৪৮ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ: সাধাৰণ জনতাৰ স্বস্তিৰ নিশ্বাস, তথাপিও অব্যাহত যাত্ৰীৰ দুৰ্দশা

Story by  atv | Posted by  [email protected] • 36 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
শুকুৰবাৰৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া তীব্ৰ প্ৰভাৱশালী 'চকা বন্ধ' কাৰ্যসূচী অৱশেষত প্ৰত্যাহাৰ কৰা হৈছে। সদৌ নামনি আৰু মধ্য অসম মটৰ মালিক-মটৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে ৰাজ্যৰ সাধাৰণ জনতাই এক স্বস্তিৰ নিশ্বাস পেলাইছে। অৱশ্যে, বন্ধ প্ৰত্যাহাৰৰ খবৰটো পলমকৈ বিয়পি পৰাৰ ফলত আজি পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো যান-বাহনৰ চলাচল যথেষ্ট সেৰেঙা আছিল। পৰৱৰ্তী সময়ত বন্ধ প্ৰত্যাহাৰৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰে আৰু ৰাজপথলৈ বাহনসমূহ ওলাই আহে।
 
বৃহস্পতিবাৰে নিশা সংগঠনটোৱে আনুষ্ঠানিকভাৱে এই বন্ধ প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে। ইয়াৰ আঁৰত আছিল বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ পৰিবহণ আয়ুক্তগৰাকীৰ উপস্থিতিত মটৰ মালিক আৰু মটৰ শ্ৰমিকৰ প্ৰতিনিধিসকলৰ মাজত এই আলোচনা অনুষ্ঠিত হৈছিল। পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াসকলে সংগঠনসমূহৰ ন্যায্য দাবীসমূহ পূৰণৰ ক্ষেত্ৰত ইতিবাচক আশ্বাস প্ৰদান কৰাৰ পিছতেই সমন্বয়ৰক্ষী সমিতিয়ে এই কঠোৰ আন্দোলনৰ পথ পৰিহাৰ কৰি বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়।
 
উল্লেখ্য যে, পৰিবহণ খণ্ডৰ সৈতে জড়িত শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যাক লৈ এই বন্ধৰ আহ্বান জনোৱা হৈছিল। সদৌ নামনি আৰু মধ্য অসম মটৰ মালিক-মটৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ প্ৰধান দাবীসমূহৰ ভিতৰত আছিল পৰিবহণ শ্ৰমিকসকলৰ বাবে সুনিশ্চিত সামাজিক সুৰক্ষা প্ৰদান কৰা আৰু গাড়ীভাড়া ৭০ শতাংশলৈকে বৃদ্ধি কৰা। ইয়াৰ লগতে আন আন কেইবাটাও আনুষংগিক দাবীৰ সমৰ্থনত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।
 
অৱশ্যে, চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ পিছতো সাধাৰণ যাত্ৰীৰ দুৰ্ভোগ সম্পূৰ্ণৰূপে অন্ত পৰা নাই। পথত গাড়ী-মটৰৰ সংখ্যা সীমিত হোৱাৰ বাবে আজিও যাত্ৰীসকলে নিজৰ গন্তব্যস্থানলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰোপৰি, পৰিবহণ নিগমে বাহনসমূহত নিৰ্ধাৰিত আসনৰ ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে, যাৰ ফলত যাত্ৰীসকল অধিক সমস্যাত পৰিছে। পৰিবহণ বিভাগৰ এনে কঠোৰ স্থিতি আৰু নিয়ম-নীতিৰ বাবে বৰ্তমান ৰাজপথত নিয়মীয়া চলাচল কৰা আধাতকৈও বেছি বাহনৰ সংখ্যা হ্ৰাস পাইছে। বন্ধ প্ৰত্যাহাৰ হৈছে যদিও, পৰ্যাপ্ত বাহনৰ অভাৱত ৰাজ্যৰ যাতায়ত ব্যৱস্থা এতিয়াও সম্পূৰ্ণৰূপে সৱল হৈ উঠা নাই।