অসমৰ শ্ৰেণীকোঠাৰ পৰা ‘TIME’ৰ বিশ্বমঞ্চলৈ: হিমালয়ৰ ভয়াৱহ বিপদৰ আগজাননী দিয়া বিজ্ঞানী ড০ অসীম ছাত্তাৰ

Story by  Daulat Rahman | Posted by  Munni Begum • 51 m ago
বিজ্ঞানী ড০ অসীম ছাত্তাৰ
বিজ্ঞানী ড০ অসীম ছাত্তাৰ
 
  দৌলত ৰহমান
 
অসমত জন্মগ্ৰহণ কৰা বিজ্ঞানী ড০ অসীম ছাত্তাৰ যেতিয়া গুৱাহাটীত ডাঙৰ-দীঘল হৈছিল, তেতিয়া হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিল যে এই ল’ৰাজনেই এদিন হিমালয়ৰ গলি যোৱা হিমবাহত লুকাই থকা বিপদসমূহৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত এক বলিষ্ঠ কণ্ঠস্বৰ হৈ উঠিব।
 
আজি মাত্ৰ ৩৫ বছৰ বয়সতেই অসমৰ শ্ৰেণীকোঠাৰ পৰা বিশ্বৰ আগশাৰীৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহলৈকে বিস্তৃত তেওঁৰ যাত্ৰাই ২০২৬ চনৰ ১৯ নৱেম্বৰত প্ৰকাশিত ‘TIME’ আলোচনীৰ প্ৰথমখন ‘TIME100 Next India’ তালিকাত তেওঁক এক আকাংক্ষিত তথা মৰ্যাদাপূৰ্ণ স্থান আনি দিছে। গলি যোৱা হিমবাহ, হিমালয়ৰ প্ৰাণঘাতী বান আৰু জলবায়ুজনিত দুৰ্যোগৰ ওপৰত তেওঁ চলোৱা পথপ্ৰদৰ্শক গৱেষণাই পাৰ্বত্য জনসমাজক সুৰক্ষা দিয়াত আৰু এক নিৰাপদ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিছে।
 
এক অনুষ্ঠানত ড০ অসীম ছাত্তাৰ
 
এই সন্মানীয় তালিকাত বিজ্ঞান, প্ৰযুক্তি, কলা, ব্যৱসায়, স্বাস্থ্যসেৱা, সমাজসেৱা আৰু অন্যান্য ক্ষেত্ৰত নিজৰ কৃতিত্ব তথা দূৰদৃষ্টিৰে দেশৰ ভৱিষ্যত গঢ় দি থকা ১০০ গৰাকী উদীয়মান ভাৰতীয়ক স্বীকৃতি দিয়া হৈছে। সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত গৱেষক, উদ্ভাৱক আৰু জনস্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত হিমালয় অঞ্চলে সন্মুখীন হোৱা অন্যতম গুৰুতৰ পাৰিপাৰ্শ্বিক সংকটৰ ওপৰত কৰা অগ্ৰণী গৱেষণাৰ বাবে ড০ ছাত্তাৰ বিশেষভাৱে উজলি উঠিছে।
 
অৱশ্যে ড০ ছাত্তাৰৰ এই কাহিনী কেৱল এক আন্তঃৰাষ্ট্ৰীয় সন্মানতেই সীমাবদ্ধ নহয়। এয়া এনে এগৰাকী বিজ্ঞানীৰ সাধনাৰ কাহিনী, যিয়ে গলি যোৱা হিমবাহৰ ধ্বংসাত্মক শক্তি বুজিবলৈ, বিপদ আহি পৰাৰ পূৰ্বেই সম্ভাৱ্য দুৰ্যোগ চিনাক্ত কৰিবলৈ আৰু সংকটাপন্ন পাৰ্বত্য জনসমাজক ৰক্ষা কৰাৰ উপায় বিচাৰি উলিয়াবলৈ নিজৰ সমগ্ৰ কেৰিয়াৰ উৎসৰ্গা কৰিছে।
 
তেওঁৰ বৈজ্ঞানিক যাত্ৰাৰ সম্ভৱতঃ আটাইতকৈ উল্লেখযোগ্য অধ্যায়টো হ’ল ছিকিমৰ দক্ষিণ লোনাক হ্ৰদৰ ওপৰত কৰা গৱেষণা। ২০২৩ চনৰ অক্টোবৰ মাহত সংঘটিত প্ৰলয়ংকৰী বানৰ বহু বছৰ পূৰ্বেই তেওঁ এই হিমবাহ হ্ৰদটো বিস্ফোৰণ হোৱাৰ ভয়াৱহ সম্ভাৱনাৰ বিষয়ে সতৰ্ক কৰি দিছিল।
 
পৰৱৰ্তী সময়ত যেতিয়া সেই দুৰ্যোগ বাস্তৱত সংঘটিত হ’ল, তেতিয়া তেওঁৰ গৱেষণাই হিমালয়ৰ এটা দুৰ্গম হিমবাহ হ্ৰদ কিদৰে নামনি অঞ্চলত ব্যাপক ধ্বংসলীলাৰ কাৰণ হৈ পৰিল, তাৰ জটিল কাৰ্য-কাৰণ শৃংখলাটো পোহৰলৈ অনাত সহায় কৰিলে।
 
আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলৰ সহযোগত কৰা আৰু সন্মানীয় আলোচনী ‘Science’ত প্ৰকাশিত তেওঁৰ পৰৱৰ্তী গৱেষণাই এই দুৰ্যোগটোৰ লগতে হিমালয়ৰ জনবসতি, আন্তঃগাঁথনি আৰু জলবিদ্যুৎ প্ৰকল্পসমূহে সন্মুখীন হোৱা ক্ৰমবৰ্ধমান বিপদসমূহৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ দিশ পোহৰলৈ আনিছে।
অসমৰ বাবে ‘TIME’ৰ এই মৰ্যাদাপূৰ্ণ তালিকাত তেওঁৰ নিৰ্বাচন এক গৌৰৱৰ ক্ষণ। কিন্তু ড০ ছাত্তাৰৰ বাবে এই স্বীকৃতিৰ অৰ্থ বহু গভীৰ- ই হিমালয়ৰ সুৰক্ষাৰ জৰুৰী প্ৰশ্নটো বিশ্ববাসীৰ সন্মুখত তুলি ধৰিছে। ‘Awaz- দ্য ভইচ’-ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত ড০ ছাত্তাৰে কয়, “TIME100 Next India তালিকাত স্থান লাভ কৰি মই অত্যন্ত সন্মানিত বোধ কৰিছোঁ।”
 
তেওঁ লগতে কয়, “মোৰ বিশ্বাস যে হিমালয়ৰ হিমবাহ হ্ৰদ বিস্ফোৰণজনিত বান (GLOF) সম্পৰ্কীয় গৱেষণাৰ বাবেই মই এই তালিকাত স্থান পাইছোঁ আৰু GLOF গৱেষণাৰ ক্ষেত্ৰত কৰা বছৰজোৰা শ্ৰমে যে বিশ্বমঞ্চত দৃষ্টি আকৰ্ষণ কৰিছে, তাক লৈ মই আনন্দিত।”
 
এক অসাধাৰণ যাত্ৰাৰ আঁৰৰ অসমীয়া শিপা
 
ড০ ছাত্তাৰৰ আন্তঃৰাষ্ট্ৰীয় সাফল্যৰ আঁৰত আছে শিক্ষা, দৃঢ়তা আৰু জ্ঞান অন্বেষণক সদায় গুৰুত্ব দিয়া এটা পৰিয়ালৰ অকুণ্ঠ উৎসাহ। তেওঁ অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া আব্দুছ ছাত্তাৰ আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক লুৎফৰ ৰহমানৰ পুত্ৰ। নিজৰ পচন্দৰ ক্ষেত্ৰখন বাছি ল’বলৈ আৰু বৈজ্ঞানিক লক্ষ্যত উপনীত হ’বলৈ তেওঁৰ পিতৃ-মাতৃয়ে সদায় তেওঁক প্ৰেৰণা যোগাই আহিছে।
 
গুৱাহাটীত বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত ড০ ছাত্তাৰে ভাৰত তথা বিদেশৰ কেইবাটাও প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত অধ্যয়ন আৰু গৱেষণা সম্পন্ন কৰে। ২০১৯ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) ৰুৰকীৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেটন বিশ্ববিদ্যালয় আৰু ছুইজাৰলেণ্ডৰ জুৰিখ বিশ্ববিদ্যালয়ত প’ষ্ট-ডক্টৰেল গৱেষণা কৰে। ইয়াৰ উপৰি তেওঁ বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc)ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ (DST)ৰ ‘ইনস্পায়াৰ ফেকাল্টি’ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
 
বৰ্তমান তেওঁ ওড়িশাৰ IIT ভুৱনেশ্বৰত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তাত তেওঁ ক্ৰমান্বয়ে সংবেদনশীল হৈ পৰা হিমালয়ৰ পৰিৱেশৰ ওপৰত নিজৰ গৱেষণা অব্যাহত ৰখাৰ লগতে নতুন প্ৰজন্মৰ গৱেষকসকলকো গঢ় দি আছে।
 
আইচলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে ড০ অসীম ছাত্তাৰ
 
IIT ভুৱনেশ্বৰত তেওঁ ‘ক্ৰায়’ছেন্স লেব’ স্থাপন কৰিছে, যিটো হিমবাহজনিত বিপদ, সংবেদনশীলতা আৰু দুৰ্যোগৰ আশংকা অধ্যয়নৰ বাবে উৎসৰ্গিত এক গৱেষণা প্ৰচেষ্টা। এই গৱেষণাগাৰটোৱে পৰিৱৰ্তনশীল পাৰ্বত্য পৰিৱেশে কিদৰে জনবসতি, পথ, জলবিদ্যুৎ প্ৰকল্প আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে, সেই বিষয়ে অনুসন্ধান কৰিবলৈ যুৱ গৱেষকসকলক একত্ৰিত কৰিছে।
 
ড০ ছাত্তাৰৰ গৱেষণা কেৱল ভাৰততেই সীমাবদ্ধ নহয়। তেওঁ হিমালয়ৰ লগতে এণ্ডিজ পৰ্বতমালা, আইচলেণ্ড আৰু মধ্য এছিয়াত হিমবাহ হ্ৰদ বিস্ফোৰণজনিত বান, পাৰ্মাফ্ৰষ্টৰ অৱক্ষয় আৰু হিমবাহ সম্পৰ্কীয় অন্যান্য বিপদসমূহৰ ওপৰত অধ্যয়ন চলাই আছে।
 
তেওঁৰ কামৰ এটা বিশেষ দিশ হ’ল- ভূমিস্খলন আৰু শিল-বৰফৰ স্খলনৰ দৰে বৃহৎ ভূ-স্খলনে উচ্চ পাৰ্বত্য অঞ্চলত কিদৰে ধ্বংসাত্মক ঘটনাৰ শৃংখলা আৰম্ভ কৰিব পাৰে, সেয়া বুজি পোৱা। এনে দুৰ্যোগে নামনি অঞ্চলত বসবাস কৰা লোকসকলৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি বিয়পিব পৰা বিপদসমূহৰ বিষয়েও তেওঁ সমানেই চিন্তিত।
 
তেওঁ কয়, “বৃহৎ ভূ-স্খলনে এই ঘটনাবোৰক কেনেদৰে গঢ় দিয়ে আৰু ইয়াৰ দ্বাৰা জলবিদ্যুৎ প্ৰকল্প, আন্তঃগাঁথনি, জনসমাজ তথা সীমান্তৰ সিপাৰে কেনে প্ৰভাৱ পৰে, সেই বিষয়ে অধ্যয়ন কৰাত মোৰ বিশেষ আগ্ৰহ আছে।”
 
তেওঁৰ কাম-কাজে তেওঁক কেৱল শৈক্ষিক গৱেষণাৰ মাজতেই আবদ্ধ কৰি ৰখা নাই; পাৰ্বত্য জনসমাজ, নীতিনিৰ্ধাৰক আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰাত সিদ্ধান্ত ল’ব পৰা অন্যান্য অংশীদাৰসকলৰ ওচৰলৈও তেওঁক লৈ গৈছে।
 
'TIME100 Next India' তালিকাত স্থান লাভ কৰা লোকসকল
 
দক্ষিণ লোনাকৰ বিপদৰ আগজাননী দিয়া বিজ্ঞানীগৰাকী
 
ড০ ছাত্তাৰৰ গৱেষণা কিয় ইমান গুৰুত্বপূৰ্ণ, ইয়াৰ অন্যতম জীৱন্ত উদাহৰণ হৈছে ২০২৩ চনৰ অক্টোবৰ মাহত ছিকিমত সংঘটিত দুৰ্যোগ। উত্তৰ ছিকিমৰ উচ্চ পাৰ্বত্য অঞ্চলত অৱস্থিত দক্ষিণ লোনাক হ্ৰদ দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলৰ বাবে উদ্বেগৰ কাৰণ হৈ আছিল। হিমবাহবোৰ গলি পিছুৱাই যোৱাৰ লগে লগে হ্ৰদটোৰ আকাৰ বৃদ্ধি পোৱাত গৱেষকসকলে হিমবাহ হ্ৰদ বিস্ফোৰণজনিত বান বা GLOF-ৰ সম্ভাৱনা সম্পৰ্কে অনুসন্ধান চলাইছিল। এই দুৰ্যোগ ঘটাৰ পূৰ্বেই হ্ৰদটোৰ সম্ভাৱ্য বিপদ অধ্যয়ন কৰা বিজ্ঞানীসকলৰ মাজত ড০ ছাত্তাৰ অন্যতম আছিল। তেওঁৰ পূৰ্বৰ গৱেষণাত দক্ষিণ লোনাকৰ সৈতে জড়িত গুৰুতৰ বিপদসমূহ চিনাক্ত কৰা হৈছিল আৰু হ্ৰদটো বিস্ফোৰণ হ’লে হ’ব পৰা ভয়াৱহ পৰিণতিৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল।
 
