সংৰক্ষণ পদ্ধতিৰ বাবে নামেৰী সংৰক্ষিত বনাঞ্চলে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

Story by  PTI | Posted by   Imtiaz Ahmed • 32 m ago
নামেৰী বাঘ সংৰক্ষিত বনাঞ্চলত এটা বাঘ
নামেৰী বাঘ সংৰক্ষিত বনাঞ্চলত এটা বাঘ
তেজপুৰ

নামেৰী বাঘ সংৰক্ষিত বনাঞ্চলে বাঘ সংৰক্ষণ আৰু সংৰক্ষিত বনাঞ্চলৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে বুলি বৃহস্পতিবাৰে এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

বাঘ সংৰক্ষণ আৰু সংৰক্ষিত এলেকা ব্যৱস্থাপনাৰ বাবে নিৰ্ধাৰিত নীতি-নিয়মসমূহ পূৰণ কৰাৰ পাছত Conservation Assured | Tiger Standards (CA|TS) কাঠামোৰ অধীনত নামেৰীক CA|TS Approved মৰ্যাদা প্ৰদান কৰা হয় বুলি ক্ষেত্ৰ সঞ্চালক পিৰাইছুডান বি-য়ে এক বিবৃতিত কয়।

তেওঁ কয়, “CA|TS International Executive Committee-ৰ দ্বাৰা প্ৰয়োজনীয় মূল্যায়ন আৰু অনুমোদন সম্পন্ন হোৱাৰ পাছত ১০ ছেপ্টেম্বৰত নামেৰীক এই মৰ্যাদা প্ৰদান কৰা হয়।”

CA|TS হৈছে বিশ্বব্যাপী স্বীকৃত এক কাঠামো, যাৰ জৰিয়তে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ব্যৱস্থাপনা মূল্যায়ন কৰা হয়। ইয়াৰ ভিতৰত বন্যপ্ৰাণী সুৰক্ষা, বাসস্থান ব্যৱস্থাপনা, নিৰীক্ষণ, প্ৰশাসন আৰু স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণ আদি বিষয় অন্তৰ্ভুক্ত থাকে।

নামেৰীয়ে এই অনুমোদন লাভ কৰাৰ পাছত অসমৰ চাৰিওখন বাঘ সংৰক্ষিত বনাঞ্চল -- কাজিৰঙা, মানস, ওৰাং আৰু নামেৰী -- এতিয়া CA|TS Approved মৰ্যাদা লাভ কৰিছে।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা বাঘ সংৰক্ষিত বনাঞ্চল শোণিতপুৰ জিলাৰ উত্তৰ অংশত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি ৪৬৪ বৰ্গ কিলোমিটাৰ, যাৰ ভিতৰত ২০০ বৰ্গ কিলোমিটাৰ মূল (কোৰ) এলেকা হিচাপে অন্তৰ্ভুক্ত।