শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকুত ২৩ টা দিন; কেনে আছিল শেখৰ বৰদলৈৰ ব্যতিক্ৰমী আৰু দুঃসাহসিক অন্বেষণ

Story by  Ariful Islam | Posted by  Munni Begum • 40 m ago
শেখৰ বৰদলৈ
শেখৰ বৰদলৈ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
অদম্য সাহস, ইচ্ছা শক্তি আৰু প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেম থাকিলে মানুহে যে অসাধ্য সাধন কৰিব পাৰে, তাৰেই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অসমৰ নগাঁও জিলাৰ শেখৰ বৰদলৈয়ে। নিজ হাতে সজা এখন বাঁহৰ ভুৰত উঠি শদিয়াৰ পৰা ধুবুৰীলৈ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি তেওঁ সফলতাৰে সম্পন্ন কৰিছে এক ২৩ দিনীয়া দুঃসাহসিক যাত্ৰা। কেৱল এক ৰোমাঞ্চকৰ অভিযান বুলিয়েই নহয়, পৰিৱেশ সজাগতা আৰু নদী পৰ্যটনৰ এক বৃহৎ বাৰ্তা কঢ়িয়াই অনা শেখৰৰ এই যাত্ৰাৰ ধুবুৰীত সামৰণি পৰে।
 
চলিত বৰ্ষৰ ১ নৱেম্বৰত শদিয়াৰ পৰা আৰম্ভ হোৱা এই বিশেষ অভিযানটোৰ নাম ৰখা হৈছিল 'কিনতাপ'। এই যাত্ৰাৰ আঁৰৰ অনুপ্ৰেৰণা আছিল এগৰাকী ব্ৰিটিছ চোৰাংচোৱা, যিয়ে অতীতত ব্ৰিটিছ চৰকাৰৰ হৈ ব্ৰহ্মপুত্ৰ আৰু তিব্বতৰ য়াৰলুং চাংপো যে প্ৰকৃততে একেখনেই নদী, সেই কথা প্ৰতিষ্ঠা কৰিবলৈ এক অতিশয় কষ্টকৰ যাত্ৰা কৰিছিল। তেওঁৰ সেই দুঃসাহসৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে বৰদলৈয়ে বাটত অহা একাধিক প্ৰত্যাহ্বান নেওচি একেৰাহে ২৩ দিন ধৰি এই যাত্ৰা সম্পূৰ্ণ কৰে।
 
 
'আৱাজ- দ্য ভইচ’ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত শেখৰ বৰদলৈয়ে কয়ঃ "নাওখন মই ধলা-শদিয়া দলং ওচৰতে প্ৰস্তুত কৰিছিলোঁ। নাওখন প্ৰস্তুত কৰোঁতে প্ৰায় ৪০ ডাল বাঁহ ব্যৱহাৰ কৰা হৈছিল। মন্দিপ সোণোৱাল নামৰ এগৰাকী ভাতৃয়ে নাওখন প্ৰস্তুত কৰোঁতে মোক সহায় কৰিছিল। মই 'কিনতাপ' নামটো এগৰাকী ব্ৰিটিছ চোৰাংচোৱাৰ পৰা অনুপ্ৰাণিত হৈ ৰাখিছিলোঁ। সেই চোৰাংচোৱাজনেও অকলে এখন নাও লৈ এনেকুৱা দুঃসাহসিক যাত্ৰা কৰিছিল।"
 
"ব্ৰহ্মপুত্ৰ নৈখনৰ মাজেৰে আহিলে এখন বৰ ধুনীয়া আৰু নান্দনিক প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ অসম দেখা পায়। শদিয়াৰ পৰা ধুবুৰীলৈ নৈৰ পাৰে পাৰে বেলেগ বেলেগ সংস্কৃতিক মানুহ দেখা পাইছোঁ। তেওঁলোকৰ জীৱন-ধাৰণৰ প্ৰণালী বেলেগ বেলেগ। বিভিন্ন বেলেগ বেলেগ ধৰণৰ চৰাই-চিৰিকটি দেখিবলৈ পাইছোঁ। প্ৰব্ৰজন কৰি অহা চৰাইবোৰ সাধাৰণতে নৈখনৰ পাৰৰ সেই ঠাইবোৰতে থাকে, য'ত মানুহৰ জনসংখ্যা কম। আৰু এতিয়া ঠাণ্ডাৰ দিনৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়খিনি বৰ ভাল লাগে", বৰদলৈয়ে কয়। 
 
শেখৰ বৰদলৈয়ে নিতৌ পুৱা ৫.৩০ মান বজাত নাও মেলি দিয়ে আৰু দিনটো তেওঁ আগবাঢ়ি আহি থাকে, আবেলি ৪-৪.৩০ মান বজাত তেওঁ নৈখনৰ পাৰত ৰখি ৰাতি হ'লে বিশ্ৰাম কৰিছিল। "দিনৰ মোৰ খোৱা-লোৱাৰ নিৰ্দিষ্ট একো নাথাকে, দিন-ৰাতিৰ ভিতৰত মই এবাৰেই বনাই ৰাতিৰ সাজ খাওঁ। দিনত ভোক লাগিলে খেজুৰ, কল, বিস্কুট, বুট-মগু এইবোৰ খাই থাকিছিলোঁ। আন্ধাৰ হোৱাৰ আগতেই মই ৰাতিৰ খাদ্য খাই লওঁ আৰু নাওখনৰ ভিতৰতে মই আঁঠুৱাখন লগাই শুই যাওঁ", শেখৰে কয়। 
 
 
অৱশ্যে, বৰদলৈৰ বাবে এই যাত্ৰা কেৱল এক ব্যক্তিগত অভিলেখ বা দুঃসাহসিক ক্ৰীড়াতেই সীমাবদ্ধ নাছিল। যাত্ৰাপথত তেওঁ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ প্ৰদূষণৰ দিশটোও প্ৰত্যক্ষ কৰে। জনবসতি থকা অঞ্চলসমূহত বিশেষকৈ গুৱাহাটীৰ উজান বজাৰ আৰু ভৰলুমুখৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলবোৰৰ মাজেৰে পাৰ হৈ যাওঁতে তেওঁ নদীৰ পাৰত আৰু চৌপাশে প্ৰচুৰ পৰিমাণে আৱৰ্জনা পৰি থকা দেখিবলৈ পায়। নদীখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু মানৱসৃষ্ট কাৰ্যকলাপৰ ফলত হোৱা ক্ৰমবৰ্ধমান প্ৰদূষণৰ এই বিপৰীতমুখী ছবিয়ে তেওঁৰ মনত গভীৰ সাঁচ বহুৱায়।
 
শেখৰে কয়ঃ "য'ত মানুহ আছে, তাত নদীখন বহুত লেতেৰা। বহুত বেছি মহ, গুজান ঘাটত লেতেৰা পাইছোঁ। গুৱাহাটীত নদীখন বহুত লেতেৰা। ষট পূজাৰ পিছদিনা গুৱাহাটী আহি পাইছোঁ, বহুত বস্তু পেলাই নদীখন একেবাৰে লেতেৰা কৰি থৈ গৈছে। ভৰলুৰ ওচৰে-পাজৰে একেবাৰেই লেতেৰা। ঘন জনবসতি থকা অঞ্চলত নদীখনত বহুত প্ৰদূষণ দেখিবলৈ পাইছোঁ।"
 
ধুবুৰীত উপস্থিত হোৱাৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি শেখৰে বৰদলৈয়ে কয়ঃ "'কিনতাপ' যাত্ৰাৰ মূল উদ্দেশ্য আছিল যে, আমাৰ ইমান ধুনীয়া বৃহৎ নদী এখন আছে। নৈপৰিয়া মানুহৰ বিভিন্ন সংস্কৃতি আছে, যিবোৰ ভালদৰে এতিয়াও মানুহে নাজানে। নৈখনৰ মাজেৰে আহোঁতে মই যিবোৰ ঠাই দেখি আহিছোঁ, মই ভাবো যে, আমাৰ অসমৰ মানুহে সেইবোৰ ঠাই এতিয়ালৈ দেখা নাই। নদী পৰ্যটনৰ বাবে চৰকাৰে নৈপৰীয়া মানুহখিনিক লৈ বিভিন্ন ভাল ভাল কাম কৰিব পাৰে। তদুপৰি প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ বহুত কাম কৰিবলগীয়া আছে, সেইবোৰ কাম আমি কৰিব লাগিব। বহু ঠাইত মই দেখিছোঁ, আমাৰ সাধাৰণ মানুহৰ দৰে নৈপৰীয়া লোকসকল নহয়, তেওঁলোকে বাহিৰৰ পৃথিৱীখনত কি চলি আছে ভালদৰেই নাজানেই। তেওঁলোক যথেষ্ট অমায়িক স্বভাৱৰ। মোক তেওঁলোকে বহুত সহায় কৰিছে। বিভিন্ন খোৱাবস্তু দিছে।"
 
 
"প্ৰথমতে মোক বাঁহৰ ভুৰখনত নৈখনত এনেকৈ দেখাৰ লগে লগে তেওঁলোকে সাপে দংশন কৰা মানুহক উটুৱাই দিয়া বুলিয়ে ভাবে। তাৰপিছত তেওঁলোকে মোৰ সৈতে কথা পাতোঁতে মই সকলোখিনি কথা বুজাই কওঁ। তেতিয়া তেওঁলোকেও বুজি পাওঁ। বিহাৰী, আদিবাসী, মিছিং, মুছলমান সকলো মানুহকে নৈখনৰ পাৰত দেখা পাইছোঁ। তেওঁলোকে মোৰ সৈতে খুব ধুনীয়াকৈ কথা পাতে আৰু আনকি বহুতেই মোৰ ফোন নম্বৰ লৈ লৈছে, কিমান আহি পালোঁ মাজে মাজে ফোন কৰি সুধি থাকে। মই লগ পোৱা প্ৰায়বোৰ নৈপৰীয়া মানুহৰ মনবোৰ একেবাৰে নিভাঁজ", শেখৰ বৰদলৈয়ে কয়। 
 
এই দীঘলীয়া যাত্ৰাকালত তেওঁ এক কঠোৰ দৈনন্দিন অনুশাসন মানি চলিছিল। প্ৰতিদিনে পুৱা প্ৰায় ৫ বজাত তেওঁ যাত্ৰা আৰম্ভ কৰিছিল আৰু আবেলি ৫ বজাত যাত্ৰাৰ সামৰণি মাৰিছিল। যাত্ৰাপথত তেওঁক এটা সহযোগী দলে সহায় কৰিছিল, যিয়ে বাহিৰৰ পৰা তেওঁক খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ নিয়মীয়াকৈ যোগান ধৰিছিল। অকলশৰীয়া এই যাত্ৰাত তেওঁ গভীৰ হাবি-জংঘল, গাঁও আৰু মানুহৰ বসতিৰ কোনো চিন-মোকাম নথকা বিশাল বিস্তীৰ্ণ অঞ্চলসমূহ পাৰ হৈ আহিছিল।
 
পূৰ্বৰ কেইবাটাও নদী অভিযানৰ অভিজ্ঞতাই তেওঁক এই একক যাত্ৰাৰ বাবে সাহস যোগাইছিল। বৰদলৈয়ে কয়, "মোৰ প্ৰথমটো বাঁহৰ ভুৰৰ যাত্ৰা আছিল আজিৰ পৰা এক দশকৰো অধিক সময়ৰ আগতে, য'ত আমি ধলাৰ পৰা গুৱাহাটীলৈ আহিছিলো। তাৰ পিছত ২০২০ চনত আমি 'চিবুক' নামৰ আন এক অভিযানলৈ গৈছিলো, য'ত মাজুলীৰ পৰা উমানন্দলৈ যাত্ৰা কৰা হৈছিল। মোৰ তৃতীয়টো যাত্ৰা আছিল সোৱণশিৰি নদীৰে গোগামুখৰ পৰা তেজপুৰলৈ। এই সকলোবোৰ অভিজ্ঞতাই মোক অকলশৰে বাঁহৰ ভুৰত যাত্ৰা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।"
 
উল্লেখ্য যে, যাত্ৰাত ব্যৱহাৰ কৰা এই বিশেষ বাঁহৰ ভুৰখন ৪০ ডালতকৈও অধিক বাঁহ ব্যৱহাৰ কৰি সম্পূৰ্ণ ছয় দিনৰ কষ্টৰ ফলত সাজি উলিওৱা হৈছিল। অসমত পৰ্যটনৰ বাবে নদী যাত্ৰাৰ এক বিশাল সম্ভাৱনা আছে বুলি দৃঢ় বিশ্বাস ৰখা বৰদলৈয়ে ভৱিষ্যতেও যিকোনো উপায়েৰে ৰাজ্যখনৰ পৰ্যটনক প্ৰসাৰিত কৰাৰ কাম অব্যাহত ৰাখিব বুলি জনায়।