বিগ বাজেটৰ ‘ৰামায়ণ’ত উজলিল বৰপেটাৰ জয়নাল আবদিন; শিল্পকৰ্মৰে নিজৰ অজ্ঞাতে হৈ পৰিল ভাইৰেল

Story by  Ariful Islam | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৰিফুল ইছলাম / জনিয়া (বৰপেটা)
 
৫ নৱেম্বৰত সমগ্ৰ বিশ্বৰ ১০০ খনতকৈও অধিক দেশত মুক্তি লাভ কৰা বহুচৰ্চিত ছবি 'ৰামায়ণ' পাৰ্ট ১' ছবিখনৰ সৈতে এইবাৰ প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে অসম। প্ৰায় ৪,০০০ কোটি টকাৰ বিশাল বাজেটেৰে দুটা খণ্ডত নিৰ্মাণ হোৱা এই ছবিখনত অসমৰ পৰম্পৰাগত বাঁহ-বেত শিল্প আৰু শিল্পীৰ প্ৰতিভাই বিশ্ব দৰবাৰত এক সুকীয়া স্থান লাভ কৰিছে। ছবিখনত ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত সাই পল্লৱী আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা ৰবি ডুবেই বনবাসৰ সময়ত পৰিধান কৰা বিশেষ বেতৰ পোছাক বা কৱচসমূহ প্ৰস্তুত কৰি উলিয়াইছে বৰপেটাৰ জনিয়াৰ বাংলীপাৰাৰ শিল্পী জয়নাল আবদিন, নগেন বিশ্বাস আৰু তেওঁৰ সহযোগীসকলে।
 
ৰামায়ণৰ কাহিনী অনুসৰি, বনবাসৰ সময়ছোৱাত ৰাজকীয় সাজ-পোছাক ত্যাগ কৰি প্ৰকৃতিৰ সৈতে খাপ খোৱা সাধাৰণ পোছাক পৰিধান কৰাৰ প্ৰয়োজন আছিল। এই বিশেষ দৃশ্যসমূহ জীৱন্ত কৰি তুলিবলৈ ছবিখনৰ কষ্টিউম ডিজাইনাৰ অজয় কুমাৰে এক উপযুক্ত সামগ্ৰীৰ সন্ধানত অসমৰ সৈতে যোগাযোগ কৰে। জনিয়াৰ গ্ৰামোন্নয়ন পৰিষদ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ মূল কাৰ্যকৰ্তা আব্দুল মালেকৰ জৰিয়তে অজয় কুমাৰে জনিয়াত উপস্থিত হৈ বাঁহ-বেতৰ শিল্পী জয়নাল আবদিনক লগ পায় আৰু ইয়াৰ পৰাই এই ঐতিহাসিক যাত্ৰাৰ আৰম্ভণি হয়।

‘আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পী জয়নাল আবদিনে কয়; "জনিয়াৰ আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ আব্দুল মালিকৰ জৰিয়তে আমাক যোগাযোগ কৰিছিল। প্ৰথমতে আমাক ড্ৰয়িং আৰু ফটো দেখুৱাই সুধিছিল। মই, নগেন বিশ্বাস আৰু আমাৰ দলটো গ্ৰাম উন্নয়নৰ কাৰ্যালয়লৈ গ'লো। তাত চাই আমি কৈছিলোঁ যে আমি চেষ্টা কৰিলে পাৰিম। পৰৱৰ্তী সময়ত ছবিখনৰ আৰ্কিটেক্ট সাগৰ শ্ৰীদ্ধা গ্ৰামোন্নয়নৰ কাৰ্যালয়লৈ আহিছিল। তেতিয়া মোক আৰু নগেন বিশ্বাসক মাতি পঠিয়ালে। তেওঁ আমাক সকলোখিনি কাম বুজাই দিয়ে আৰু লগতে কয় যে কিবা অসুবিধা হ'লে ক’বা, আমি লগত আছোঁ। আপোনালোকৰ লগতে আমিও কাম কৰিম।"
 
প্ৰথম অৱস্থাত কষ্টিউম ডিজাইনাৰ অজয় কুমাৰে ডাঠ কাগজত আঁকি দিয়া এক বিশেষ আৰ্হিৰ ভিত্তিত শিল্পী জয়নাল আবদিন আৰু নগেন বিশ্বাসে এমাহৰ ভিতৰত বেতৰ কৱচৰ এটা নমুনা প্ৰস্তুত কৰি উলিয়ায়। এই নমুনাটো মুম্বাইলৈ নি ৰাম-লক্ষ্মণৰ চৰিত্ৰৰ শিল্পীসকলক পিন্ধাই চোৱাৰ পিছত ইয়াৰ কিছু উন্নতি সাধনৰ প্ৰয়োজন অনুভৱ কৰা হয়। পৰৱৰ্তী সময়ত অজয় কুমাৰে পুনৰ অসমলৈ আহি জয়নাল আবদিনৰ বাসগৃহত কেইবাদিনো বাহৰ পাতি কৱচসমূহৰ খুঁটি-নাটি তদাৰক কৰে। যুঁজৰ দৃশ্যত অভিনেতাগৰাকীয়ে দৌৰিব বা জাঁপ মাৰিব লগা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কৱচটো অধিক আৰামদায়ক, নিৰাপদ আৰু পাতল কৰিবলৈ অজয় কুমাৰৰ পৰামৰ্শক্ৰমে বেতৰ সৈতে বিশেষধৰণৰ ৰবৰো ব্যৱহাৰ কৰা হয়। এমাহতকৈও অধিক সময় ধৰি বেত কাটি, তিয়াই, নিৰ্দিষ্ট আকৃতি দি সম্পূৰ্ণ হাতেৰে এই সাজসমূহ বনোৱা হৈছিল।
 
