বিভেদ সৃষ্টিকাৰীসকলে বাৰে বাৰে শুনক ভূপেন হাজৰিকাৰ কালজয়ী গীত: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Story by  Munni Begum | Posted by  Munni Begum • 4 h ago
নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
মুন্নী বেগম
 
"এগৰাকী ভাল ভাৰতীয় হ'বলৈ এগৰাকী ভাল অসমীয়া হোৱাটোও প্ৰয়োজন। নিজৰ ভাষা, সংস্কৃতি আৰু মাতৃভূমিৰ প্ৰতি ভালপোৱাই ৰাষ্ট্ৰীয় ঐক্যৰ ভাৱনাক অধিক শক্তিশালী কৰে বুলি সুধাকণ্ঠৰ আদৰ্শৰ পৰা বুজিব পাৰি।" দেওবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সেই সময়ত ভূপেন হাজৰিকাই দেশৰ যুৱ সমাজক ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু হোৱাৰ আহ্বান জনাইছিল।
 
ড° ভূপেন হাজৰিকাক এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আৰু জাতীয় ঐক্যৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সুধাকণ্ঠই সংগীতৰ মাধ্যমেৰে সমাজক একত্ৰিত কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ মতে, ভূপেন হাজৰিকাই কেৱল গান লিখা নাছিল, তেওঁ এটা যুগৰ কথা লিখিছিল। ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি হাজৰিকাৰ দায়বদ্ধতা আছিল অতুলনীয়। 
অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰসংগতো প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ আদৰ্শৰ কথা উল্লেখ কৰিছে। বিগত কেইবছৰমানত অসমৰ বহু লোকে হিংসাৰ পথ ত্যাগ কৰি উন্নয়ন আৰু মানৱতাৰ পথ বাছি লোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপসমূহ হাজৰিকাৰ আদৰ্শৰদ্বাৰা অনুপ্ৰাণিত।  
 
প্ৰধানমন্ত্ৰী মোদীয়ে শিল্পীগৰাকীৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ কথাও উল্লেখ কৰি তেওঁ ভূপেন হাজৰিকাক অসমৰ সন্তান আৰু নিজৰ ৰাজ্য অৰ্থাৎ গুজৰাটৰ জোঁৱাই বুলি আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী কয় যে, তেওঁৰ সংগীতৰ প্ৰভাৱ দল বা দেশৰ বহু উৰ্দ্ধত আছিল। নিউয়ৰ্কত থকা সময়ছোৱাত হাজৰিকাই আমেৰিকাৰ সংগীতশিল্পী তথা নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী পল ৰবছনৰ সংগীতৰ সৈতে পৰিচিত হয়। ৰবছনৰ কণ্ঠত ‘অ’ল মেন ৰিভাৰ’ (Ol’ Man River) শুনি অনুপ্ৰাণিত হৈ হাজৰিকাই ৰচনা কৰে ‘বিস্তীৰ্ণ পাৰৰে’ গীতটি। মিছিছিপি নদীৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰে — দুয়োপাৰৰ মানুহৰ অসীম দুখ-দুৰ্দশা দেখিও এখন নদী কেনেকৈ নীৰৱে বৈ থাকিব পাৰে?    
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত সদিয়াত জন্মগ্ৰহণ কৰা হাজৰিকাই চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাচাহেব ফালকে বঁটাও লাভ কৰিছিল। হাজৰিকাৰ নিজৰ ৰাজহুৱা জীৱনত নিৰ্বাচনী ৰাজনীতিও আছিল। নিৰ্দলীয় হিচাপে অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰি ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ বিজেপিৰ টিকটত গুৱাহাটীৰ পৰা লোকসভাৰ হৈ অৱতীৰ্ণ হৈ কংগ্ৰেছ প্ৰাৰ্থী কিৰিপ চলিহাৰ হাতত পৰাস্ত হৈছিল। 
 
অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা জনোৱাৰ লগতে ভূপেন হাজৰিকাৰ সাংস্কৃতিক যাত্ৰাক ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এক অনন্য উদাহৰণ বুলি অভিহিত কৰে। অসমীয়া, বাংলা আৰু হিন্দী ভাষাত হাজৰিকাৰ সৃষ্টিৰাজিয়ে দেশৰ বিভিন্ন অঞ্চলৰ মাজত সাংস্কৃতিক সংযোগ স্থাপন কৰিছিল বুলি তেওঁ মন্তব্য কৰে। 
 
