ছিটবেল্ট নিপিন্ধা সেনাৰ গাড়ীচালকক জৰিমনা বিহাৰ পাছত দায়িত্বৰ পৰা আঁতৰিল যোৰহাটৰ এমভিআই

Story by  PTI | Posted by   Imtiaz Ahmed • 9 m ago
যান-বাহন পৰিদৰ্শক ছামিম চুলতানা; (সোঁফালে) সেনাৰ চালকজন
যান-বাহন পৰিদৰ্শক ছামিম চুলতানা; (সোঁফালে) সেনাৰ চালকজন
যোৰহাট

পথ সুৰক্ষাৰ নিয়ম বলৱৎ কৰাৰ এক অভিযানত ছিটবেল্ট নিপিন্ধাৰ বাবে সেনাবাহিনীৰ এজন গাড়ীচালকক জৰিমনা বিহা এগৰাকী যান-বাহন পৰিদৰ্শকক (এমভিআই) সাময়িকভাৱে দায়িত্বৰ পৰা আঁতৰোৱা হৈছে। এই ঘটনাই সেনাবাহিনীক "অনিচ্ছাকৃতভাৱে কোনো অস্বস্তিত" পেলাইছিল যদি তাৰ বাবে বৃহস্পতিবাৰে যোৰহাট জিলা প্ৰশাসনে দুখ প্ৰকাশ কৰে।

পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা শূন্যলৈ নমোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক পথ সুৰক্ষা কাৰ্যসূচীৰ অধীনত বুধবাৰে এই অভিযান চলোৱা হৈছিল। যোৰহাট চহৰৰ ব্যস্ত এ টি ৰোডত থকা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ (আইএছবিটি) সন্মুখত ঘটনাটো সংঘটিত হয়।

বিষয়াসকলে জনোৱা মতে, লিচুবাৰীস্থিত যোৰহাট সামৰিক ছাউনিৰ ৪১ ছাব-এৰিয়াত কৰ্মৰত চালকজন সেই সময়ত আন এগৰাকী কনিষ্ঠ সৈনিকৰ সৈতে চৰকাৰী কৰ্তব্যত আছিল।

জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই জনোৱা মতে, ছিটবেল্ট নিপিন্ধাৰ বাবেই যান-বাহন পৰিদৰ্শক ছামিম চুলতানাই চালকজনৰ নামত চালান কাটিছিল। চালকজনৰ বৈধ ড্ৰাইভিং লাইচেন্স নথকাৰ অভিযোগত জৰিমনা বিহা হোৱা নাছিল বুলি তেওঁ স্পষ্ট কৰে।

শইকীয়াই কয়, “সেনাসদস্যই সেনাবাহিনীয়ে জাৰি কৰা ড্ৰাইভিং লাইচেন্সেৰে সামৰিক বাহন চলাব পাৰে। অৱশ্যে সেই লাইচেন্সেৰে অসামৰিক বাহন চলাব নোৱাৰে।”
শইকীয়াই লগতে কয় যে চালকজনক সোধা-পোছা কৰাৰ সময়ত পৰিদৰ্শকগৰাকীৰ ব্যৱহাৰ কিছু ৰুক্ষ আছিল। তেওঁ এদিন বা দুদিন দায়িত্বৰ পৰা আঁতৰি থাকিব।

যান-বাহন পৰিদৰ্শকগৰাকী আৰু সেনাৰ গাড়ীচালকজনৰ মাজৰ বাক-বিতণ্ডাৰ দৃশ্য বুলি প্ৰচাৰিত এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হয়।

জিলা প্ৰশাসনে এক বিবৃতিত জনায় যে ১৩ নৱেম্বৰত চুবুৰীয়া গোলাঘাট জিলাত সংঘটিত এক দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পাছত ৰাজ্য চৰকাৰে সকলো জিলাকে পথ সুৰক্ষাৰ নিয়ম বলৱৎ কৰাৰ অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল।

বিবৃতিটোত কোৱা হয়, “যোৰহাটত তেনে এক নিয়মীয়া অভিযানৰ সময়ত প্ৰতিৰক্ষা বাহিনীৰ এখন বাহনক লৈ এটা ঘটনা ঘটে। জানিব পৰা মতে, বাহনখনৰ চালকে ছিটবেল্ট পিন্ধা নাছিল। এই ঘটনাৰ ফলত অনিচ্ছাকৃতভাৱে এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু কিছু ভুল বুজাবুজিৰো উদ্ভৱ হয়।”

ঘটনাটোৱে সেনাসদস্যসকলক “অনিচ্ছাকৃতভাৱে কোনো অস্বস্তি বা অসুবিধাত” পেলাইছে যদি তাৰ বাবে প্ৰশাসনে দুখ প্ৰকাশ কৰে। সশস্ত্ৰ বাহিনীৰ সদস্যসকলৰ অনুভূতিত আঘাত হনা বা তেওঁলোকৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰাৰ কোনো উদ্দেশ্য নাছিল বুলি প্ৰশাসনে জনায়।

বিবৃতিটোৰ মতে, জিলা পৰিবহণ বিষয়াই দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত ঘটনাটোৰ পৰিস্থিতি পৰ্যালোচনা কৰা হয়। লিচুবাৰীৰ ৪১ ছাব-এৰিয়া সদৰ দপ্তৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙৰ নেতৃত্বত অনুষ্ঠিত এখন যৌথ বৈঠকতো বিষয়টো আলোচনা কৰা হয়।

আলোচনাৰ সময়ত স্বীকাৰ কৰা হয় যে ঘটনাটোক লৈ কিছু ভুল বুজাবুজিৰ সৃষ্টি হৈছিল আৰু কিছুমান ভুল তথ্যও বিয়পি পৰিছিল। অসামৰিক প্ৰশাসন আৰু সামৰিক কৰ্তৃপক্ষৰ মাজত পাৰস্পৰিক আস্থা, বুজাবুজি আৰু সমন্বয় বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত বৈঠকত গুৰুত্ব দিয়া হয়।

বিবৃতিটোত জনোৱা মতে, সশস্ত্ৰ বাহিনীৰ বাহন, জৰুৰীকালীন সেৱাৰ বাহন আৰু এম্বুলেন্সৰ ক্ষেত্ৰত নিয়ম বলৱৎ কৰোঁতে সংশ্লিষ্ট কৰ্তৃপক্ষক সতৰ্কতা, সংবেদনশীলতা আৰু বিবেচনাৰে কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই বাহনসমূহৰ সুকীয়া দায়িত্ব আৰু কাম-কাজৰ বিশেষ প্ৰয়োজনীয়তা মনত ৰাখিবলৈও কোৱা হৈছে।

জিলা প্ৰশাসনে কয় যে সশস্ত্ৰ বাহিনীৰ প্ৰতি প্ৰশাসনৰ সৰ্বোচ্চ শ্ৰদ্ধা আছে আৰু দেশৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সেৱাক প্ৰশাসনে গভীৰভাৱে মূল্য দিয়ে।