Black Cats-ৰ ইতিহাসত নতুন অধ্যায়ঃ NSG-ৰ প্ৰথমটো মহিলা কমাণ্ডো পাঠ্যক্ৰমত শ্ৰেষ্ঠত্ব অৰ্জন অসম কন্যা ছাবিনা ইয়াছমিনৰ
নিকুঞ্জ নাথ / গুৱাহাটী
নাৰী শক্তিৰ জয়গান আৰু অদম্য সাহসৰ প্ৰতীক হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই। একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু দুৰ্দান্ত ইচ্ছাশক্তিৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে নগাঁৱৰ জীয়ৰী ছাবিনা ইয়াছমিন। দেশৰ নিৰাপত্তা ব্যৱস্থাত নাৰীৰ ক্ৰমৱৰ্ধমান অংশগ্ৰহণ আৰু অৱদানক প্ৰতিফলিত কৰি, প্ৰখ্যাত 'নেচনেল ছিকিউৰিটি গাৰ্ড' চমুকৈ NSG-ৰ প্ৰথমটো মহিলা কমাণ্ডো প্ৰশিক্ষণত সামগ্ৰিকভাৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰি তেওঁ সমগ্ৰ ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰিছে।
অসম আৰক্ষীৰ 1st CDO Battalion-ৰ মহিলা কনিষ্টবল ছাবিনা ইয়াছমিনে এই বিৰল কৃতিত্বৰে অসমৰ নাম দেশৰ দৰবাৰত সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছে। হাৰিয়ানাৰ গুৰুগ্ৰামৰ মানেছাৰত অৱস্থিত NSG প্ৰশিক্ষণ একাডেমীত অনুষ্ঠিত হোৱা NSG-ৰ প্ৰথমটো 'মহিলা কমাণ্ডো কনভাৰ্জন কোৰ্চ' (MCCC-01)-ত তেওঁ দেশৰ আন আন প্ৰান্তৰ প্ৰশিক্ষাৰ্থীসকলক অতিক্ৰম কৰি সামগ্ৰিকভাৱে শীৰ্ষস্থান দখল কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত হোৱা ২৭০ গৰাকী মহিলা আৰক্ষী জোৱানৰ ভিতৰত ছাবিনাই নিজৰ অসাধাৰণ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি দুটাকৈ অতি মৰ্যাদাপূৰ্ণ সন্মান- 'Best Overall Trainee’ আৰু 'Best in Physical’ খিতাপ অৰ্জন কৰে। এই সাফল্যই কেৱল তেওঁৰ শাৰীৰিক সক্ষমতা, কঠোৰ অনুশাসন আৰু মানসিক দৃঢ়তাকে প্ৰতিফলিত কৰা নাই, ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও এক নতুন মান নিৰ্ধাৰণ কৰিছে।
ছাবিনা ইয়াছমিন
ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (NSG)ৰ এই ঐতিহাসিক ১২ সপ্তাহজোৰা আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী যোৱা আগষ্ট মাহৰ শেষৰ ফালে (২৪-২৭ আগষ্ট, ২০২৬) আৰম্ভ হৈ ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে সফলতাৰে সামৰণি পৰে। এই কঠোৰ প্ৰশিক্ষণৰ মূল বিষয়সমূহ আছিল কঠোৰ শাৰীৰিক প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধি, অস্ত্ৰ-শস্ত্ৰৰ নিখুঁত ব্যৱহাৰ আৰু লক্ষ্যভেদৰ নিপুণতা, কৌশলগত হস্তক্ষেপ আৰু পণবন্দী উদ্ধাৰ অভিযান আৰু সন্ত্ৰাসবাদ বিৰোধী ৰণকৌশল।
প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰাৰ পিছত এই নতুন কমাণ্ডোসকলে নিজ নিজ ৰাজ্যিক আৰক্ষী বা CAPF-ৰ মূল কেডাৰলৈ উভতি গৈ সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে।
ছাবিনাৰ পিতৃ আহমদ আলী
ছাবিনাৰ এই সাফল্যৰ আঁৰত আছে এক দীঘলীয়া সংগ্ৰাম আৰু ত্যাগৰ কাহিনী। নগাঁও জিলাৰ জুৰীয়াৰ দগাঁওৰ নিবাসী আহমদ আলীৰ কন্যা ছাবিনাই নগাঁও কন্যা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আৰক্ষীত যোগদান কৰে। ছাবিনাৰ পিতৃয়ে এখন সাধাৰণ পাণ দোকান চলাই দুজন পুত্ৰ, দুগৰাকী কন্যা আৰু পত্নীসহ ছয়জনীয়া পৰিয়ালটোক পোহপাল দি আহিছে। এনে এক সাধাৰণ আৰু সংগ্ৰামী পৰিয়ালৰ পৰা গৈ ছাবিনাই লাভ কৰা এই অসাধাৰণ সফলতাই জুৰীয়াৰ দগাঁও আৰু সমগ্ৰ নগাঁও জিলাতে আনন্দৰ জোৱাৰ তুলিছে।
অসম আৰক্ষীয়ে এক্স হেণ্ডলযোগে ছাবিনাক শুভেচ্ছা জনাই লিখিছেঃ "NSG-ৰ প্ৰথমটো 'মহিলা কমাণ্ডো কনভাৰ্জন কোৰ্চ'ত 'শ্ৰেষ্ঠ সামগ্ৰিক প্ৰশিক্ষাৰ্থী' আৰু 'শ্ৰেষ্ঠ শাৰীৰিক সক্ষমতা' খিতাপ অৰ্জন কৰাৰ বাবে প্ৰথম কমাণ্ডো বেটেলিয়নৰ মহিলা কনিষ্টবল (WPC) ছাবিনা ইয়াছমিনলৈ আন্তৰিক অভিনন্দন!
