নতুন দিল্লী
পথ আৰু ঘাইপথত বিচৰণ কৰা গৰু-ম’হৰ ফলত হোৱা মৃত্যুক লৈ উদ্বিগ্ন হৈ উচ্চতম ন্যায়ালয়ে মঙলবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এন এইচ এ আইক এনে দুৰ্ঘটনা ৰোধৰ বাবে টোল প্লাজাৰ সমীপত গৰুৰ আশ্ৰয় শিবিৰ নিৰ্মাণৰ কথা চিন্তা কৰিবলৈ নিৰ্দেশ দিয়ে৷
ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা, এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰা গৰু আৰু অন্যান্য জীৱ-জন্তুৰ ব্যৱস্থাপনা সন্দৰ্ভত পূৰ্বৰ নিৰ্দেশনাৰ ওপৰত স্পষ্টীকৰণ বিচাৰি এন এইচ এ আইৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল৷
এন এইচ এ আইৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি আগবঢ়াই যে, গড়কাপ্তানি কৰ্তৃপক্ষই গৰুৰ আশ্ৰয় শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত কিছু ব্যৱহাৰিক অসুবিধাৰ সন্মুখীন হৈছে। মেহতাই লগতে কয় যে, কৰ্তৃপক্ষৰ মাটি অধিগ্ৰহণৰ বিধিগত ক্ষমতা নাই, আৰু ইয়াৰ পৰিৱৰ্তে ৰাজ্যসমূহক সেইবোৰ নিৰ্মাণ কৰিবলৈ কোৱা উচিত৷
তেওঁ কয়, "আমি নিৰ্দেশনাটো বুজি পাইছো আৰু ইয়াক কাৰ্যকৰী কৰা উচিত৷ পথত বিচৰণ কৰা গৰুবোৰ প্ৰকৃত ভাবুকি৷ কিন্তু সমস্যাটো হ'ল আমি কোনো মাটি অধিগ্ৰহণ কৰা নাই আৰু আমাৰ নিজৰ ব্যৱহাৰিক অসুবিধা আছে৷ এন এইচ এ আই মাত্ৰ পথ নিৰ্মাণ কৰা কৰ্তৃপক্ষ৷"
অৱশ্যে ন্যায়াধীশ মেহতাই কয় যে, আদালতে এন এইচ এ আইক সমগ্ৰ খৰচ বহন কৰিবলৈ কোৱা নাই বৰঞ্চ কেৱল আশ্ৰয় শিবিৰ নিৰ্মাণৰ দিশত তেওঁলোকৰ চি এছ আৰ পুঁজিৰ অধীনত বৰঙণি বিচাৰিছে৷
মেহতাই যুক্তি দিছিল যে, আদালতৰ ১৯ মে’ৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশতে অঘৰী গৰু-ম’হৰ বাবে আশ্ৰয় শিবিৰ নিৰ্মাণৰ বাবে এন এইচ এ আয়ে ৫,০০০ কোটি টকাতকৈ অধিক ব্যয় কৰিব লাগিব৷
কিন্তু বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে, পথ নিৰ্মাণৰ খৰচ আদায় কৰাৰ পিছতো এন এইচ এ আইৰ একাংশ টোল প্লাজা চলি আছে৷ মেহতাই কয় যে, প্ৰকল্পৰ খৰচ আদায় হোৱাৰ পিছতো টোল সংগ্ৰহ কৰাটো ভুল আৰু আইনৰ বিৰুদ্ধে হ’ব৷
মেহতাই জ্যেষ্ঠ অধিবক্তা গৌৰৱ আগৰৱালা, এমিকাছ কুৰিয়াৰ সৈতে এন এইচ এ আইৰ আবেদনৰ বিষয়ে আলোচনা কৰিবলৈ আৰু আইনগতভাৱে ধাৰণযোগ্য আৰু প্ৰশাসনিকভাৱে সম্ভৱপৰ কাৰ্যপন্থা বিচাৰি উলিয়াবলৈ অধিক সময়ৰ অনুৰোধ জনায়৷
বিচাৰপীঠে তেওঁক এই সন্দৰ্ভত আলোচনা কৰিবলৈ কোৱাৰ লগতে এন এইচ এ আইৰ আবেদনৰ প্ৰতি সঁহাৰি দাখিল কৰিবলৈ আগৰৱালক নিৰ্দেশ দিয়ে৷ বিচাৰপীঠে অহা বছৰৰ জানুৱাৰী মাহত শুনানিৰ দিন ধাৰ্য কৰিছিল৷
গুজৰাট আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ চৌহদত এতিয়াও কলাৰ লগোৱা কুকুৰ ঘূৰি ফুৰিছে বুলি উল্লেখ কৰি বিচাৰপীঠে বিচৰণ কৰা কুকুৰৰ ওপৰত পূৰ্বৰ নিৰ্দেশনা মানি চলাৰ বিষয়েও পৰীক্ষা কৰে৷
১৯খন ৰাজ্যৰ পৰা কম্প্লাইয়েন্স ৰিপৰ্ট পোৱা বুলি বিচাৰপীঠক অৱগত কৰা হয় ৷ অসম আৰু বিহাৰে ইয়াৰ কাৰ্যকৰীকৰণৰ উন্নতি সাধন কৰিব লাগিব বুলি আমিকাছে উল্লেখ কৰে, আনহাতে দিল্লীয়ে গ্ৰহণ কৰা পদক্ষেপ এতিয়াও অপৰ্যাপ্ত৷ তেওঁ উল্লেখ কৰে যে, ৰাজস্থান আৰু উত্তৰ প্ৰদেশে অতিৰিক্ত তথ্যসহ শপতনামা দাখিল কৰিছে৷
এন এইচ এ আয়ে নিজৰ আবেদনত উচ্চতম ন্যায়ালয়ৰ ১৯ মে’ৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী আৰু লজিষ্টিক বাধাৰ কথা উল্লেখ কৰে৷