অৱশেষত ২০২৩ চনৰ ৩–৪ অক্টোবৰত সেই দুৰ্যোগ নামি আহে। বৰফ হৈ গোট মাৰি থকা হিমবাহজনিত শিল-মাটি (ম’ৰেইন)ৰ এটা বিশাল অংশ হ্ৰদটোত খহি পৰাত পানীৰ এক প্ৰচণ্ড ঢৌৰ সৃষ্টি হ’ল, যাৰ ফলত তিস্তা নদী উপত্যকাৰে বৈ অহা এক প্ৰলয়ংকৰী বানে নামনি অঞ্চলত ব্যাপক ধ্বংসলীলা চলায়। পাছত এক আন্তঃৰাষ্ট্ৰীয় তদন্তত নিশ্চিত কৰা হয় যে প্ৰায় ১.৪৭ কোটি (১৪.৭ নিযুত) ঘনমিটাৰ শিল-মাটি হ্ৰদটোত খহি পৰিছিল, যাৰ ফলত প্ৰায় ২০ মিটাৰ উচ্চতাৰ বানৰ ঢৌ সৃষ্টি হৈছিল।
 
ড০ ছাত্তাৰ আৰু তেওঁৰ সহযোগীসকলে এই ঘটনাপ্ৰবাহৰ ওপৰত এক বিস্তৃত তদন্ত চলাইছিল, উচ্চ পাৰ্বত্য অঞ্চলৰ এটা বিপদে কেনেদৰে ধাৰাবাহিক ধ্বংসাত্মক পৰিণতিৰ সূচনা কৰিব পাৰে, সেয়া তেওঁলোকে বিশ্লেষণ কৰিছিল। এই গৱেষণাৰ ফলাফল বিশ্বৰ অন্যতম সন্মানীয় বিজ্ঞান আলোচনী ‘Science’ত প্ৰকাশ পাইছিল।
 
ড০ ছাত্তাৰে কয়, “আমাৰ দলটোৱে ২০২৩ চনৰ অক্টোবৰ মাহত ছিকিমৰ দক্ষিণ লোনাক হ্ৰদত সংঘটিত ঘটনাটোৰ ওপৰত বিস্তৃত গৱেষণা চলাইছিল আৰু সেয়া ‘Science’ আলোচনীত প্ৰকাশ কৰিছিল।”
 
ড০ অসীম ছাত্তাৰ
 
হিমালয়ৰ আন আন অঞ্চলতো- য’ত সংকুচিত হিমবাহ, সম্প্ৰসাৰিত হ্ৰদ আৰু অস্থিৰ পাহাৰীয়া ঢালে ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে— তেনেধৰণৰ বিপদ বুজি পোৱাত এই অধ্যয়নটোৱে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। তেওঁৰ গৱেষণাই দেখুৱাই দিছে যে কেৱল এটা হিমবাহ হ্ৰদ নিৰীক্ষণ কৰাটোৱেই যথেষ্ট নহ’বও পাৰে। বৰং ধ্বংসাত্মক বানৰ সূচনা কৰিব পৰা চৌপাশৰ পাহাৰীয়া ঢাল, বৰফ জমা হৈ থকা ভূমি আৰু সম্ভাৱ্য হিমস্খলনৰ পথসমূহো বিজ্ঞানীসকলে পৰীক্ষা কৰাটো জৰুৰী।
 
জলবায়ু পৰিৱৰ্তনে পাহাৰৰ ৰূপান্তৰ ঘটাইছে
 
ড০ ছাত্তাৰৰ বাবে জলবায়ু পৰিৱৰ্তন কেৱল উষ্ণতা বৃদ্ধি বা বৰফ গলি যোৱাৰ বিষয় নহয়; ই বিশ্বৰ কেইবাটাও সুউচ্চ পৰ্বতমালাৰ ভৌতিক স্থায়িত্বকেই সলনি কৰি পেলাইছে।
 
