অভাৱী সংসাৰ, তথাপি বিশাল মন! ছাত্ৰ-ছাত্ৰী আৰু বৃদ্ধৰ পৰা ভাড়া নলয় মুৰ্ছিদাবাদৰ ই-ৰিক্সাচালক ছেলিমে

Story by  atv | Posted by  [email protected] • 41 m ago
ছেলিম শ্বেখ
ছেলিম শ্বেখ
 
তৰুণ নন্দী / কলকাতা
 
সংসাৰ চলাবলৈ একমাত্ৰ ভৰসা হৈছে ই-ৰিক্সাখন। দিনটো ই-ৰিক্সা চলাই কিমান নো উপাৰ্জন হয় সেয়া ছেলিমে ভালদৰেই জানে। তাৰ ওপৰতে প্ৰতিদিনৰ জীৱন সংগ্ৰামত যোগ হয় সংসাৰ আৰু সন্তানৰ পঢ়া-শুনাৰ খৰচ। এই সকলোবোৰ খৰচ বহন কৰাৰ পাছতো নিজৰ সীমিত উপাৰ্জনৰ মাজতেই এক ব্যতিক্ৰমী মানৱীয় সিদ্ধান্ত লৈছে মুৰ্ছিদাবাদৰ ৩০ বছৰীয়া যুৱক ছেলিম শ্বেখে, যিটো সিদ্ধান্তই তেওঁক আন সকলোতকৈ পৃথক কৰি তুলিছে। তেওঁৰ ই-ৰিক্সাত উঠি গন্তব্যস্থান পোৱাৰ পাছতো ছাত্ৰ-ছাত্ৰী আৰু বৃদ্ধ-বৃদ্ধাসকলে কোনো ধৰণৰ ভাড়া দিব নালাগে।
 
হয়, তেওঁ একেবাৰে বিনামূলীয়াকৈ তেওঁলোকক নিৰ্দিষ্ট স্থানলৈ লৈ যায়। এই কাম কৰি ছেলিমে হাঁহিমুখে কয় যে এই কামত তেওঁ মানসিক তৃপ্তি লাভ কৰে। মুৰ্ছিদাবাদ জিলাৰ বহৰমপুৰ ব্লকৰ ভাকুড়ি-২ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাকুন্দিৰ বাসিন্দা ৩০ বছৰীয়া ছেলিমৰ এই প্ৰচেষ্টাৰ কথা আজি সমগ্ৰ দেশেই জানিব পাৰিছে। প্ৰকৃততে তেওঁৰ এই মানৱীয় পদক্ষেপৰ আঁৰত সোমাই আছে তেওঁৰ নিজৰ জীৱনৰ কঠিন দিনবোৰৰ স্মৃতি। তেওঁ কিয় এই কাম কৰে? ইয়াৰ উত্তৰত জনা যায় যে, যি অভাৱে এদিন তেওঁৰ পঢ়া-শুনাৰ পথত হেঙাৰ হৈ থিয় দিছিল, যি দৰিদ্ৰতাই তেওঁক কম বয়সতেই সংসাৰৰ দায়িত্ব কান্ধত তুলি ল’বলৈ বাধ্য কৰিছিল, আজি সেই অভিজ্ঞতায়েই তেওঁক আনৰ কষ্ট বুজিবলৈ শিকালে। ক’বলৈ গ’লে, নিজৰ অতীতৰ সেই ঘটনাবোৰ ছেলিমে পাহৰি যোৱা নাই। বৰং সেই ঘাত-প্ৰতিঘাতপূৰ্ণ অতীতটোকেই তেওঁ মানুহৰ কাষত থিয় দিয়াৰ প্ৰেৰণা হিচাপে গঢ়ি তুলিছে।
 
ই-ৰিক্সাখনৰ সৈতে ছেলিম শ্বেখ
 
স্থানীয় লোকসকলৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে ছেলিম শ্বেখৰ জীৱনৰ আৰম্ভণি আছিল অতিশয় কঠিন বাস্তৱ। তেনেই সৰুতে তেওঁ পিতৃক হেৰুৱায়। পিতৃ নথকাত দুটাকৈ সৰু সন্তানক লৈ অসহায় হৈ পৰে তেওঁৰ মাতৃ। অৱশ্যে পিছলৈ মাতৃয়ে সন্তান দুটিক লৈ আত্মীয়ৰ ঘৰত আশ্ৰয় লয়। কেইবা বছৰৰ পাছত আইতাকে আহি তেওঁলোকক নিজৰ লগলৈ লৈ যায়। ছেলিমৰ ককাদেউতাক শাৰীৰিকভাৱে অক্ষম আছিল।
 
সংসাৰৰ দায়িত্ব ল’বলৈ আন কোনো নথকাত ঘৰৰ খৰচ যোগাৰ কৰিবলৈ আইতাকে গাঁৱে গাঁৱে ঘূৰি কাপোৰ বিক্ৰী কৰিবলগীয়া হৈছিল। আইতাকে উপাৰ্জন কৰিলেও অভাৱ আছিল তেওঁলোকৰ নিত্য সংগী। তেনে পৰিস্থিতিত পঢ়া-শুনা চলাই নিয়াটো আছিল অতিশয় কষ্টকৰ। জানিব পৰা মতে, গাড়ী ভাড়াৰ টকা যোগাৰ কৰিব নোৱাৰি ছেলিমে পাঁচ মাইল পথ খোজকাঢ়ি স্কুললৈ অহা-যোৱা কৰিছিল। ইমানবোৰ কষ্টৰ পাছতো তেওঁ থমকি ৰোৱা নাছিল। তেওঁ উচ্চতৰ মাধ্যমিকলৈকে শিক্ষাগ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছত আৰু আগবাঢ়িব নোৱাৰিলে। বয়সৰ ভৰত কোঁজা হৈ পৰা আইতাকৰ কষ্টই তেওঁক এক কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। নিজৰ সপোনক একাষৰীয়া কৰি থৈ পৰিয়ালৰ কাষত থিয় দিয়াৰ সিদ্ধান্ত লয় ছেলিমে। গাড়ী চলোৱা শিকি তেওঁ উপাৰ্জনৰ পথ বাছি লয়।
 
