গুৱাহাটী
অসমৰ উদ্যোগী তথা ‘লাহে লুমছ’ৰ প্ৰতিষ্ঠাপক জাহ্নৱী ফুকনে চলিত বৰ্ষৰ ‘মীনিংফুল বিজনেছ ১০০’ (এমবি১০০)ৰ বিজয়ীসকলৰ তালিকাত স্থান লাভ কৰিছে। জটিল প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে বৃহৎ পৰিসৰত প্ৰয়োগ কৰিব পৰা সমাধান আগবঢ়াবলৈ লাভ অৰ্জনৰ সৈতে সামাজিক উদ্দেশ্যৰ সমন্বয় ঘটোৱা নেতৃত্বক এই বাৰ্ষিক কাৰ্যসূচীৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হয়।
গেটছ ফাউণ্ডেচন, গুগল, আইবিএম, ছাইদ বিজনেছ স্কুল, ছীডষ্টাৰ্ছ কেপিটেল আৰু বিশ্ব অৰ্থনৈতিক মঞ্চকে ধৰি বিভিন্ন সংস্থাৰ বিশেষজ্ঞ বিচাৰকসকলৰ এটা পেনেলে ৯০০ৰো অধিক মনোনয়নৰ মাজৰ পৰা বিজয়ীসকলক বাছনি কৰে বুলি বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হয়।
মনোনীতসকলৰ ভিতৰত সামাজিক উদ্যোগী, বহনক্ষমতাৰ ক্ষেত্ৰত নেতৃত্ব দিয়া ব্যক্তি, কৰ্প’ৰেট মুখ্য কাৰ্যবাহী বিষয়া আৰু সামাজিক তথা পৰিৱেশগত সুফল সৃষ্টিৰ লক্ষ্যৰে বিনিয়োগ কৰা বিনিয়োগকাৰীসকল আছিল। তেওঁলোকক পাঁচটা মূল দিশ --ন্যায্যতা, প্ৰভাৱ, উদ্ভাৱন, নেতৃত্ব আৰু পৰিসৰ বৃদ্ধিৰ সম্ভাৱনা -- ৰ ভিত্তিত মূল্যায়ন কৰা হয়।
মীনিংফুল বিজনেছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া টম লিটন-ডিকিয়ে ফুকনক অভিনন্দন জনাই কয় যে ‘লাহে লুমছ’ত তেওঁ কৰা কামে বৃহৎ পৰিসৰলৈ সম্প্ৰসাৰণ কৰিব পৰা ব্যৱসায়িক আৰ্হি আৰু প্ৰযুক্তিৰ জৰিয়তে কেনেদৰে বাস্তৱ আৰু ইতিবাচক প্ৰভাৱ সৃষ্টি কৰিব পাৰি, সেয়া প্ৰমাণ কৰিছে।
তেওঁ কয়, “এই বছৰৰ নিৰ্বাচিত দলটোৱে বিশ্বজুৰি সাধিত হৈ থকা অগ্ৰগতিৰ কথা শক্তিশালীভাৱে সোঁৱৰাই দিছে। অধিক বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে তেওঁলোকৰ সফলতা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্বব্যাপী এমবি১০০ সমুদায়লৈ জাহ্নৱীক স্বাগতম জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু আগন্তুক বছৰসমূহত তেওঁৰ কামত সহায় আগবঢ়াবলৈ আগ্ৰহেৰে বাট চাইছোঁ।”
বৰ্তমান অষ্টম বৰ্ষত ভৰি দিয়া এমবি১০০ কাৰ্যসূচীয়ে বিজয়ীসকলক বিশ্বজুৰি সমপৰ্যায়ৰ পেছাজীৱীসকলৰ এক নেটৱৰ্কৰ সৈতে সংযুক্ত কৰে। ইয়াৰ লগতে দক্ষতা আৰু সক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সম্পদ তথা বিনামূলীয়া পেছাগত সহায়ো আগবঢ়ায়। ইৱাই, হোগান লাভেলছ কেডৱালাডাৰ, ফৰ্ষ্টাৰ কমিউনিকেশ্যনছ, নৰ্থইষ্টাৰ্ন ইউনিভাৰ্ছিটি আৰু দ্য পৰ্টমেন এষ্টেটকে ধৰি নিজ নিজ ক্ষেত্ৰৰ আগশাৰীৰ সংস্থাসমূহৰ সহযোগত এই সুবিধাসমূহ প্ৰদান কৰা হয়।
ফুকন ‘লাহে লুমছ’ৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে এগৰাকী পৰ্যটন উদ্যোগীও। অসম আৰু উত্তৰ-পূব ভাৰতক বিশ্বৰ আগত তুলি ধৰাৰ ক্ষেত্ৰত তেওঁৰ তিনি দশকৰো অধিক অভিজ্ঞতা আছে।
‘লাহে লুমছ’ৰ জৰিয়তে তেওঁ অসমৰ হস্ততাঁত আৰু ৰেচম শিল্পৰ ঐতিহ্যৰ প্ৰসাৰত কাম কৰি আহিছে। উৎপাদনৰ পৰা ফেশ্বনলৈকে সামৰি লোৱা এক আৰ্হিৰ জৰিয়তে তেওঁ মহিলা শিল্পীসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰিছে।
প্ৰতিষ্ঠানটোৱে স্থানীয়ভাৱে উৎপাদিত ৰেচম সংগ্ৰহ আৰু শিপিনী সমাজক সহায় আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি অসমীয়া শিল্প-পৰম্পৰাৰ আধাৰত সমসাময়িক হাতে বোৱা পোছাক আৰু বস্ত্ৰৰ নক্সা প্ৰস্তুত তথা বিক্ৰী কৰালৈকে সমগ্ৰ মূল্য শৃংখলজুৰি কাম কৰে।
তেওঁ ‘জংগল ট্ৰেভেলছ ইণ্ডিয়া’ আৰু ‘আছাম বেংগল নেভিগেশ্যন কোম্পানী’ৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালকো। লগতে তেওঁ ২০২০–২১ বৰ্ষত এফএলঅ’ (ফিকি লেডিজ অৰ্গেনাইজেশ্যন)ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।