নগেন বিশ্বাস আৰু জয়নাল আবদিন
 
জয়নালে কয়; "প্ৰথম অৱস্থাত আমাক এখন ডাঠ পেপাৰত ফাৰ্মা এটা বনাই দিছিল। তাৰপিছত আমি সেইটোৰ জোখত এমাহৰ ভিতৰত এটা কৱচ সম্পূৰ্ণ কৰিছিলোঁ। সেই কৱচটো মুম্বাইলৈ লৈ গৈ তেওঁলোকে পিন্ধাই চালে। পিন্ধাই চোৱাৰ পিছত দেখিলে যে ভালদৰে ফিটিং হোৱা নাছিল আৰু বেতৰ কৱচটো অলপ টান আছিল। তাৰপিছত তেওঁলোকে শুধৰণি কৰিবলগীয়াখিনি আমাক দেখুৱাই দিলে। টান বেতৰ কৱচটো পিন্ধি আৰামদায়ক হ'বৰ বাবে আমি ভিতৰত ৰবৰ ব্যৱহাৰ কৰিছিলোঁ।"
 
এই সমগ্ৰ প্ৰক্ৰিয়াটো অতিশয় গোপনীয়তাৰে সম্পন্ন কৰা হৈছিল। শিল্পী জয়নাল আবদিনে প্ৰথমতে বন বিভাগৰ কোনো সাধাৰণ ছবিৰ বাবেহে এই কাম কৰা বুলি ভাবিছিল আৰু ইমান বৃহৎ প্ৰকল্পৰ কথা জনা নাছিল। এবাৰ তেওঁৰ সহযোগী নগেন বিশ্বাসৰ কন্যাই নজনাকৈ কৱচৰ ফটো সামাজিক মাধ্যমত আপলোড কৰাত অজয় কুমাৰে তাৎক্ষণিকভাৱে সেয়া ডিলিট কৰোৱায় আৰু কঠোৰ গোপনীয়তা ৰক্ষাৰ নিৰ্দেশ দিয়ে। তাৰ পিছৰ পৰাই শিল্পীসকলে অতি সতৰ্কতাৰে প্ৰায় তিনি বছৰ ধৰি ৩০ যোৰ নিৰ্দিষ্ট জোখৰ বেতৰ পোছাক মুম্বাইলৈ যোগান ধৰে।
 
"এই কৱচসমূহ আমি আমাৰ ইয়াতে উৎপাদিত থলুৱা উৎকৃষ্ট মানৰ বেতেৰে প্ৰস্তুত কৰিছিলো। আমি একেবাৰেই নাজানিছিলোঁ যে, আমি যোগান ধৰা কৱচসমূহ ইমান বৃহৎ প্ৰকল্পৰ ছবিৰ কাৰণে ব্যৱহাৰ হ'ব। প্ৰথমতে আমি বন বিভাগৰ কিবা চিনেমা বুলি ভাবিছিলোঁ। আমি একেবাৰেই শেষতহে জানিছিলোঁ যে বহুত ডাঙৰ চিনেমাৰ কাৰণে আমি কাম কৰিছোঁ। অজয় কুমাৰ আৰু সাগৰে আমাৰ সৈতে চুক্তি কৰি লৈছিল ছবিখন মুক্তিলাভ কৰাৰ পূৰ্বেই কৱচসমূহৰ ছবি যাতে সামাজিক মাধ্যমত কোনোপধ্যেই আপলোড নহয়", জয়নালে কয়।
 
জয়নাল আবদিন আৰু নগেন বিশ্বাসে প্ৰস্তুত কৰা কৱচ
 
জয়নাল আবদিনে এই সফলতাক একক নহয়, বৰঞ্চ এক সন্মিলিত প্ৰয়াস বুলি অভিহিত কৰিছে। এই নিৰ্মাণ কাৰ্যত নগেন বিশ্বাস, ছহিদুল ইছলাম, নন্দলাল সৰকাৰ, ৰমেন দাস আৰু মিণ্টু দাসকে ধৰি প্ৰায় ১০-১৫ জনীয়া এটা দলে অহোপুৰুষাৰ্থ কৰিছিল। গাঁৱৰ এই সাধাৰণ শিল্পীসকলৰ নিপুণ হাতৰ পৰশেই আজি বলীউডৰ বৃহৎ পৰ্দাত জিলিকি উঠিছে।
 
