২০২৯–২০৩১ৰ নিৰ্বাচনত মুছলমান ভোটাৰক আকৰ্ষিত কৰিবলৈ শাসকীয় বিজেপিৰ ব্লুপ্ৰিণ্ট ৰচনা

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
ইমানদিনে মুছলমান ভোটৰ প্ৰয়োজন নাই বুলি ৰাজনৈতিক দম্ভালি মাৰি অহা বিজেপিৰ নিৰ্বাচনী অংকত এতিয়া সংখ্যালঘু ভোটেই নতুনকৈ গুৰুত্ব লাভ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত মুছলমান ভোটাৰৰ পৰা লাভ কৰা সমৰ্থনৰ পিছতে ভোটৰ ৰাজনীতিৰ নতুন সম্ভাৱনা লক্ষ্য কৰিছে গেৰুৱা দলটোৱে। ২০২৯ৰ লোকসভা আৰু ২০৩১ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত সাংগঠনিক ভেটি শক্তিশালী কৰা, হিতাধিকাৰী আঁচনিৰ জৰিয়তে অধিক লোকক সামৰি লোৱা আৰু জনসম্পৰ্ক তথা সদস্যভৰ্তি অভিযান তীব্ৰতৰ কৰাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। নগাঁও উপ-নিৰ্বাচনৰ অভিজ্ঞতাই দলটোক উপলব্ধি কৰাইছে যে, মুছলমান ভোটাৰৰ সমৰ্থনক উপেক্ষা কৰি ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিত সৰ্বাত্মক আধিপত্য প্ৰতিষ্ঠা কৰাটো সহজ নহয়।
 
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন সংসদৰ ক্ষমতাৰ সমীকৰণ সলনি কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ নহ'লেও অসমৰ ৰাজনীতিত ইয়াৰ তাৎপৰ্য যথেষ্ট গভীৰ আছিল। বিজেপিৰ বাবে এই নিৰ্বাচন আছিল কংগ্ৰেছৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত মধ্য অসমৰ এটা সমষ্টিত নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ পৰীক্ষা। আনহাতে, কংগ্ৰেছৰ বাবে সংখ্যালঘু ভোটাৰৰ ওপৰত থকা পৰম্পৰাগত সমৰ্থন অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বান। এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বাবে এই নিৰ্বাচন আছিল দুৰ্বল হৈ পৰা দলটোক পুনৰ ৰাজনৈতিকভাৱে প্ৰাসংগিক কৰি তোলাৰ এক সুযোগ। ফলত নগাঁও উপ-নিৰ্বাচনৰ ৰাজনৈতিক তাৎপৰ্য কেৱল এখন আসনতে সীমাবদ্ধ নাছিল; ইয়াৰ সৈতে অসমৰ মুছলমান ভোটাৰৰ ৰাজনৈতিক মনোভাব, বিৰোধী ভোটৰ বিভাজন আৰু বিজেপিৰ নতুন নিৰ্বাচনী কৌশল জড়িত হৈ পৰিছিল।
 
নিৰ্বাচনী প্ৰচাৰ চলোৱা মুহূৰ্তত বদৰুদ্দিন আজমল
 
নগাঁও লোকসভা সমষ্টিত মুঠ ১৯,০৫,৫১৯গৰাকী ভোটাৰ আছে। ইয়াৰে ৯,৬২,০২৩গৰাকী পুৰুষ, ৯,৪৩,৪৪৬গৰাকী মহিলা আৰু ৫০গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক আৰু ভৌগোলিক গঠন যথেষ্ট সলনি হৈছে। সংখ্যালঘু অধ্যুষিত ধিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টি পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নগাঁৱলৈ অন্তৰ্ভুক্ত কৰা হৈছে। বিপৰীতে বৰহমপুৰ, হোজাই আৰু লামডিং সমষ্টি নগাঁৱৰ পৰা বাদ পৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ ভোটাৰৰ ৬০ শতাংশতকৈ অধিক মুছলমান ভোটাৰ। এই পৰিৱৰ্তিত নিৰ্বাচনী মানচিত্ৰই সমষ্টিটোত বিজেপিৰ বাবে নতুন প্ৰত্যাহ্বান সৃষ্টি কৰাৰ লগতে সংখ্যালঘু ভোটাৰৰ মাজত প্ৰভাৱ বিস্তাৰৰ সুযোগো কঢ়িয়াই আনিছে।
 
