আৰিফুল ইছলাম / গুৱাহাটী
'মই ইয়াৰ পৰাই চাইকেল চলাই ওলাই গৈছিলো। এণ্ড আই কেম বেক উইথ এ ৰেঞ্জ ৰভাৰ। ডেটছ এ ফেণ্টাচি!' যোৰহাটৰ এক সংগীত অনুষ্ঠানত হিয়াৰ আমঠু জুবিন গাৰ্গে এইষাৰ কথা গৌৰৱৰে কৈছিল। জুবিন গাৰ্গৰ অতি মৰমৰ এ এছ ০১ জিএ ৯৯৯৯ নম্বৰৰ ৰেঞ্জ ৰভাৰ গাড়ীখন বিক্ৰী হৈ গ'ল।
অসমৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ জুবিন গাৰ্গৰ অতিকৈ মৰমৰ তথা হেঁপাহৰ 'ৰেঞ্জ ৰভাৰ' গাড়ীখন বিক্ৰী হোৱাৰ খবৰে অনুৰাগীসকলৰ মাজত তীব্ৰ আৱেগৰ সৃষ্টি কৰিছে। বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ দুলু আহমেদে প্ৰথমে এই খবৰটো সামাজিক মাধ্যমত ৰাজহুৱা কৰাৰ পিছতেই সমগ্ৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে আৰু মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়।
AS01 GA-9999 পঞ্জীয়ন নম্বৰৰ এই বিলাসী বাহনখন কেৱল এখন গাড়ীয়েই নাছিল, ই আছিল জুবিন গাৰ্গৰ সপোনৰ বাহন। সাধাৰণ দৃষ্টিত এয়া সাধাৰণ ঘটনা যেন লাগিব পাৰে, কিন্তু অসমীয়া জাতিৰ আৱেগ আৰু জুবিন গাৰ্গৰ জীৱন-সংগ্ৰামৰ প্ৰেক্ষাপটত এয়া কেৱল এখন গাড়ী বিক্ৰী হোৱাৰ সাধাৰণ ঘটনা নহয়; ইয়ে যেন দাঙি ধৰিছে এজন কিংবদন্তি শিল্পীৰ সপোন আৰু স্মৃতিৰ সৈতে কৰা এক অপ্ৰত্যাশিত দুখজনক ঘটনা হিচাপে। বিভিন্ন মঞ্চত শিল্পীগৰাকীয়ে নিজেই এই গাড়ীখনৰ প্ৰতি থকা তেওঁৰ আৱেগ আৰু দুৰ্বলতাৰ কথা ব্যক্ত কৰিছিল। সেয়েহে, তেওঁৰ এই অতি মৰমৰ গাড়ীখন কোনে কিনিলে, তাক লৈ সকলোৰে মনত এক স্বাভাৱিক কৌতূহলৰ সৃষ্টি হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি, আজাৰাৰ সোণমনি দাস নামৰ এগৰাকী যুৱকে ক্ৰয় কৰিছে শিল্পীগৰাকীৰ এই হেঁপাহৰ বাহনখন। গাড়ীখন ক্ৰয় কৰাৰ সন্দৰ্ভত আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণমনি দাসে দুলু আহমেদৰ আগত কয়, "কেৱল গাড়ী বুলি নহয়, দাদাক অন্তৰৰ পৰা ভাল পাওঁ কাৰণেই মই এই গাড়ীখন ক্ৰয় কৰিছো।"
প্ৰিয় শিল্পীগৰাকীৰ সপোনৰ গাড়ীখন এনেদৰে বিক্ৰী হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে জুবিন অনুৰাগীসকল স্বাভাৱিকতেই মৰ্মাহত হৈ পৰিছে আৰু ছ’চিয়েল মিডিয়াত গভীৰ দুখ প্ৰকাশ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, জুবিন গাৰ্গৰ ৫৪ সংখ্যক ওপজা দিনৰ ঠিক পিছৰ দিনটোতেই এই বিশেষ বাহনখন বিক্ৰী কৰা হৈছিল।