এগৰাকী বিশেষ ভাবে সক্ষম যাত্ৰীৰ  সৈতে ছেলিম শ্বেখ
 
ছেলিমে বৃদ্ধা আইতাকৰ কষ্ট আৰু সহ্য কৰিব নোৱাৰি তেওঁ পঢ়া-শুনা এৰি সংসাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল। চাৰি বছৰ ধৰি গাড়ী চালক হিচাপে কাম কৰিছিল ছেলিমে। তাৰ পাছত প্ৰায় দুবছৰ ধৰি ভাড়ালৈ ই-ৰিক্সা চলাইছিল। ঘৰৰ খৰচ চম্ভালি অলপ অলপকৈ টকা জমা কৰি অৱশেষত নিজৰ ই-ৰিক্সা কিনাৰ সপোন তেওঁ পূৰণ কৰে। নিজৰ কষ্টৰ উপাৰ্জনেৰে কিনা এই ই-ৰিক্সাখন এতিয়া কেৱল তেওঁৰ উপাৰ্জনৰ মাধ্যম হৈ থকা নাই। ক’বলৈ গ’লে এয়াই হৈ পৰিছে আন মানুহৰ কাষত থিয় দিয়াৰ এক সুযোগ। ছেলিমে ঠিক কৰে যে তেওঁৰ ই-ৰিক্সাত উঠা কোনো ছাত্ৰ-ছাত্ৰী বা বৃদ্ধ-বৃদ্ধাই ভাড়া দিব নালাগে। কিয় এনে সিদ্ধান্ত ল'লে? ইয়াৰ উত্তৰত ছেলিমে জনায়, ছাত্ৰ-ছাত্ৰীসকলক দেখিলে তেওঁৰ নিজৰ অসহায় ছাত্ৰজীৱনৰ কথা মনলৈ আহে। আনহাতে বৃদ্ধ-বৃদ্ধাসকলৰ মুখলৈ চালেই চকুৰ আগত ভাহি উঠে সেইগৰাকী আইতাকৰ মুখ, যিগৰাকীয়ে নিজৰ কষ্ট লুকুৱাই ৰাখি তেওঁক ডাঙৰ-দীঘল কৰিছিল।
 
ছেলিমক দেখি বহুতেই ভাবিব পাৰে যে তেওঁ চাগে যথেষ্ট আৰ্থিকভাৱে সচ্ছল। কিন্তু বাস্তৱ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। ছেলিমৰ নিজৰ সংসাৰখন বৰ এটা সচ্ছল নহয়। তেওঁ বিবাহিত। একমাত্ৰ পুত্ৰই প্ৰথম শ্ৰেণীত পঢ়ে। প্ৰতিদিনে ই-ৰিক্সা চলাই পোৱা উপাৰ্জনৰ পৰাই সংসাৰৰ খৰচ চলে। তথাপি ছাত্ৰ-ছাত্ৰী আৰু বয়সিয়াল লোকৰ পৰা ভাড়া নোলোৱাৰ সিদ্ধান্তত ছেলিমৰ কাষত সম্পূৰ্ণ সমৰ্থন আগবঢ়াই থিয় দিছে তেওঁৰ পত্নী সাহিলা খাতুনে।
 
ছেলিম শ্বেখ
 
স্বামীৰ এই মানসিকতাক সমৰ্থন কৰি সাহিলাই কয় যে, তেওঁৰ স্বামীয়ে বহুত কষ্ট কৰি ডাঙৰ হৈছে। স্বামীৰ অতীতৰ কথা জানি তেওঁৰ এই ইচ্ছাক সাহিলাই কেতিয়াও বাধা দিব নিবিচাৰে। তেওঁৰ বিশ্বাস, আল্লাহৰ দোৱাত আজিৰ এই কষ্টৰ মাজতো এদিন নিশ্চয় ভাল দিন আহিব। নিজৰ ই-ৰিক্সা কিনাৰ মাত্ৰ ছমাহৰ ভিতৰতে অঞ্চলটোৰ মানুহৰ মুখে মুখে বিয়পি পৰিছে ছেলিমৰ নাম। যাতায়াতৰ বাবে ভাড়া নাপালেও বিনিময়ত তেওঁ লাভ কৰে বয়সিয়াল লোকসকলৰ আশীৰ্বাদ। ছাত্ৰ-ছাত্ৰীৰ হাঁহি আৰু মানুহৰ মৰম-ভালপোৱাই যেন ছেলিমক আনন্দৰে জীয়াই থকাৰ প্ৰেৰণা যোগায়।
 
হয়তো এই মানৱীয় প্ৰচেষ্টাই তেওঁৰ উপাৰ্জন বঢ়োৱা নাই। কিন্তু আনৰ জীৱনলৈ অলপ সকাহ কঢ়িয়াই অনাৰ যি আনন্দ, সেয়া কেতিয়াও টকাৰে জুখিব নোৱাৰি। এগৰাকী সাধাৰণ মানুহ হৈয়ো নিজৰ সামৰ্থ্যৰ ভিতৰতে এক অসাধাৰণ কাম কৰি দেখুৱাইছে তেওঁ। যি কামে তেওঁক সমাজৰ চকুত এগৰাকী প্ৰকৃত নায়ক কৰি তুলিছে।