সৰু হাতৰ বিশাল সৃষ্টি: মাটিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি মালদাৰ ১১ বছৰীয়া কিংশুকৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
কিংশুক সৰকাৰ
কিংশুক সৰকাৰ
 
তৰুণ নন্দী / কলকাতা
 
মালদাৰ ১১ বছৰীয়া শিশু কিংশুক সৰকাৰ। সাধাৰণতে এই বয়সৰ আন দহজন শিশুৱে খেল-ধেমালিতে দিন পাৰ কৰে, কিন্তু এই অসাধাৰণ শিশুটিয়ে সেই খেলাৰ বয়সতেই হাতত মাটি লৈ সপোন ৰচিবলৈ আৰম্ভ কৰিছে। শৈশৱৰ দুষ্টামিৰ বিপৰীতে নিজৰ কণমানি হাতৰ যাদুৰে শিশুটিয়ে গঢ় দিছে দেৱী দুৰ্গাৰ অপৰূপ প্ৰতিমা। শিশুটিৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এনে নিপুণ শিল্পকৰ্মই এতিয়া সকলোকে সন্মোহিত কৰিছে। শিশুটিৰ হাতত মাটি পৰিলেই নিমিষতে জিলিকি উঠে মা দুৰ্গাৰ এক জীৱন্ত ৰূপ। শিশুটিৰ শিল্পকৰ্ম দেখি প্ৰতিবেশীসকল অভিভূত হৈ পৰিছে আৰু তেওঁৰ মাজত ভৱিষ্যতৰ এগৰাকী প্ৰতিভাৱান প্ৰতিমা শিল্পী দেখিবলৈ পাইছে।
 
কিংশুকৰ ঘৰ মালদা জিলাৰ হবিবপুৰ থানাৰ অন্তৰ্গত আইহো বক্সিনগৰ অঞ্চলত। তেওঁ আইহো উচ্চ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, সৰুৰে পৰাই তেওঁ নিজৰ আগ্ৰহতে মাটিৰ সৈতে খেলিবলৈ খুব ভাল পাইছিল। সাধাৰণ মাটিৰ লাডু এটাক নিজৰ মনৰ কল্পনাৰে বাস্তৱ ৰূপ দিয়াৰ এক নিৰন্তৰ প্ৰয়াস এই শিশুটিৰ মাজত দেখিবলৈ পোৱা গৈছিল।
 
 
কিংশুকৰ এই শিল্পীসত্তা গঢ় লৈ উঠাৰ আঁৰত পিতৃ অনুপ সৰকাৰৰ অৱদানো লেখত ল'বলগীয়া। দেউতাকৰ সৈতে কিংশুকে বিভিন্ন স্থানত প্ৰতিমা নিৰ্মাণৰ কাম চাবলৈ গৈছিল। শিল্পীসকলৰ নিপুণ হাতৰ পৰশত মাটিৰ গাঁথনিৰ পৰা কেনেকৈ দেৱ-দেৱীৰ ৰূপ সৃষ্টি হয়, সেয়া এই কণমানি ল'ৰাটিয়ে বিস্ময়েৰে চাই ৰৈছিল। শৈশৱৰ সেই গভীৰ আগ্ৰহ আৰু নিৰীক্ষণেই যেন তেওঁৰ মনত এগৰাকী শিল্পী হোৱাৰ প্ৰথমটো সপোনৰ বীজ সিঁচি দিছিল।
 
মৃৎশিল্পীসকলৰ হাতত প্ৰতিমা গঢ় লৈ উঠা দেখি এদিন কিংশুকৰ মনতো নিজ হাতেৰে মা দুৰ্গাক গঢ় দিয়াৰ তীব্ৰ হেঁপাহ জাগি উঠিল। সেই ইচ্ছা মৰ্মেই তেওঁ কামত লাগি পৰিল। পুত্ৰৰ এই প্ৰৱল ধাউতিৰ কথা বুজিব পাৰি পিতৃ অনুপ সৰকাৰে তেওঁক প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি আনি দিয়ে। তাৰ পিছতেই নিজৰ কল্পনা আৰু সৃজনশীলতাক সাৰথি কৰি মাটিৰ লাডুৰ পৰা ১১ বছৰীয়া কিংশুকে গঢ়ি তুলিলে মা দুৰ্গাৰ এক অপৰূপ প্ৰতিমা।
 