বিশিষ্ট সমাজকৰ্মী দুলু আহমেদে কয়; "মই খবৰটো পাই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলোঁ। তাৰপিছত মই অনুসন্ধান কৰিলোঁ। তাৰপিছত খবৰ পালোঁ যে কামৰূপ জিলাৰ আজাৰাৰ সোণমণি দাস নামৰ যুৱক এজনে গাড়ীখন ক্ৰয় কৰিছে। তেওঁক সোধাত তেওঁ মোক ক'লে যে দাদাৰ প্ৰতি এটা আৱেগ আছে বাবেই মই তেওঁৰ গাড়ীখন ক্ৰয় কৰিছোঁ। মই তেওঁক ক'লো যে তুমি গাড়ীখন ঘূৰাই দিয়া, গাড়ীখন ক্ৰয় কৰাৰ নামত তোমাৰ যি খৰচ হৈছিল, আমি সকলোৱে মিলি তোমাক সেই খৰচ উঠাই দিম। গাড়ীখন ঘূৰাই দিম বুলি তেওঁ আশ্বাস দিছে। যদি তেওঁ ঘূৰাই নিদিয়ে তেতিয়াহ'লে বিষয়টোৰ ওপৰত অসমৰ ৰাইজে বিবেচনা কৰিব।"
এই ৰেঞ্জ ৰভাৰখন জুবিন গাৰ্গৰ বাবে কেৱল যাত্ৰাৰ বাহন নাছিল, ই আছিল তেওঁৰ আজীৱন সংগ্ৰাম, আত্মবিশ্বাস আৰু গৌৰৱোজ্জ্বল যাত্ৰাৰ জীৱন্ত প্ৰতীক। ২০২৪ চনৰ ২ মাৰ্চত ফেচবুকত এই গাড়ীখনৰ সৈতে ফটো আপলোড কৰি তেওঁ নিজৰ আনন্দ আৰু গৌৰৱ ৰাইজৰ সৈতে ভাগ-বতৰা কৰিছিল। যোৰহাটৰ এখন মঞ্চত তেওঁ বুকু ফুলাই অতি গৌৰৱেৰে ঘোষণা কৰিছিল— “মই ইয়াৰ পৰাই চাইকেল চলাই ওলাই গৈছিলো। এণ্ড আই কেম বেক উইথ এ ৰেঞ্জ ৰভাৰ। ডেটছ এ ফেণ্টাচি!” এখন সাধাৰণ চাইকেলেৰে সপোনৰ বাটত খোজ পেলোৱা এজন যুৱকে নিজৰ অসাধাৰণ প্ৰতিভা আৰু সাধনাৰে ৰেঞ্জ ৰভাৰৰ মালিক হোৱালৈকে কৰা সেই যাত্ৰা আছিল সমগ্ৰ অসমৰ নতুন প্ৰজন্মৰ বাবে এক অনন্য অনুপ্ৰেৰণা। তেনেস্থলত প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ সেই সপোনৰ গাড়ীখন এনেদৰে বিক্ৰী কৰি দিয়াটো কিমানদূৰ যুক্তিসংগত, তাক লৈ আজি প্ৰতিজন সচেতন অসমীয়াৰ মনত তীব্ৰ প্ৰশ্ন উদয় হৈছে।
অৱশ্যে সমগ্ৰ বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তো শিল্পীগৰাকীৰ পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক বা ৰাজহুৱা মন্তব্য প্ৰকাশ কৰা নাই। আনহাতে, একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে গাড়ী বিক্ৰী কৰাৰ এই সিদ্ধান্তটোক জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ এক সম্পূৰ্ণ 'একান্ত ব্যক্তিগত বিষয়' বুলি অভিহিত কৰিছে আৰু ইয়াক লৈ অনাহক চৰ্চা কৰাৰ কোনো প্ৰয়োজন নাই বুলিও মত প্ৰকাশ কৰিছে।