এটা ডাঙৰ উদ্বেগৰ বিষয় হ’ল ‘পাৰ্মাফ্ৰষ্ট’ৰ অৱক্ষয়। পাৰ্মাফ্ৰষ্ট হ’ল এনে এক ভূ-স্তৰ যি দীৰ্ঘদিন ধৰি বৰফ হৈ গোট মাৰি থাকে আৰু পাহাৰৰ ঢালবোৰক সুস্থিৰ কৰি ৰখাত সহায় কৰে। উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে পূৰ্বে গোট মাৰি থকা এই ভূমি দুৰ্বল হৈ পৰে, যাৰ ফলত পাহাৰ খহা, ভূমিস্খলন আৰু হিমস্খলনৰ আশংকা বাঢ়ি যায়। কেতিয়াবা এই ঘটনাবোৰে হিমবাহ হ্ৰদত আঘাত হানে, বিপুল পৰিমাণৰ পানী বাহিৰলৈ ঠেলি দিয়ে আৰু ভয়াৱহ বানৰ সৃষ্টি কৰে।
 
তেওঁ কয়, “মোৰ গৱেষণাৰ বিষয় হ’ল উষ্ণ জলবায়ুৱে মূলতঃ হিমবাহ, হিমবাহ হ্ৰদ আৰু পাৰ্মাফ্ৰষ্টৰ জৰিয়তে উচ্চ পৰ্বতমালাক কেনেদৰে সলনি কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত পাৰ্মাফ্ৰষ্টৰ উষ্ণতা সলনি হৈছে, যাৰ ফলত পাহাৰৰ ঢাল খহাৰ আশংকা বৃদ্ধি পাইছে আৰু ই উচ্চ পৰ্বতমালাত হিমস্খলন বা জিএলঅ’এফ-ৰ সৃষ্টি কৰিব পাৰে।”
 
তেওঁৰ গৱেষণাই স্থানীয় পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়লৈকে এই বিপদসমূহ পৰীক্ষা কৰে, যাৰ জৰিয়তে দুৰ্গম পাৰ্বত্য অঞ্চলৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনে শ শ কিলোমিটাৰ নামনিত বসবাস কৰা লোকসকলৰ বাবে কেনেদৰে বিপদ সৃষ্টি কৰিব পাৰে, সেয়া বিজ্ঞানীসকলে বুজি পোৱাত সহায় হয়। হিমালয় অঞ্চলত এই ভাবুকি বিশেষভাৱে গুৰুতৰ, কিয়নো তাত থকা ভংগুৰ পাৰ্বত্য পৰিৱেশতন্ত্ৰৰ সমান্তৰালকৈ জনসংখ্যা, আন্তঃগাঁথনি আৰু উচ্চাকাংক্ষী জলবিদ্যুৎ প্ৰকল্পৰো দ্ৰুত সম্প্ৰসাৰণ ঘটিছে।
 
বিজ্ঞানী ড০ অসীম ছাত্তাৰে অলপতে বঁটা লাভ কৰাৰ এক মূহুৰ্ত
 
নেপালৰ দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰা বুলি ওলোৱা বাতৰি সন্দৰ্ভত সোধা প্ৰশ্নত ড০ ছাত্তাৰে বিষয়টো স্পষ্ট কৰি দিয়ে। সেই দাবী পোনছাটেই নাকচ কৰি তেওঁ স্পষ্টকৈ কয়, “মই এই বছৰৰ নেপালৰ দুৰ্যোগৰ কোনো ভৱিষ্যদ্বাণী কৰা নাছিলোঁ।”
 
তেওঁৰ মতে, বৰ্তমানৰ বৈজ্ঞানিক জ্ঞান আৰু সীমিত তথ্যৰ ভিত্তিত এক বিৰল তথা বিশাল শিল-বৰফৰ স্খলনৰ আগতীয়া ভৱিষ্যদ্বাণী কৰাটো সম্ভৱতঃ অসম্ভৱ। তেওঁ বুজাই কয় যে বৰ্তমান হিমালয়ত চলি থকা বেছিভাগ বিপদ নিৰীক্ষণ ব্যৱস্থা হিমবাহ হ্ৰদসমূহৰ ওপৰত কেন্দ্ৰীভূত, আনহাতে শিল-বৰফৰ স্খলন এক ভিন্ন ভৌতিক প্ৰক্ৰিয়াৰ সৈতে জড়িত। এনে ঘটনা তুলনামূলকভাৱে বিৰল হোৱাৰ বাবে আৰু এইবোৰ কেতিয়া আৰু ক’ত ঘটিব সেয়া নিৰ্ভৰযোগ্যভাৱে নিৰ্ণয় কৰিবলৈ বিজ্ঞানীসকলৰ হাতত এতিয়াও পৰ্যাপ্ত পৰ্যবেক্ষণ নথকাৰ বাবেই আগতীয়াকৈ সঠিক অনুমান কৰাটো কঠিন।
 