২০২৪ৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিৰ ভিতৰত পাঁচটাত বিজেপিয়ে জয়লাভ কৰিছিল। জাগীৰোড, মৰিগাঁও, নগাঁও, বটদ্ৰৱা আৰু ৰহা সমষ্টিত বিজেপিৰ প্ৰভাৱ আছিল শক্তিশালী। কংগ্ৰেছে লাহৰীঘাট, ৰূপহীহাট আৰু চামগুৰিত জয়লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে ধিং সমষ্টি নিজৰ দখললৈ আনিছিল। এই নিৰ্বাচনী ফলাফলৰ পৰা স্পষ্ট হৈছিল যে হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক আৰু নিৰ্বাচনী শক্তি যথেষ্ট শক্তিশালী, আনহাতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰভাৱ অব্যাহত আছে। ২০১৯ৰ পৰা নগাঁও লোকসভা সমষ্টি কংগ্ৰেছৰ দখলত থকাৰ ফলত এই উপ-নিৰ্বাচন বিজেপিৰ বাবে সমষ্টিটোত নিজৰ ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠাৰ এক বিশেষ সুযোগ হৈ পৰিছিল।
 
২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক ২,১২,২৩১টা ভোট লাভ কৰি পৰাজিত কৰিছিল। এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে ১,৩৭,৩৪০টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল। পিছত প্ৰদ্যুৎ বৰদলৈয়ে লোকসভাৰ সদস্যপদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগতে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। 
 
নগাঁৱত নিৰ্বাচনী সভাত মুছলমান মহিলা
 
তেওঁৰ পদত্যাগৰ ফলতেই নগাঁও লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা সৃষ্টি হৈছিল। এইবাৰ বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন উপায়ুক্ত দেৱাশিস শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰশাসনিক অভিজ্ঞতা, স্থানীয় পৰিচিতি আৰু দলীয় সাংগঠনিক শক্তিৰ সংমিশ্ৰণ ঘটাই জয়ৰ সম্ভাৱনা বৃদ্ধি কৰাৰ চেষ্টা চলায়। দেৱাশিস শৰ্মাই ৩ ছেপ্টেম্বৰত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি পাঁচ দিনৰ পিছত বিজেপিত যোগদান কৰিছিল। অৱশ্যে আমোলাৰ পৰা ৰাজনীতিকলৈ তেওঁৰ এই দ্ৰুত পৰিৱৰ্তনে একাংশ ভোটাৰৰ মাজত সমালোচনাৰো সৃষ্টি কৰিছিল।
 
নগাঁও উপ-নিৰ্বাচনৰ প্ৰচাৰত বিজেপিৰ অন্যতম গুৰুত্বপূৰ্ণ কৌশল আছিল মুছলমান ভোট কংগ্ৰেছ বা এআইইউডিএফৰ একচেটিয়া ভোট নহয় বুলি প্ৰতিপন্ন কৰা। বিজেপি নেতৃত্বই দাবী কৰি আহিছে যে, সংখ্যালঘু ভোটাৰ একক ৰাজনৈতিক গোট নহয় আৰু মুছলমান সমাজৰ একাংশই ইতিমধ্যে বিজেপিক সমৰ্থন কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ সময়ত এই দাবী স্পষ্টভাৱে উত্থাপন কৰিছিল। ২২ ছেপ্টেম্বৰত তেওঁ দাবী কৰিছিল যে, বিগত লোকসভা নিৰ্বাচনত ধিং, ৰূপহীহাট, লাহৰীঘাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে ৪০ হাজাৰতকৈ অধিক ভোট লাভ কৰিছিল। এইবাৰ সেই সমৰ্থন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ মন্তব্য কৰিছিল।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'মিঞা' ভোটাৰৰ একাংশই পূৰ্বেও বিজেপিক ভোটদান কৰা বুলি দাবী কৰি ধৰ্মীয় পৰিচয়ৰ ঊৰ্ধ্বত দলটোৱে সমৰ্থন লাভ কৰিব বিচাৰে বুলি প্ৰচাৰ চলাইছিল। ২০২৬ৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে সংখ্যালঘু ভোটাৰৰ পৰা উল্লেখযোগ্য সমৰ্থন লাভ কৰা বুলি তেওঁ দাবী কৰিছিল। এই বক্তব্যসমূহে বিজেপিৰ নিৰ্বাচনী কৌশলত এক নতুন দিশৰ ইংগিত বহন কৰিছে। ইমানদিনে মুছলমান ভোটৰ প্ৰয়োজন নাই বুলি ৰাজহুৱা মন্তব্য কৰি অহা দলটোৱে এতিয়া সংখ্যালঘু ভোটাৰৰ সমৰ্থনক নিজৰ নিৰ্বাচনী সফলতাৰ অন্যতম সম্ভাৱ্য শক্তি হিচাপে বিবেচনা কৰিছে।
 
এই লক্ষ্যৰে নগাঁও উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিৰ প্ৰাৰ্থী আৰু বিভিন্ন নেতাই 'ইনছাআল্লাহ' শব্দ ব্যৱহাৰ কৰি ভোটাৰৰ মাজত প্ৰচাৰ চলাইছিল। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই হিন্দুৰ ৩৩ কোটি দেৱ-দেৱীৰ সৈতে 'ইনছাআল্লাহ' শব্দ যোগ হ'লেও দলৰ আপত্তি নাই বুলি মন্তব্য কৰিছিল। ইমানদিনে মিঞা জনগোষ্ঠীক লৈ কঠোৰ আৰু তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্য কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও বিজেপিক সমৰ্থন কৰা বহু ৰাষ্ট্ৰবাদী মিঞা আছে বুলি মন্তব্য কৰিছিল। এই বক্তব্য আৰু প্ৰচাৰ অভিযানৰ জৰিয়তে বিজেপিয়ে সংখ্যালঘু ভোটাৰৰ মাজত নতুন সমীকৰণ গঢ়াৰ চেষ্টা চলাইছিল।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
 
বিজেপিৰ এই কৌশলৰ আন এটা দিশ হৈছে কংগ্ৰেছৰ সংখ্যালঘু ভোটৰ ওপৰত থকা নিৰ্ভৰশীলতাক ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনোৱা। দলটোৱে কংগ্ৰেছক মুছলমান ভোটৰ ওপৰত নিৰ্ভৰশীল বুলি সমালোচনা কৰাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ভোটৰ অংকক কেন্দ্ৰ কৰি ৰাজনৈতিক বুজাবুজি থকা বুলি অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে এই অভিযোগ কংগ্ৰেছ আৰু এআইইউডিএফে মানি লোৱা নাই। বিজেপিৰ প্ৰচাৰৰ মূল উদ্দেশ্য আছিল একে সময়তে কংগ্ৰেছৰ সংখ্যালঘু ভোটৰ ওপৰত থকা নিৰ্ভৰশীলতাক সমালোচনা কৰা আৰু মুছলমান ভোটাৰক কংগ্ৰেছৰ বাহিৰেও অন্য ৰাজনৈতিক বিকল্পৰ কথা চিন্তা কৰিবলৈ উৎসাহিত কৰা।
 
ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বাবে নগাঁও উপ-নিৰ্বাচন আছিল নিজৰ পৰম্পৰাগত সংখ্যালঘু ভোটৰ সমৰ্থন অক্ষুণ্ণ ৰখাৰ পৰীক্ষা। দলটোৱে অভিযোগ কৰিছিল যে, বিজেপিয়ে বিৰোধী আৰু সংখ্যালঘু ভোট বিভাজনৰ সুযোগ লৈ নিৰ্বাচনী সুবিধা লাভ কৰিব বিচাৰিছে। আনহাতে, বদৰুদ্দিন আজমলৰ নগাঁও উপ-নিৰ্বাচনত অৱতৰণে কংগ্ৰেছৰ ভোটৰ অংক অধিক জটিল কৰি তুলিছিল। ২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত ১০ লাখতকৈ অধিক ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছত আজমলে পুনৰ নিৰ্বাচনী ৰাজনীতিত নিজৰ প্ৰাসংগিকতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল।
 
এআইইউডিএফৰ বিধানসভাৰ আসনৰ সংখ্যা ১৬ৰ পৰা হ্ৰাস পাই বৰ্তমান মাত্ৰ দুখন আসনত সীমাবদ্ধ হৈ পৰিছে। দলটোৰ ৰাজনৈতিক ভেটি পুনৰ শক্তিশালী কৰাৰ উদ্দেশ্যে আজমলে নগাঁও উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তেওঁ নিজকে কংগ্ৰেছ আৰু বিজেপি দুয়োটাৰে বিকল্প হিচাপে উপস্থাপন কৰি মুছলমানৰ লগতে হিন্দু ভোটাৰৰ সমৰ্থন লাভ কৰাৰ আশা প্ৰকাশ কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰৰ আগত আবেগিক আহ্বান জনাই নিজৰ ৰাজনৈতিক ভৱিষ্যৎ আৰু দলৰ অস্তিত্বৰ সৈতে এই নিৰ্বাচন জড়িত কৰি তুলিছিল। ফলত নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ভোট বিভাজনৰ সম্ভাৱনাই বিজেপিৰ বাবে নিৰ্বাচনী সুবিধা সৃষ্টি কৰিব পাৰে বুলি ৰাজনৈতিক মহলত আলোচনা হৈছিল।
 
অসমৰ মুঠ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা সমষ্টিত সংখ্যালঘু ভোটাৰে প্ৰাৰ্থীৰ জয়-পৰাজয় নিৰ্ধাৰণত নিৰ্ণায়ক ভূমিকা পালন কৰে। অৰ্থাৎ ৰাজ্যৰ মুঠ লোকসভা সমষ্টিৰ প্ৰায় ২১.৪ শতাংশ সমষ্টিত সংখ্যালঘু ভোটৰ প্ৰভাৱ নিৰ্বাচনী ফলাফলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। ধুবুৰী আৰু নগাঁও সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত থকা অৱস্থাত এই সমষ্টিসমূহ বিজেপিৰ বাবে প্ৰত্যাহ্বান আৰু সম্ভাৱনা দুয়োটাই কঢ়িয়াই আনিছে। সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভ কৰিব পাৰিলে এই সমষ্টিসমূহৰ লগতে অন্যান্য সমষ্টিতো নিজৰ বিজয়ৰ সম্ভাৱনা শক্তিশালী কৰাৰ লক্ষ্য লৈছে দলটোৱে। আনহাতে, সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ তুলনামূলকভাৱে কম থকা যোৰহাট লোকসভা সমষ্টিও বৰ্তমান কংগ্ৰেছৰ দখলত থকাটোৱে বিজেপিৰ বাবে ৰাজ্যজুৰি নিৰ্বাচনী সমীকৰণৰ জটিলতা স্পষ্ট কৰি তুলিছে।
 
নিৰ্বাচনী প্ৰচাৰ চলোৱা মুহূৰ্তত শিৱামণি বৰা
 
কেৱল ২০২৯ৰ লোকসভা নিৰ্বাচনেই নহয়, ২০৩১ৰ বিধানসভা নিৰ্বাচনকো লক্ষ্য কৰি সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভৰ অংক কৰিছে বিজেপি দলটোৱে। অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিত সংখ্যালঘু ভোটাৰে প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। এই সমষ্টিসমূহ ৰাজ্যৰ বিধানসভাৰ প্ৰায় ১৭.৫ শতাংশ। ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, মানকাচৰ, গোৱালপাৰা পূব, বীৰছিং জৰুৱা, ছমৰীয়া, জলেশ্বৰ, সৃজনগ্ৰাম, পাকা বেতবাৰী, চেঙা, মন্দিয়া, চামগুৰি, ধিং, ৰূপহীহাট, লাহৰীঘাট, দক্ষিণ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জ, আলগাপুৰ-কাটলিচেৰা, সোণাই, বিন্নাকান্দি আৰু দলগাঁও আদি এই ২২টা বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সমৰ্থন নিৰ্বাচনী ফলাফলৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰে।
 
এই ২২টা বিধানসভা সমষ্টি বিৰোধীৰ হাতৰ পৰা নিজৰ দখললৈ আনিবলৈ সংখ্যালঘু ভোটাৰৰ সমৰ্থনক অন্যতম ৰাজনৈতিক শক্তি হিচাপে বিবেচনা কৰিছে বিজেপিয়ে। সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত সাংগঠনিক বিস্তাৰ, চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান, জনসম্পৰ্ক আৰু সদস্যভৰ্তি অভিযানৰ জৰিয়তে ভোটাৰৰ মাজত নিজৰ স্থিতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে। 
 
যিবোৰ অঞ্চলত বুথ কমিটী নাই, সেইবোৰত নতুন কমিটী গঠন, দুৰ্বল কমিটী পুনৰ সংগঠিত কৰা, নিষ্ক্ৰিয় কৰ্মীক সক্ৰিয় কৰা আৰু প্ৰয়োজন অনুসৰি মণ্ডল কমিটী পুনৰ গঠন কৰা হ'ব। ইয়াৰ লগতে অৰুণোদয়কে ধৰি চৰকাৰী হিতাধিকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত নাগৰিকক আঁচনিৰ আওতালৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দলটোৰ মতে, চৰকাৰী আঁচনিৰ সুবিধা, জনসম্পৰ্ক আৰু সদস্যভৰ্তি অভিযানৰ জৰিয়তে সংখ্যালঘু ভোটাৰৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব পৰা যাব।
 
নগাঁও উপ-নিৰ্বাচনৰ অভিজ্ঞতাই বিজেপিৰ বাবে এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক শিক্ষা কঢ়িয়াই আনিছে। সেইটো হৈছে যে, মুছলমান ভোট একক বা স্থিৰ ৰাজনৈতিক গোট নহয়, আৰু এই ভোটৰ মাজত নতুন সমীকৰণ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এই সম্ভাৱনাক কেন্দ্ৰ কৰি দলটোৱে ২০২৯ আৰু ২০৩১ৰ নিৰ্বাচনৰ বাবে নিজৰ কৌশল সাজু কৰিছে। অৱশ্যে সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভৰ উদ্দেশ্যে বিজেপিয়ে প্ৰস্তুত কৰা এই ব্লুপ্ৰিণ্ট বাস্তৱত কিমান সফল হ'ব, সেয়া নিৰ্ভৰ কৰিব দলটোৰ সাংগঠনিক তৎপৰতা, চৰকাৰী আঁচনিৰ বাস্তৱ ৰূপায়ণ, ভোটাৰৰ আস্থা আৰু আগন্তুক নিৰ্বাচনী পৰিস্থিতিৰ ওপৰত। নগাঁও উপ-নিৰ্বাচনৰ পিছত বিজেপিৰ এই নতুন ৰাজনৈতিক অংকই অসমৰ নিৰ্বাচনী সমীকৰণত কিমান পৰিৱৰ্তন আনিব, সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।