‘আৱাজ-দ্য ভইচ’ৰ সম্মুখত শিল্পী নগেন বিশ্বাসে কয়; "আমাৰ অত্যন্ত ভাল লাগিছে। জয়নাল আৰু মই প্ৰায় ১০ বছৰৰ পৰা একেলগে কাম কৰি আছো। আমাৰ সৈতে আন ১০ জনৰ এটা দলে একেলগে কাম কৰিছিলোঁ। আমি নতুন বস্তু বনাই যথেষ্ট ভাল পাওঁ। ভাল লাগে। আমি দিনে ৰাতিয়ে কাম কৰিছিলোঁ। আমাৰ লগত আৰ্কিটেক্ট সাগৰে যথেষ্ট কষ্ট কৰিছে। আমাৰ লগত ইয়াত বহি তেওঁ কাম চাইছে আৰু আমাক কি কি কেনেকৈ কৰিব লাগে সকলো দেখুৱাই বুজাই দিছে। আমি কাম কৰাৰ সময়ত আমি কেনেকৈ কাম কৰোঁ সাগৰে সকলো চাইছিল। তেওঁৰ এইবোৰ কামত বৰ আগ্ৰহ দেখিবলৈ পাইছোঁ। তেওঁক দেখি আমিও কাম কৰিবলৈ দুগুণ উৎসাহ পাইছিলোঁ।"
 
উল্লেখ্য যে, শিল্পী জয়নাল আবদিনৰ পিতৃয়েও এই শিল্পকৰ্মৰ এগৰাকী শিল্পী আছিল। তেওঁ বাঁহ-বেতৰ কাম নিজৰ পিতৃৰ পৰা শিকিছিল। ৭-৮ বছৰ বয়সৰ পৰাই জয়নালে এই কাম কৰি আহিছে। যিদৰে তেওঁ পিতৃৰ পৰা এই পৰম্পৰাগত বাঁহ-বেতৰ শিল্পকৰ্ম আয়ত্ত কৰিছিল, ঠিক একেদৰেই নিজৰ দুই পুত্ৰক নিজৰ লগতে কাম শিকাই আছে জয়নালে। ইয়াৰ পূৰ্বেও ২০০৭ চনত জয়নালে বাংলা চিনেমাৰ কাম কৰিছে। তদুপৰি তেওঁ বিভিন্ন ৰিজৰ্ট, ডাঙৰ ডাঙৰ হোটেলৰ ডিজাইন আদিতো কাম কৰিছে। বৰ্তমান জয়নাল আবদিনে নিজৰ ঘৰতে 'ৰুমী কেন এণ্ড বেম্বু ফাৰ্নিচাৰ' নামেৰে নিজৰ কৰ্মশালাটোতে বাঁহ-বেতৰ এই শিল্পত মনোনিবেশ কৰি আছে। জয়নালে ব্যৱহাৰ কৰা ডাঙৰ বেতবোৰ অৰুণাচল আৰু কাৰ্বি আংলঙৰ পৰা আমদানি কৰা হয় আৰু সৰু বেতবোৰ বৰপেটাতে পোৱা যায়।
 
জয়নালৰ কৰ্মশালাত কাম চাই থকা মুহূৰ্তত 'ৰামায়ণ'ৰ কছটিউম ডিজাইনাৰ অজয় কুমাৰ
 
জয়নাল আবদিনে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী অনলাইন বজাৰলৈ আগবঢ়াই দিয়ে ব্যৱসায়ী অলকেশ দাস আৰু মানসী পাঠকে। অলকেশ দাসে কয়; "প্ৰায় ৭ বছৰৰ পৰা আমি এওঁলোকৰ লগত কাম কৰি আছো। জয়নাল দা, নগেন দাহতে বহুত ধুনীয়া আৰু নিপুণতাৰে কাম কৰে। এওঁলোকৰ দৰে আমিও জনা নাছিলো যে ইমান ডাঙৰ প্ৰকল্প এটাৰ কাম কৰি আছে। যেতিয়া খবৰটো পালোঁ তেতিয়া আমি আচৰিত হৈছিলোঁ আৰু অত্যন্ত ভাল লাগিছিল। আমাৰ এই বাঁহ-বেতৰ শিল্প বিশ্ব দৰবাৰত স্থান পোৱাটো আমাৰ কাৰণে গৌৰৱৰ বিষয়।"
 
আনহাতে, কেৱল বেতৰ পোছাকৰ জৰিয়তেই নহয়, অভিনয়েৰেও এইবাৰ ‘ৰামায়ণ’ত অসমৰ উপস্থিতি উজলি উঠিছে। গুৱাহাটীৰ প্ৰতিভাশালী অভিনেত্ৰী সুৰভি দাস আৰু আনিছা দেউলে এই ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলাইছে। অভিনেত্ৰী সুৰভি দাসে পূৰ্বে অসমীয়া ধাৰাবাহিকৰ লগতে হিন্দী ধাৰাবাহিক 'নিমা ডেনজংপা' আৰু 'পাণ্ড্য ষ্ট'ৰ'ত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। সুৰভিৰ এই অৱদানে অসমবাসীক দুগুণে গৌৰৱান্বিত কৰিছে।