ড০ ছাত্তাৰে দৃঢ়তাৰে কয়, “মই যিটো বিষয়ত সতৰ্কবাণী দিছিলোঁ, সেয়া আছিল ছিকিম।” তেওঁ আঙুলিয়াই দিয়ে যে দক্ষিণ লোনাক হ্ৰদ সম্পৰ্কীয় তেওঁৰ সতৰ্কবাণী ২০২৩ চনৰ বানৰ বহু বছৰ পূৰ্বেই নথিভুক্ত কৰা হৈছিল। তেওঁৰ ধাৰণা, সেই পূৰ্বৰ সতৰ্কবাণীবোৰৰ বাবেই হয়তো নেপালৰ দুৰ্যোগ সম্পৰ্কে তেওঁ ভৱিষ্যদ্বাণী কৰা বুলি বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। এই পাৰ্থক্যটো অতি গুৰুত্বপূৰ্ণ- ড০ ছাত্তাৰৰ কাম হৈছে প্ৰাকৃতিক দুৰ্যোগৰ সঠিক সময়ৰ ভৱিষ্যদ্বাণী কৰাৰ দাবী নকৰাকৈ বৈজ্ঞানিকভাৱে বিপদৰ মূল্যায়ন কৰা আৰু সম্ভাৱ্য আশংকাসমূহ চিনাক্ত কৰা।
 
২০২৬ চনত ‘TIME100 Next India’ৰ স্বীকৃতিয়েই ড০ ছাত্তাৰৰ একমাত্ৰ বৃহৎ সাফল্য নহয়। এই বছৰৰ আৰম্ভণিতে ক্ৰায়’স্ফিয়েৰ (পৃথিৱীৰ হিমমণ্ডল) গৱেষণালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ‘ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্ট’ (ICIMOD)-ৰ সন্মানীয় ‘Early Career Scientist Award)’ লাভ কৰিছিল। হিন্দু কুশ হিমালয় অঞ্চলৰ এগৰাকী কৃতী যুৱ বিজ্ঞানীসকলৰ মাজৰ পৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়।
 
ড০ ছাত্তাৰৰ বাবে এই সন্মানৰ বিশেষ তাৎপৰ্য আছে, কাৰণ ICIMOD-এ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ প্ৰত্যক্ষভাৱে প্ৰভাৱিত পাৰ্বত্য জনসমাজৰ সৈতে নিবিড়ভাৱে কাম কৰে।
ড০ অসীম ছাত্তাৰ
 
তেওঁ কয়, “এয়া এক আঞ্চলিক বঁটা, যি হিন্দু কুশ হিমালয়ৰ যুৱ বিজ্ঞানীসকলক বছৰত এবাৰ প্ৰদান কৰা হয় আৰু মোৰ বাবে ইয়াৰ গুৰুত্ব বহুত বেছি কাৰণ ই এনে এটা প্ৰতিষ্ঠানৰ পৰা আহিছে যিয়ে এই অঞ্চলৰ পাৰ্বত্য জনসমাজৰ সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে কাম কৰে।”
 
তেওঁ ICIMOD বঁটা আৰু ‘TIME’ৰ স্বীকৃতি- এই দুয়োটাই বৈজ্ঞানিক জ্ঞান, চৰকাৰী নীতি আৰু ব্যৱহাৰিক দুৰ্যোগ-আশংকা হ্ৰাসৰ মাজত সাঁকো গঢ়া গৱেষণাৰ স্বীকৃতি বুলি গণ্য কৰে। তেওঁ লগতে কয়, “মই এই দুয়োটাক বিজ্ঞান, নীতি আৰু ব্যৱহাৰিক প্ৰয়োগক সংযোগ কৰা জিএলঅ’এফ গৱেষণাৰ স্বীকৃতি হিচাপে চাওঁ আৰু এই কাম সম্ভৱ কৰি তোলা মোৰ ছাত্ৰ-ছাত্ৰী তথা সহযোগীসকলৰ ওচৰত মই কৃতজ্ঞ।”
 
আজি কেৱল সতীৰ্থ গৱেষকসকলেই নহয়, বৰং সংকটাপন্ন পাৰ্বত্য অঞ্চলসমূহৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰতিষ্ঠানসমূহেও ড০ ছাত্তাৰৰ পৰামৰ্শ বিচাৰি আগবাঢ়ি আহিছে। তেওঁ ছিকিম চৰকাৰে বিপদাপন্ন হিমবাহ হ্ৰদসমূহৰ মূল্যায়ন আৰু হিমবাহজনিত বিপদ হ্ৰাসৰ উপায় পৰামৰ্শ দিবলৈ গঠন কৰা ১৩ জনীয়া ‘Sikkim Commission on Glacial Hazards’-ৰ সদস্য। এই আয়োগত তেওঁৰ অন্তৰ্ভুক্তিয়ে তেওঁৰ বৈজ্ঞানিক দৃষ্টিভংগীক নীতি-নিৰ্ধাৰণমূলক আলোচনা আৰু দুৰ্যোগ প্ৰস্তুতিত প্ৰত্যক্ষভাৱে অৰিহণা যোগাবলৈ সুযোগ দিছে।
 