"এই পাঠ্যক্ৰমত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা নিৰ্বাচিত ২৭০ গৰাকী সৰ্বাধিক শাৰীৰিকভাৱে সক্ষম মহিলা জোৱানে অংশগ্ৰহণ কৰিছিল। ছাবিনাৰ প্ৰদৰ্শন আছিল অসাধাৰণ; তেওঁ শাৰীৰিক পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ লগতে সামগ্ৰিকভাৱেও প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।
"তেওঁ ভৱিষ্যতৰ বেটছসমূহৰ বাবে এক নতুন মান নিৰ্ধাৰণ কৰিছে। সঁচাকৈয়ে, অসম আৰক্ষীৰ সকলোৰে বাবে এয়া এক অতি গৌৰৱৰ দিন!"
পিতৃ আহমদ আলীয়ে গৌৰৱেৰে জানিবলৈ দিয়া মতে, ছাবিনাই বিজেপি চৰকাৰৰ দিনত খানাপাৰাত নিযুক্তিপত্ৰ লাভ কৰিছিল আৰু ইয়াৰ বাবে তেওঁলোকে এটকাও খৰচ কৰিবলগীয়া হোৱা নাছিল। চাকৰিৰ নিযুক্তিপত্ৰ গ্ৰঅহণ কৰিবলৈ নগাঁও পুলিচ ৰিজাৰ্ভৰ পৰা গাড়ীৰে ছাবিনা আৰু পিতৃক সন্মানেৰে লৈ যোৱা হৈছিল। আৰক্ষীত ৫-৬ বছৰ নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ পিছত তেওঁ NSG কমাণ্ডো প্ৰশিক্ষণলৈ নিৰ্বাচিত হয়। বায়েকৰ এই সাফল্যত ভগ্নী অস্মিতা বেগম আনন্দিত হৈ পৰিছে। স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত অস্মিতাই আৱেগিক হৈ কয়, "খবৰটো পাই বহুত ভাল লাগিছে। বা-ক লৈ আমি সঁচাকৈয়ে অতি গৌৰৱ অনুভৱ কৰিছো।"
ছাবিনাৰ ভগ্নী আৰু মাতৃ
'ব্লেক কেটছ' হিচাপে জনপ্ৰিয় ভাৰতৰ এই আগশাৰীৰ সন্ত্ৰাসবাদ বিৰোধী এলিট বাহিনীটোত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পোৱাটো নাৰী সৱলীকৰণৰ দিশত এক অতি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। যোৱা ১৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত NSG-ৰ সঞ্চালক প্ৰধানগৰাকীয়ে এই পাঠ্যক্ৰমৰ সফলতাক প্ৰশংসা কৰে আৰু এয়া মহিলা কমাণ্ডোসকলৰ সাহস আৰু মানসিক দৃঢ়তাৰ প্ৰমাণ বুলি অভিহিত কৰে। তেওঁ মহিলা কমাণ্ডোসকলক সাহস, শক্তি আৰু অনুপ্ৰেৰণাৰ প্ৰতীক হ'বলৈ আহ্বান জনোৱাৰ লগতে বাহিনীটোৰ সৰ্বোচ্চ পৰম্পৰা অটুট ৰাখিবলৈ উৎসাহিত কৰে।
ছাবিনা ইয়াছমিনৰ এই যাত্ৰা কেৱল এক ব্যক্তিগত সাফল্যতে আৱদ্ধ নহয়; এয়া দেশমাতৃৰ সেৱাত ব্ৰতী হ'বলৈ বিচৰা প্ৰতিগৰাকী যুৱতীৰ বাবে সাহস, একাগ্ৰতা আৰু দৃঢ়তাৰ এক জীৱন্ত নিদৰ্শন। প্ৰতিকূল পৰিস্থিতিক নেওচি কঠোৰ পৰিশ্ৰম আৰু দুৰ্দান্ত ইচ্ছাশক্তি থাকিলে যে যিকোনো কঠিন লক্ষ্যত উপনীত হোৱাটো সম্ভৱ, সেয়া তেওঁ প্ৰমাণ কৰি দিলে। অসমৰ এইগৰাকী বীৰংগনাই অনাগত দিনত 'ব্লেক কেটছ'ৰ ইতিহাসত এক নতুন অধ্যায় সূচনা কৰাৰ লগতে সমগ্ৰ দেশৰ নাৰী সমাজৰ বাবে এক চিৰযুগমীয়া অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব।