'হেলমেট-ছিটবেল্ট নাই, ইন্ধনো নাই'; পথ নিৰাপত্তাৰ স্বাৰ্থত কামৰূপ জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ

Story by  atv | Posted by  [email protected] • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
পথ দুৰ্ঘটনা হ্ৰাস আৰু যান-বাহনৰ শৃংখলা ঘূৰাই অনাৰ লক্ষ্যৰে কামৰূপ জিলা প্ৰশাসনে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ দণ্ডাধীশ শ্ৰীযুত দেৱ কুমাৰ মিশ্ৰই সমগ্ৰ কামৰূপ জিলাতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বিএনএছএছৰ ১৬৩ ধাৰাৰ অধীনত এক কঠোৰ নিষেধাঞ্জা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা জিলাখনত "হেলমেট অথবা ছিটবেল্ট নাই, ইন্ধনো নাই" নীতি প্ৰযোজ্য হ'ব।
 
নতুন নিৰ্দেশনা অনুসৰি, জিলাখনৰ কোনো ইন্ধন ষ্টেচন বা পেট্ৰ'ল পাম্পতে ছিটবেল্ট পৰিধান নকৰা চাৰিচকীয়া গাড়ীৰ চালকক ইন্ধন প্ৰদান কৰা নহ'ব। একেদৰে, দুচকীয়া বাহনৰ ক্ষেত্ৰত চালক আৰু পিছত উঠা যাত্ৰী দুয়োজনেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে; অন্যথা তেওঁলোককো ইন্ধন দিয়া নহ'ব। ইয়াৰ উপৰিও, যিবোৰ বাহনে ভুল দিশৰ পৰা (বিপৰীত দিশেৰে গাড়ী চলাই আহি) পেট্ৰ'ল পাম্পত প্ৰৱেশ কৰিব, সেই বাহনসমূহকো ইন্ধন প্ৰদানৰ পৰা বিৰত থাকিবলৈ পাম্প কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিয়া হৈছে।

নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাৰ বাবে প্ৰশাসনে বিশেষ কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। সকলো ইন্ধন ষ্টেচনে অহা ১০ দিনৰ ভিতৰত বাধ্যতামূলকভাৱে চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব। জিলা পৰিবহণ বিষয়া আৰু আৰক্ষীয়ে এই চিচিটিভি ফুটেজ নিয়মীয়াকৈ নিৰীক্ষণ কৰিব আৰু মটৰ বাহন আইনৰ অধীনত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে পোনপটীয়াভাৱে 'ই-চালান' কাটিব।
 
লগতে, প্ৰতিটো পেট্ৰ'ল পাম্পে গ্ৰাহকৰ জ্ঞাতাৰ্থে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত সতৰ্কতামূলক ফলক আঁৰিব লাগিব। ইন্ধন ষ্টেচন কৰ্তৃপক্ষই নিয়ম উলংঘা কৰা লোকসকলৰ তথ্য দৈনিক ভিত্তিত স্থানীয় আৰক্ষী বা ট্ৰেফিক শাখাত জমা দিব লাগিব।
 
প্ৰশাসনে স্পষ্ট কৰি দিছে যে জৰুৰীকালীন সেৱাত নিয়োজিত বাহন, যেনে— এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, কৰ্তব্যৰত আৰক্ষীৰ বাহন আৰু প্ৰমাণিত চিকিৎসাৰ জৰুৰী অৱস্থাত থকা লোকসকলক এই নিৰ্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে।
 
জিলা প্ৰশাসনে সকীয়াই দিছে যে এই নিৰ্দেশনা উলংঘা কৰা যিকোনো লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত কঠোৰ আইনী আৰু দণ্ডনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পথ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত লোৱা এই পদক্ষেপত সকলো নাগৰিককে যান-বাহনৰ নিয়ম মানি চলি জিলা প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে।