনগোষ্ঠীলৈ শুভেচ্ছা জনায়।
শেখাৱতে কয় যে, এই সোণালী জয়ন্তী কেৱল এটা উৎসৱৰ ৫০ বছৰীয়া উদযাপনেই নহয়, ই গাৰো জনগোষ্ঠীৰ নিজস্ব সংস্কৃতি, পৰম্পৰা আৰু সামূহিক পৰিচয় জীয়াই ৰখাৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰো প্ৰতিফলন।
ৱাংগালা উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই শস্য চপোৱা উৎসৱ প্ৰকৃতি আৰু ধৰিত্ৰী মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এক সুন্দৰ নিদৰ্শন। প্ৰকৃতিৰ আশীৰ্বাদত লাভ কৰা প্ৰচুৰ শস্যৰ বাবে কৃতজ্ঞতা জনোৱাৰ এই পৰম্পৰাই মানুহ আৰু প্ৰকৃতিৰ মাজৰ নিবিড় সম্পৰ্কক প্ৰতিফলিত কৰে। জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱক্ষয়ৰ দৰে সমস্যাই সমগ্ৰ বিশ্বক চিন্তিত কৰি তোলাৰ সময়ত ৱাংগালাৰ দৰে থলুৱা উৎসৱে প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ এক গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে।
শেখাৱতে লগতে কয় যে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গাৰো জনগোষ্ঠীৰ জ্যেষ্ঠ ব্যক্তি, শিল্পী, আয়োজক আৰু সাধাৰণ ৰাইজৰ একান্ত প্ৰচেষ্টাৰ ফলতেই ৱাংগালা উৎসৱে আজিৰ এই গৌৰৱময় পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে, দেশৰ লোকসংগীত, পৰম্পৰাগত নৃত্য, ভাষা আৰু থলুৱা ৰীতি-নীতিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণশক্তি। এই ঐতিহ্যসমূহ সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাটো সকলোৰে দায়িত্ব।
গাৰো পাহাৰ অঞ্চলৰ পৰ্যটন সম্ভাৱনাৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে, ৱাংগালা উৎসৱে গাৰো পাহাৰক দেশৰ অন্যতম আকৰ্ষণীয় সাংস্কৃতিক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা বহন কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে পৰ্যটন, আতিথ্য সেৱা, হস্তশিল্প আৰু উদ্যোগ স্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব পাৰে। গাৰো পাহাৰৰ সাংস্কৃতিক পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত মেঘালয় চৰকাৰক কেন্দ্ৰীয় চৰকাৰে সহযোগিতা আগবঢ়াবলৈ আগ্ৰহী বুলিও তেওঁ আশ্বাস দিয়ে।
এহেজাৰ পৰম্পৰাগত ডামা বাদক আৰু নৃত্যশিল্পীৰ একেলগে অংশগ্ৰহণক একতা আৰু সাংস্কৃতিক চেতনাৰ অপূৰ্ব নিদৰ্শন বুলি অভিহিত কৰি শেখাৱতে কয় যে ৱাংগালা উৎসৱে ভৱিষ্যতে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম প্ৰধান সাংস্কৃতিক আকৰ্ষণ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। উপযুক্ত প্ৰচাৰ আৰু পৃষ্ঠপোষকতা লাভ কৰিলে এই উৎসৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অধিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
ইফালে, মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সোণালী জয়ন্তী উদযাপন সফল কৰি তোলাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী, আয়োজক সমিতি, শিল্পী আৰু গাৰো জনগোষ্ঠীৰ সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে।
উৎসৱটোৰ অতীত সুঁৱৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ১৯৭৬ চনত মাত্ৰ কেইটামান ঢোলেৰে আৰম্ভ হোৱা এই সাংস্কৃতিক পৰম্পৰাই ক্ৰমে '১০০ ড্ৰামছ ৱাংগালা উৎসৱ'ৰ ৰূপ লাভ কৰিছিল। আজি সেই উৎসৱে এহেজাৰ ঢোলৰ সমাহাৰেৰে এক নতুন ইতিহাস ৰচনা কৰিছে।
তেওঁ স্মৰণ কৰে যে, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাই এদিন সপোন দেখিছিল যে, ৱাংগালা উৎসৱৰ ৫০ বছৰ পূৰ্তি উপলক্ষে এহেজাৰ ঢোলেৰে এক বৃহৎ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আজি সেই সপোন বাস্তৱত পৰিণত হোৱাটো সমগ্ৰ গাৰো জনগোষ্ঠীৰ বাবে এক বিশেষ গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰী চাংমাই লগতে কয় যে, ৱাংগালা কেৱল এটা উৎসৱ নহয়, ই সমগ্ৰ গাৰো জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখা এক শক্তিশালী সাংস্কৃতিক পৰিচয়। ত্ৰিপুৰাৰ পৰা বাংলাদেশ আৰু অন্যান্য অঞ্চললৈ বিয়পি থকা গাৰো জনগোষ্ঠীৰ লোকসকল ভৌগোলিক আৰু ৰাজনৈতিক সীমাৰেখাৰে পৃথক হৈ থাকিলেও তেওঁলোকৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাই সকলোকে একেলগে সংযুক্ত কৰি ৰাখিছে।
অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী স্নিয়াওভালাং ধৰে বিগত পাঁচটা দশক ধৰি ৱাংগালা উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে গাৰো জনগোষ্ঠীক অভিনন্দন জনায়। তেওঁ কয় যে, ৰাজ্যখনৰ থলুৱা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে মেঘালয় চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ। ৱাংগালা উৎসৱৰ উত্তৰণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে সহযোগিতা অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে।
আনহাতে, বিৰোধী দলপতি মুকুল এম চাংমাই ৱাংগালা উৎসৱৰ সোণালী জয়ন্তীক গাৰো জনগোষ্ঠীৰ ইতিহাসৰ এক স্মৰণীয় অধ্যায় বুলি অভিহিত কৰে। পৰম্পৰাগত এশ ঢোলৰ উৎসৱ এহেজাৰ ঢোলৰ বিশাল সমাৱেশলৈ সম্প্ৰসাৰিত হোৱাটো এক উল্লেখযোগ্য সাফল্য বুলি তেওঁ মন্তব্য কৰে। উৎসৱটোৰ আৰম্ভণিৰে পৰা ইয়াক আগুৱাই নিয়া পূৰ্বপুৰুষ, জ্যেষ্ঠ ব্যক্তি আৰু দূৰদৰ্শী ব্যক্তিসকলৰ অৱদান তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে। নিজৰ সাংস্কৃতিক পৰিচয় অটুট ৰখাৰ ক্ষেত্ৰত এনে উৎসৱৰ ভূমিকা অপৰিসীম বুলিও তেওঁ কয়।
সোণালী জয়ন্তী উদযাপনৰ চতুৰ্থ দিনা ‘ৰিদম অৱ থাউজেণ্ড ড্ৰামছ’ শীৰ্ষক বিশেষ অনুষ্ঠানৰ লগতে হাণ্ড্ৰেড ড্ৰামছ ৱাংগালা উৎসৱৰ দহটা প্ৰতিযোগী দলৰ মাজত পৰম্পৰাগত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে এক বিশেষ সমূহীয়া নৃত্য পৰিৱেশন কৰা হয়।
এহেজাৰ ডামা বাদক আৰু নৃত্যশিল্পীৰ সমন্বিত পৰিৱেশনে সমগ্ৰ উৎসৱস্থলীত এক অনন্য সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। ঢোলৰ গম্ভীৰ ছন্দ আৰু পৰম্পৰাগত নৃত্যৰ অপূৰ্ব সমাহাৰে গাৰো জনগোষ্ঠীৰ চহকী লোকসংস্কৃতিক উজ্জ্বল ৰূপত তুলি ধৰে। এই বিশেষ পৰিৱেশনৰ অন্তত ‘সৰ্ববৃহৎ ৱাংগালা নৃত্য’ শিতানত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। এই অভিলেখৰ কৃতিত্ব লাভ কৰে হাণ্ড্ৰেড ড্ৰামছ ৱাংগালা ফেষ্টিভেল কমিটী, ইণ্ডিয়াই। বিভিন্ন প্ৰতিযোগী দলৰ শিল্পীসকলে এই ঐতিহাসিক সাফল্যত অংশীদাৰ হয়।
ইফালে, নৃত্য প্ৰতিযোগিতাত চিদাওগ্ৰে দলে প্ৰথম স্থান অধিকাৰ কৰি ট্ৰফীৰ লগতে দুই লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। গণ্ডেংগ্ৰে দলে প্ৰথম ৰানাৰ্ছ আপৰ স্থান লাভ কৰি ডেৰ লাখ টকা আৰু চাডলব্ৰা দলে দ্বিতীয় ৰানাৰ্ছ আপৰ স্থান লাভ কৰি এক লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন দলসমূহকো আয়োজক সমিতিৰ তৰফৰ পৰা সান্ত্বনা পুৰস্কাৰ প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে ১৯৭৬ চনত এক সৰু সাংস্কৃতিক প্ৰচেষ্টাৰে আৰম্ভ হোৱা ৱাংগালা উৎসৱে আজি ৫০ বছৰীয়া গৌৰৱময় যাত্ৰা সম্পূৰ্ণ কৰি বিশ্ব অভিলেখৰ স্বীকৃতি লাভ কৰিছে। এহেজাৰ ঢোলৰ ছন্দত মুখৰিত এই সোণালী জয়ন্তী উদযাপনে কেৱল গাৰো জনগোষ্ঠীৰ বাবেই নহয়, সমগ্ৰ মেঘালয় তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ইতিহাসতো এক নতুন অধ্যায় সংযোজন কৰিলে।
প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ লোকসংগীত, নৃত্য আৰু পৰম্পৰাক সযতনে জীয়াই ৰখা গাৰো জনগোষ্ঠীৰ ঐকান্তিক প্ৰচেষ্টাৰ এক উজ্জ্বল নিদৰ্শন হৈ ৰ’ব এই ঐতিহাসিক সাফল্য। লগতে ৱাংগালা উৎসৱৰ জৰিয়তে গাৰো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যই বিশ্বৰ সাংস্কৃতিক মানচিত্ৰত অধিক উজ্জ্বল স্থান লাভ কৰাৰ এক নতুন সম্ভাৱনাৰো সূচনা কৰিলে।