কিংশুক সৰকাৰৰ হাতৰ স্পৰ্শত দেৱী দুৰ্গা মূৰ্তি 
 
পুত্ৰৰ এই প্ৰতিভা দেখি পিতৃ অনুপ সৰকাৰৰ লগতে পৰিয়ালৰ সকলো সদস্যই যথেষ্ট গৌৰৱবোধ কৰিছে। অনুপ সৰকাৰে জানিবলৈ দিয়া মতে, সৰুৰে পৰাই মাটিৰ প্ৰতি পুত্ৰৰ এক সুকীয়া টান তেওঁলোকে লক্ষ্য কৰি আহিছিল। মাটি লৈ খেলি থাকোঁতেই প্ৰতিমা নিৰ্মাণৰ প্ৰতি কিংশুকৰ যে এক গভীৰ আগ্ৰহ আছে, সেয়া তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল। সেয়েহে তেওঁলোকে শিশুটিৰ ইচ্ছাক সদায়েই গুৰুত্ব দি আহিছে। পুত্ৰৰ এই প্ৰতিভাক আগুৱাই নিবলৈ তেওঁলোকে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত।
 
দুৰ্গাপূজাৰ পূৰ্বেই মাত্ৰ ১১ বছৰ বয়সত কিংশুকে কৰা এই সৃষ্টি এতিয়া সমগ্ৰ অঞ্চলটোৰ মানুহৰ মাজত চৰ্চাৰ মূল বিষয় হৈ পৰিছে। বয়সত সৰু হ'লেও তেওঁৰ কল্পনাৰ পৰিসৰ যে কিমান বিশাল, সেয়া কিংশুকে মাটিৰে নিৰ্মাণ কৰা এই দুৰ্গা প্ৰতিমাটোৰ জৰিয়তেই প্ৰমাণ কৰি দিছে। স্থানীয় ৰাইজৰ বিশ্বাস- যদিহে সঠিক প্ৰশিক্ষণ লাভ কৰে, তেন্তে এদিন এই কণমানি শিল্পীগৰাকীয়ে প্ৰতিমা শিল্পৰ জগতখনত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব।
 
কিংশুক সৰকাৰৰ হাতৰ স্পৰ্শত দেৱী দুৰ্গা মূৰ্তি  
 
যিখন হাতেৰে এতিয়াও স্কুলৰ বহী-কলম ধৰিবলগীয়া বয়স, সেইখন হাতেৰেই এতিয়া সৃষ্টি হৈছে মৃৎশিল্পৰ এক নতুন আৰু উজ্জ্বল সম্ভাৱনা। নিজৰ এই অসাধাৰণ সৃষ্টিৰ বাবে কিংশুক এতিয়া চাৰিওফালে ভাইৰেল হৈ পৰিছে। বহুতৰ মতে, মা দুৰ্গাৰ মূৰ্তি গঢ়ি গঢ়িয়েই হয়তো এই প্ৰতিভাধৰ শিশুটিয়ে নিজৰ ভৱিষ্যতৰ সোণালী পথটো মুকলি কৰিবলৈ শিকিছে। এটা কথা নিশ্চিত যে, ১১ বছৰীয়া এই শিশু শিল্পীগৰাকীৰ হাতত মাটিৰ লাডুৱে কেৱল এক আকাৰেই পোৱা নাই, ইয়াৰ জৰিয়তে প্ৰাণ পাই উঠিছে এটি সুন্দৰ আৰু জীৱন্ত সপোন।


শেহতীয়া খবৰ