২০১৯ চনত ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে ধলা-শদিয়া সংযোগী সেতুখন তেওঁৰ নামেৰে নামকৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰে।
অনুষ্ঠানত ভূপেন হাজৰিকাৰ সংগীতৰ সৈতে জড়িত স্মৃতি আৰু সাংস্কৃতিক অৱদানক বিশেষভাৱে স্মৰণ কৰা হয়। হাজৰিকাৰ গীতৰ জৰিয়তে অসমৰ সংস্কৃতি, মানৱতা আৰু জাতীয় চেতনাক দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ কথাও অনুষ্ঠানত প্ৰতিফলিত হয়।
 
ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। ১১ হাজাৰ শিল্পীৰ একেলগে বিহু পৰিৱেশন কৰাৰ লগতে, বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য আৰু চাহ জনগোষ্ঠীৰ শিল্পীৰ ঝুমুৰ নৃত্যৰ কথা স্মৰণ কৰি মোদীয়ে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ কথা উল্লেখ কৰে। অসমৰ শিল্পীসকলে দিল্লীত পুনৰ ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটোৱা বুলিও তেওঁ উল্লেখ কৰে। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, ভাৰতৰ সাফল্যত অসন্তুষ্ট হৈ বিভেদৰ জৰিয়তে ক্ষমতা লাভৰ সপোন দেখা লোকসকলে ভূপেন হাজৰিকাৰ গান বাৰে বাৰে শুনা উচিত, তেতিয়া হয়তো তেওঁলোকৰ সুবুদ্ধি উদয় হ’ব। দেশৰ সাফল্যত অসন্তুষ্ট হৈ থকা ৰাজনৈতিক প্ৰতিপক্ষক কটাক্ষ কৰি তেওঁ এনে লোকক ‘নৰাজ ফুফা’ৰ সৈতে তুলনা কৰে। 
প্ৰধানমন্ত্ৰী গৰাকীয়ে কোনো ৰাজনৈতিক দলৰ নাম উল্লেখ নকৰাকৈ কয় যে, ভাৰতীয়সকলৰ ভাষা, খাদ্যাভ্যাস আৰু জীৱনশৈলী ভিন্ন হ'লেও এখন বিকশিত ভাৰত গঢ়াৰ সংকল্প সকলোৰে একেই। কিন্তু বিভেদ সৃষ্টি কৰি ক্ষমতা লাভৰ সপোন দেখা আৰু দেশখনক খণ্ড খণ্ডকৈ চোৱা লোকসকলৰ বাবে এই ঐক্যৰ ধাৰণা গ্ৰহণযোগ্য নহয়। এনে লোকসকলে ভূপেন হাজৰিকাৰ গান বাৰে বাৰে শুনিলে হয়তো তেওঁলোকৰ মনোভাৱ সলনি হ'ব।
 
আনহাতে, জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰখ্যাত কণ্ঠশিল্পী উষা মংগেশকাৰকো বিশেষভাৱে সন্মানিত কৰা হয়। ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি অসমীয়াৰ মাজত জনপ্ৰিয় কৰি তোলাত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে প্ৰৱৰ্তন কৰা ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা’ৰ প্ৰথমগৰাকী প্ৰাপক হিচাপে উষা মংগেশকাৰক নিৰ্বাচিত কৰা হয়। এই বঁটাত ১০ লাখ টকা আৰু মানপত্ৰ আছে। প্ৰতি তিনিবছৰৰ মূৰে মূৰে সংগীত, কলা অথবা চলচ্চিত্ৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। 
 
২০২৫ চনৰ ৮ ছেপ্টেম্বৰত গুৱাহাটীত আৰম্ভ হোৱা ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ সামৰণি দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয়। জন্ম শতবৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ১০০ টকীয়া স্মৃতি মুদ্ৰা উন্মোচন কৰাৰ লগতে ২১টা ভাষাত প্ৰকাশিত হাজৰিকাৰ জীৱন আৰু কৰ্মৰ জীৱনী উন্মোচন কৰিছিল। সামৰণি অনুষ্ঠানত ভূপেন হাজৰিকাৰ মানৱতাবাদী আৰু ঐক্যৰ বাৰ্তা বহন কৰা ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat, Brother’ গীত দুটাৰ সমবেত পৰিৱেশনো অনুষ্ঠানৰ অন্যতম বিশেষ আকৰ্ষণ আছিল।