ইয়াৰ উপৰি তেওঁ ‘ইণ্টাৰনেচনেল এছ’চিয়েচন অৱ ক্ৰায়’স্ফেৰিক ছায়েন্সেছ’ আৰু ‘ইণ্টাৰনেচনেল পাৰ্মাফ্ৰষ্ট এছ’চিয়েচন’ৰ সৈতে জড়িত বৈজ্ঞানিক স্থায়ী গোট ‘গ্লেচিয়েৰ এণ্ড পাৰ্মাফ্ৰষ্ট হেজাৰ্ডছ ইন মাউণ্টেইনছ’ (GAPHAZ)-ৰ এগৰাকী বিশেষজ্ঞ সদস্য। এই দায়িত্বসমূহে চৰকাৰ, প্ৰতিষ্ঠান আৰু জনসাধাৰণক বিপজ্জনক পাৰ্বত্য দুৰ্যোগৰ বাবে সাজু কৰি তোলাত বৈজ্ঞানিক গৱেষণাক কাৰ্যকৰী পদক্ষেপলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত তেওঁৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰে।
 
হিমালয়ৰ পৰা বিশ্বলৈ বিস্তৃত গৱেষণা
 
যদিও দক্ষিণ লোনাক দুৰ্যোগে তেওঁৰ কামক আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰোৱাইছিল, ড০ ছাত্তাৰৰ বৈজ্ঞানিক অনুসন্ধানে হিমালয়ৰ বহু বিস্তৃত বিপদক সামৰি লৈছে। তেওঁৰ দলটোৱে বৰ্তমান ২০২৫ চনত উত্তৰাখণ্ডত সংঘটিত ধৰালী দুৰ্যোগ আৰু ২০২৫ তথা ২০২৬ চনত নেপালত সংঘটিত ৰসুৱা ঘটনাসমূহৰ ওপৰত অধ্যয়ন চলাই আছে। উষ্ণতা বৃদ্ধিয়ে উচ্চ পাৰ্বত্য ভূখণ্ডৰ স্থায়িত্ব সলনি কৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত এটা নতুন উদ্বেগ হিচাপে দেখা দিয়া হিমাচল প্ৰদেশৰ পাৰ্মাফ্ৰষ্ট অৱক্ষয়ৰ ওপৰতো গৱেষকসকলে অধ্যয়ন প্ৰকাশ কৰিছে।
 
বিজ্ঞানী ড০ অসীম ছাত্তাৰ তেওঁৰ পৰিয়ালৰ সৈতে
 
ভাৰতৰ ভিতৰত ড০ ছাত্তাৰৰ হিমবাহ হ্ৰদ বিস্ফোৰণজনিত বান সম্পৰ্কীয় গৱেষণা হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, কাশ্মীৰ, লাডাখ, ছিকিম আৰু অৰুণাচল প্ৰদেশলৈকে বিস্তৃত। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্তি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ, য’ত হিমালয়ৰ ভূ-প্ৰকৃতি আৰু নদী প্ৰণালীয়ে নিজস্ব জটিল পাৰিপাৰ্শ্বিক সংবেদনশীলতাৰ সৃষ্টি কৰে।
 
একাধিক অঞ্চলৰ বিপদসমূহ অধ্যয়ন কৰি ড০ ছাত্তাৰ আৰু তেওঁৰ সহযোগীসকলে ধ্বংসাত্মক বান আৰু অন্যান্য উচ্চ-পাৰ্বত্য জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা প্ৰক্ৰিয়াসমূহৰ বিষয়ে এক ব্যাপক ধাৰণা গঢ়ি তুলিছে। তেওঁৰ চূড়ান্ত লক্ষ্য কেৱল দুৰ্যোগ ঘটি যোৱাৰ পাছত তাৰ নথিপত্ৰ প্ৰস্তুত কৰা নহয়, বৰং ভৱিষ্যতৰ ক্ষয়-ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পৰা জ্ঞান সৃষ্টি কৰা।
 
নম্ৰতা আৰু আশাৰ বাৰ্তা
 
ড০ ছাত্তাৰৰ জীৱন কাহিনীক যিটো গুণে বিশেষভাৱে অনুপ্ৰেৰণাদায়ক কৰি তুলিছে, সেয়া হ’ল নিজৰ কৃতিত্বৰ প্ৰতি তেওঁৰ বিনয়ী মনোভাব। ‘TIME’ৰ স্বীকৃতি, সন্মানীয় আঞ্চলিক বিজ্ঞান বঁটা আৰু এগৰাকী আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পাছতো তেওঁ নিজৰ সাফল্যক কেতিয়াও ব্যক্তিগত কৃতিত্ব হিচাপে নাচায়। তাৰ পৰিৱৰ্তে তেওঁ বাৰে বাৰে নিজৰ ছাত্ৰ-ছাত্ৰী, পথপ্ৰদৰ্শক, সহযোগী আৰু পাৰ্বত্য জনসমাজৰ অৱদানক স্বীকাৰ কৰে।
 
‘আৱাজ- দ্য ভইচ’ক তেওঁ কয়, “মই যিকোনো স্বীকৃতি লাভ কৰিছোঁ, সেয়া মোৰ ছাত্ৰ-ছাত্ৰী, পথপ্ৰদৰ্শক আৰু সহযোগীসকলৰ, আৰু লগতে আমাৰ কামক পথ দেখুওৱা পাৰ্বত্য জনসমাজৰ প্ৰাপ্য।” এই অনুভৱে বৈজ্ঞানিক গৱেষণাৰ সামূহিক চৰিত্ৰ আৰু পাৰিপাৰ্শ্বিক বিপদৰ পৰিণতি ভোগ কৰি জীয়াই থকা মানুহৰ পৰা শিকিবলৈ তেওঁ দিয়া গুৰুত্বকেই প্ৰতিফলিত কৰে।
 
হিমালয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান বিচৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক জড়িত কৰিবলৈ তেওঁ বিশেষভাৱে আগ্ৰহী। তেওঁ কয়, “বিপদৰ আশংকা হ্ৰাস কৰা আৰু এক বহনক্ষম হিমালয়ৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ পৰা অহা নতুন চিন্তাধাৰাক মই আদৰণি জনাওঁ। আহক, আমি সকলোৱে একেলগে এই কাম কৰোঁ।”
 
এন ডি আৰ এফৰ জোৱানৰ সৈতে বিজ্ঞানী ড০ অসীম ছাত্তাৰ
 
অসমৰ পৰা যাত্ৰা আৰম্ভ কৰা এগৰাকী যুৱ বিজ্ঞানীৰ মুখত এই কথাবোৰে এক শক্তিশালী বাৰ্তা কঢ়িয়াই আনিছে। গুৱাহাটীৰ শ্ৰেণীকোঠাৰ পৰা IIT ৰুৰকী, আমেৰিকা আৰু ছুইজাৰলেণ্ডৰ গৱেষণা প্ৰতিষ্ঠানৰ পৰা আইআইএছচি বেংগালুৰু আৰু IIT ভুৱনেশ্বৰৰ গৱেষণাগাৰলৈকে- ড০ অসীম ছাত্তাৰে বৌদ্ধিক কৌতূহল, অধ্যৱসায় আৰু বিজ্ঞানক সমাজৰ বাবে অৰ্থবহ কৰি তোলাৰ দৃঢ় সংকল্পৰে এক উজ্জ্বল পথ অতিক্ৰম কৰিছে। 
 
পিতৃ-মাতৃৰ উৎসাহে তেওঁক সপোনৰ পাছত দৌৰিবলৈ শক্তি দিলে; তেওঁৰ নিৰলস গৱেষণাই তেওঁক বিশ্বমঞ্চত স্বীকৃতি আনি দিলে। কিন্তু তেওঁৰ সৰ্বশ্ৰেষ্ঠ অৱদান হয়তো লুকাই আছে আগন্তুক বছৰবোৰত বৈজ্ঞানিক বুজাবুজি, উন্নত প্ৰস্তুতি আৰু সুচিন্তিত নীতিৰ জৰিয়তে ৰক্ষা পৰিবলগীয়া অগণন মানুহৰ জীৱনত।
 
মাত্ৰ ৩৫ বছৰ বয়সতেই ড০ অসীম ছাত্তাৰে ভাৰতৰ উদীয়মান পৰিৱৰ্তনকাৰীসকলৰ মাজত নিজৰ স্থান নিশ্চিত কৰিছে। তথাপি তেওঁৰ বৃহত্তৰ লক্ষ্য আজিও দৃঢ়ভাৱে নিবদ্ধ হৈ আছে সেই পৰ্বতমালাতেই- যাতে হিমালয়ৰ ছাঁত বসবাস কৰা জনসমাজে এটা অধিক সুৰক্ষিত ভৱিষ্যত লাভ কৰিব পাৰে।
 
(লেখক ‘আৱাজ -দ্য ভইচ অসম’ৰ সম্পাদক)